মাৰ্ঘেৰিটাত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ তুংগত,বিজেপিৰ বিশাল নিৰ্বাচনীসভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

লিডুঃ ৰাজ্যৰ সকলোতে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ ঢৌ। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত ৰাজনৈতিক দল সমূহৰ মাজত এতিয়া  ব্যাপক তৎপৰতা বৃদ্ধি পোৱাৰ পৰিলক্ষিত হৈছে ৷ কি অপগ, কি কংগ্ৰেছ সকলোৱে এতিয়া নিজ নিজ দলৰ প্ৰাৰ্থীক জয়ী কৰাবৰ বাবে অভিনৱ কৌশলেৰে  নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰা দেখা গৈছে ৷ 

পিছপৰি ৰোৱা নাই শাসনাধিষ্ঠ বিজেপিৰ প্ৰাৰ্থী সকলো৷ আজি মাৰ্ঘেৰিটাত শাসনাধিষ্ঠ বিজেপিৰ প্ৰাৰ্থী সকলে এক বিশাল  নিৰ্বাচনীকেন্দ্ৰীক জনসভাৰ আয়োজন কৰে ৷ এই সভাত উপস্থিত থাকে অসমৰ মাননীয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে ডিব্ৰুগড়ৰ লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী আৰু  ৰাজ্যিক বিজেপিৰ  বহুকেইজন প্ৰভাৱশালী নেতা ৷ 

বৰগোলাইৰ বাঁহবাৰীস্থিত ফ্লিডত আয়োজন কৰা এই বিশাল সমাবেশত বিজেপিৰ দলৰ মাৰ্ঘেৰিটা সদৰ মণ্ডল আৰু ব্লক মণ্ডলৰ জেষ্ঠ নেতা-কৰ্মী সকলৰ লগতে সাংসদ ৰামেশ্বৰ তেলীয়ে ভাষন প্ৰসংগত আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে কংগ্ৰেছক প্ৰতিহত কৰি মহকুমাটোত বৃহৎ ব্যৱধানত জয়লাভ কৰাটো নিশ্চিত বুলি গুৰুত্বপূৰ্ন মন্তব্য আগবঢ়ায়৷ লগতে আগন্তুক নিৰ্বাচনত মাৰ্ঘেৰিটা মহকুমাৰ পৰা বিজেপিৰ হৈ বিভিন্ন পদত প্ৰাৰ্থীত্ব প্ৰদান কৰা মনোনীত প্ৰাৰ্থী সকলকো এই ক্ষেত্ৰত ৰাইজৰ গুৰুত্বপুৰ্ন স্বাৰ্থক জলাঞ্জলী নিদি সকলো সময়তে ৰাইজৰ কাষক ঠিয় হৈ থাকি ৰাইজৰ উন্নতিৰ হকে কাম কৰি যাবলৈ পৰামৰ্শ দিয়ে ৷ 

ইফালে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ ভাষন প্ৰসংগত উল্লেখ কৰি কয় যে অসমৰ ৰাইজৰ গুৰুত্বপুৰ্ন স্বাৰ্থ বিঘ্নিত হ’ব পৰা কোনো কামেই বিজেপিয়ে নকৰে ৷ বিজেপি দল কেৱল ৰাইজৰ পক্ষত ৷ মুখ্যমন্ত্ৰী সোনোৱালে ভাষণ প্ৰসঙ্গত ‘‘বৃহত্তৰ অসমৰ জনগনে  মোক চৰকাৰ চলোৱাৰ দায়িত্ব দিছে। ৰাজ্যখনৰ জাতি,মাটি,ভেটি,ভাষা,সাহিত্য,বাৰেৰহনীয়া কৃষ্টি সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত মই দায়বদ্ধ৷ বৃহত্তৰ অসমীয়া সমাজ  তথা অসমৰ প্ৰত্যেকটো ভাষা-সম্প্ৰদায়ৰ লোক আমাৰ নেতৃত্বত সুৰক্ষিত ৷ তাক লৈ অসমৰ জনগনে কেতিয়াওঁ উদিগ্ন হোৱাৰ প্ৰয়োজন’’ নাই বুলি গুৰুত্বপূৰ্ন মন্তব্য আগবঢ়ায় ৷ লগতে আগন্তুক পঞ্চায়ত  নিৰ্বাচনৰ প্ৰাক-ক্ষনত বিজেপিক প্ৰতিহক কৰিবলৈ কিছুমান অপশক্তিয়ে  নিতৌ নতুন নতুন কৌশল অৱলম্বনেৰে বিজেপিৰ বিৰুদ্ধে  ভুৱা প্ৰচাৰ অব্যাহত ৰাখিছে যদিও তেনেধৰনৰ প্ৰচাৰ ভিত্তিহীন বুলি উল্লেখ কৰে  ৷ 

লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ভাষন প্ৰসংগত শ্ৰমিকসকলৰ প্ৰসংগত কয় যে, শ্ৰমিকসকলৰ কল্যান অবিহনে দেশৰ সৰ্বাঙ্গীন উন্নয়ন অসম্ভৱ ৷ বিগত সময়ত কংগ্ৰেছ চৰকাৰে অসমৰ বিভিন্ন  শ্ৰমিকসকলক একপ্ৰকাৰে চৰম প্ৰতাৰনা কৰি বিভিন্ন চৰকাৰী সুবিধাৰ পৰা বঞ্চিত কৰি আহিল কিন্তু যেতিয়াই কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ আহিল তেতিয়াই চৰকাৰখনে বিজ্ঞানসন্মত মানসিকতাৰে শ্ৰমিকসকলক উদ্বুদ্ধ কৰি ৰাজ্যখনৰ শ্ৰমিকসকলৰ উন্নয়নৰ কাৰণে কাম কৰি আহিছে৷ যাৰ উদাহৰন স্বৰূপে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা বিস্তাৰিত পোৱা "জন-ধন" যোজনা আচনি খনৰ নাম উল্লেখ কৰে ৷

উল্লেখযোগ্য যে আজিৰ সভাতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ  সোনোৱালে মাৰ্ঘেৰিটাবাসীৰ বহু প্ৰত্যাশিত "লিডুৰ উদ্যোগিক বানিজ্য কেন্দ্ৰ’’( ITI ) খনৰ প্ৰতিষ্ঠা নিশ্চিত হোৱাৰ আশ্বাস প্ৰদান কৰে ৷ 

আজিৰ সভাই এককথাত আগন্তুক নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিব পৰাটো  কংগ্ৰেছৰ বাবে যে এক বৃহৎ প্ৰত্যাহবান ৰূপে পৰিগনিত হব তাকে প্ৰতীয়মান কৰিলে ৷

উজ্জ্বল চৌধুৰী,লিডু