চাবুৱাঃ ৰোগীৰ পৰিৱৰ্তে ঔষধ কোম্পানীৰ বিজ্ঞাপন চোৱাতহে ব্যস্ত ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসক৷ চাবুৱাৰ মডেল হাস্পতালত চিকিৎসকে ৰোগী নাচাই ঔষধ কোম্পানীৰ বিজ্ঞাপন চোৱাক লৈ আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷
অভিযোগ মতে বৃহস্পতিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চাবুৱা আঞ্চলিকৰ কেইজনমান বিষয়ববীয়াই হাস্পতালখনত চকু দেখাবলৈ যাওঁতে দত্ত উপাধিৰ এজন চিকিৎসকে ৰোগী লাইন পাতি থকা অৱস্থাতো ৰোগী নাচাই ঔষধ কোম্পানীৰ দুজন মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ সৈতে কথা পতাত ব্যস্ত হৈ থকা প্ৰত্যক্ষ কৰে৷
সংগঠনটোৰ চাবুৱা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক জগজিত গোহাঁয়ে চিকিৎসকজনক বিজ্ঞাপন নাচাই তেওঁৰ বেমাৰ হৈ থকা চকুটো চাবলৈ কোৱাত চিকিৎসকজনে তেওঁক দুৰ্ব্যৱহাৰ কৰাৰ লগতে চিকিৎসা নকৰো বুলি কোৱাত পৰিস্থিতিৰ পৰিৱেশৰ সৃষ্টি হয়।
যি সময়ত স্বাস্থ্যমন্ত্ৰীয়ে চৰকাৰী হাস্পতালত ব্যক্তিগত কোম্পানীৰ বিজ্ঞাপন চোৱাটো বন্ধ কৰিছে সেই সময়তেই ৰোগীক লাইনত ৰখাই চিকিৎসকে বিজ্ঞাপন চাই থকা কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰে সংগঠনটোৰ সম্পাদকজনে। চিকিৎসকৰ এনে কাণ্ডই স্বাস্থ্যমন্ত্ৰীৰ নিৰ্দেশক ফুটুকাৰ ফেনত পৰিণত কৰিছে বুলিও ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে।