প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ শক্তিশালী ভূমিকম্পই জোকাৰি গ’ল চীন৷ আজি দেশখনৰ ঝীনজিয়াঙত সংঘটিত ৫.৫ মাত্ৰাৰ ভূমিকম্পৰ ফলত ৫ জন লোক মৃত্যুমুখত পৰে৷ ভুমিকম্পৰ ফলত বহু অট্টালিকাৰ ক্ষতিসাধন হোৱাৰ লগতে প্ৰায় ১১ জন লোক আহত হোৱা বুলি বুলি চীনৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে৷

উল্লেখযোগ্য যে চীনৰ ঝীনজিয়াঙ অঞ্চল ভূমিকম্প প্ৰৱন অঞ্চললৈ পৰিগণিত হৈছে৷ অঞ্চলটোত প্ৰায়ে সৰু -বৰ ভূমিকম্প সংঘটিত হৈ থাকে৷