ডিজিটেল ডেস্কঃ ঘৰখনত চাৰিগৰাকী জীয়ৰী। চাৰিওগৰাকীয়ে একেলগে ডাঙৰ-দীঘল হৈছে। ১২ বছৰ পূৰ্বে ঘৰ খনৰ ডাঙৰ জায়ৰীক বিয়া দিয়ে পৰিয়ালটোৱে৷ প্ৰথমে সকলো ঠিকে ঠাকে আছিল৷ বিবাহৰ কিছুদিন পাৰ হোৱাৰ পিছৰে পৰা ডাঙৰ জীয়ৰীক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে স্বামীয়ে৷ উত্তৰ প্ৰদেশৰ জগদীশপুৰৰ অৱসৰ প্ৰাপ্ত সেনা জোৱান বিৰেন্দ্ৰ কুমাৰৰ ৪ গৰাকী কন্যাৰ ভিতৰত ডাঙৰগৰাকীক বিয়া দিছিল পুষ্পেন্দ্ৰ নামৰ সেনা বিষয়া এজনৰ সৈতে৷
কিন্তু বিয়াৰ পিছৰ পৰাই যৌতকুৰ বাবে ডাঙৰ জীয়ৰীক অত্যাচাৰ কৰাৰ আৰম্ভ কৰে স্বামীয়ে৷ তাৰ মাজতে বিৰেন্দ্ৰ কুমাৰৰ সৰু জীয়ৰীৰ বিয়াৰ দিন ঠিক হয়৷ বিয়াৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ লগতে হ’বলগীয়া জোৱাইক দিবৰ বাবে আঙুঠি পৰ্যন্ত কিনি আনে৷ কেনেবাকৈ আঙুঠি কিনি অনাৰ কথা ডাঙৰ জোৱায়েক অৱগত হয়৷ তাৰ পিছতে তথা বিবাহৰ দিনটোতে ডাঙৰ জীয়ৰীৰ দেহত জুই লাগাই হত্যা কৰে স্বামীয়ে৷
দৰা আহি পোৱাৰ কেইটামান ঘন্টাৰ পূৰ্বে এখন চোতালতে এগৰাকী ভগ্নী কইনাৰ সাজত আন এগৰাকী কাপোৰেৰ ঢাকি থোৱা অৱস্থাত৷ বিবাহৰ কেইটামান ঘন্টা বাকী থকা এই ঘটনাৰ পিছত শোকত ভাগি পৰে পৰিয়ালটোৱে৷ ইফালে বিবাহৰ মাত্ৰ কেইটামান ঘন্টা৷ যাৰ বাবে পৰিয়ালটো বিপদতো পৰে৷ তাৰ পিছত আহিল সকলোৰে চিন্তা আৰম্ভ হ’ল বিয়া সন্দৰ্ভত৷
তাৰ পিছতো দৰা আহি ওলাল কইনাৰ ঘৰত৷ আলোচনা-বিলোচনা কৰি দৰাই তেনে পৰিবেশতে বিয়া কৰিবলৈ মান্তি হয়৷ একেখন চোতালতে এগৰাকী জীয়ৰীক শেষকৃত্য কৰাৰ ববে যা-জোগাৰ কৰিছিল আনগৰাকী জীয়ৰীয়ে বিয়াত বহিছিল ৰাইজক সাক্ষী কৰি৷ এই সমস্ত ঘটনা এতিয়া চৰ্চাৰ বিষয়৷ মানৱতা পাহৰি গ’ল ডাঙৰ জোৱাইয়ে আনফালে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে সৰু জোৱাইয়ে৷ ঘটনা সন্দৰ্ভত হত্যাকাৰী জোৱাইৰ বিৰুদ্ধে গোচৰ তৰে পৰিয়ালটোৱে৷