• মোদী, ৰাহুলৰ কথাত শান্তি ঘুৰি নাহে: ইউ জি ব্ৰহ্ম

  • বড়ো সমস্যা সমাধানৰ বাবে বড়ো-অবড়ো লোকৰ মতামতৰ গুৰুত্ব সমান: প্ৰমোদ

ওদালগুৰি ৬ এপ্ৰিল: বি টি চিত হাগ্ৰামাৰ হাতত নাই কোনো নিজা আচনি। সেয়ে সোনৰ বাৱে তিনিবাৰ বিবাহ হবলৈ কৈছে মহিলা সকলক। ওদালগুৰিত ইউ পি পি এলৰ নিৰ্বাচনী সভাত এই অভিযোগ কৰে এবছু সভাপতি প্ৰমোদ বড়োৱে। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ওদালগুৰিতো  চলিয়ে নিৰ্বাচনৰ গৰম বতাহ। 

বিজেপি-বিপিএফৰ পিচত আজি শনিবাৰে ওদালগুৰি চহৰত অনুষ্ঠিত হয় মংগলদৈ লোকসভা সমষ্টিৰ ইউ পি এল দলৰ প্ৰাৰ্থী প্ৰদীপ দৈমাৰীৰ নিৰ্বাচনী সভা। সভাত অংশ গ্ৰহণ কৰি ইউ পি পি এলৰ সভাপতি ইউ জি ব্ৰহ্ম আৰু এবছুৰ সভাপতি প্ৰমোদ বড়োৱে বিজেপি-বিপিএফৰ লগতে কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে। ভাষন প্ৰসংগত ব্ৰহ্মই কয় বি এটি চিত এলেকাত বি জে পি বা কংগ্ৰেছৰ কোনো মুল্য নাই। পূৰ্ৱে এই মূল্য বিপিএফৰ আছিল যদিও বিজেপিৰ সৈতে বিলীন হৈ এতিয়া বিপিএফৰো কোনো মুল্য নোহোৱা হৈ পৰিছে। লগতে তেওঁ  নৰেন্দ্ৰ মোডী বা ৰাহুল গান্ধীৰ মুখৰ কথাত শান্তি ঘুৰি নাহে বুলি উল্লেখ কৰি শান্তিৰ বাবে সকলোকে একেলগে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। 

দিল্লীত মঙ্গলদৈ সমষ্টিৱাসীৰ হৈ মাত মাতিবলৈ ব্ৰহ্ম‌ই মংগলদৈ লোকসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ দৈমাৰীক বিপুল জয়ী কৰি পঠাবলৈ আহ্বান জনায়। ইপিনে উক্ত সভাত অংশ গ্ৰহন কৰি এবছুৰ সভাপতি প্ৰমোদ বড়োৱে  বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু বিজেপি তথা কংগ্ৰেছৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰা দেখা যায়। বিজেপিয়ে বিগত ১৫ বছৰে  মংগলদৈ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিলে কিন্তু  ওদলগুৰি জিলা খনৰ কোনো এটা বিষয়ত উন্নয়ন নহল। সাংসদ হল গুচি গল, কিন্তু আমাৰ সমস্যা সমস্যা হৈয়ে থাকিল। হাগ্ৰামা মহিলাৰীয়ে কেৱল টকাৰ বাৱেই দিল্লীৰ চৰকাৰৰ সৈতে দৰ দাম কৰি চলি থকা বুলি সমালোচনা কৰে। অসমৰ সমান্তৰালভাৱে বিটিচি অঞ্চলতো আঞ্চলিকতাবাদৰ প্ৰয়োজন আছিল যদিও আঞ্চলিক দলবোৰে ক্ষমতাৰ স্বাৰ্থত আনৰ বোকোচাত উঠি আঞ্চলিকতাবাদক জলাঞ্জলি দিছে। 

হাগ্ৰামাই ওদালগুৰিৰ এখন নিৰ্বাচনী সভাত মহিলা সকলক সোণ লাভৰ বাবে তিনিবাৰকৈ বিবাহ হবলৈ কোৱাৰ ক্ষেত্ৰতো তীব্ৰ ক্ষোভ প্ৰকাশ কৰে এবছুৰ সভাপতি বড়োৱে। হাগ্ৰামাৰ হাতত কোনো আচনি নথকা বাবে মহিলাসকলক সোণৰ লোভত তিনিবাৰ বিবাহ হবলৈ কোৱা বুলি তেওঁ অভিযোগ কৰে। এয়া কেৱল মহিলা সকলৰ বাৱে সকলোৰে বাৱে অপমান জনক বুলি এবছু নেতা গৰাকীয়ে সাংবাদিকৰ ওচৰত মন্তব্য কৰে। ইফালে হাগ্ৰামাই বিটিচি অঞ্চলত বড়ো-অনাবড়োক লৈ ৰাজনীতি কৰি থকা বুলি অভিযোগ কৰি প্ৰমোদ বড়োৱে কয় যে বিটিচিত অবড়ো লোকক মনোনীত সদস্য হিচাপে স্থান নিদিয়াটোৱেই হাগ্ৰামাৰ অবড়োপ্ৰীতিৰ লক্ষণ। আজি বড়ো সমস্যা সমাধানৰ ক্ষেত্ৰ কোনো এটা ৰাজনৈতিক দল আগবাঢ়ি নহা বুলি উল্লেখ কৰি সভাপতি বড়োৱে কয় যে বড়ো সমস্যা সমাধানৰ বাবে বড়ো-অবড়ো সকলো লোকৰে মতামত প্ৰয়োজন। শেষত  ছাত্ৰ নেতা গৰাকীয়ে  সংসদত মাত মাতিব পৰা প্ৰাৰ্থীকহে দিল্লীলৈ বাচনি কৰি পঠাবলৈ সকলোকে আহ্বান জনায়।