nbt
nbt

newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ বাৰামুলা জিলাৰ ৰফিয়াবাদত পুনৰ সেনাৰ গুলি নিহত হৈছে ৪ সন্ত্ৰাসবাদী। ৰফিয়াবাদৰ ঘন জংঘলত লুকাই থকা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলোৱাৰ সময়তে  সেনাৰে সংঘৰ্ষ লাগে সন্ত্ৰাসবাদীয়ে। সংঘৰ্ষত ৪ গৰাকী সন্ত্ৰাসবাদী নিহত হয়। বৰ্তমানেও এগৰাকী সন্ত্ৰাসবাদী থিতাপি লৈ থকাত সেনাই অভিযান চলাই গৈছে।

আৰক্ষীৰ মতে সন্ত্ৰাসবাদী সন্দৰ্ভত বিশেষ খবৰ লাভ কৰাৰ ফলত সেনাই ৰফিয়াবাদৰ বন এলেকা ঘেৰি লৈ তীব্ৰ অভিযান চলাই। বনৰ মাজত থিতাপি লৈ থকা সন্ত্ৰাসবাদীয়ে সেই সময়ত নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি গুলিচালনা কৰে। তাৰ লগে লগে দুয়োপক্ষৰ দীৰ্ঘ সময় সংঘৰ্ষ লগাত ৪ সন্ত্ৰাসবাদী নিহত হয়।

জানিব পৰা মতে, সন্ত্ৰাসবাদীয়ে নিয়ন্ত্ৰণ ৰেখাৰ পাৰ হৈ ভিতৰলৈ আহিবলৈ চেষ্টা কৰিছিল। স্বাধীনতা দিৱসৰ পূৰ্বে ভাৰতত সোমাই আহিবলৈ অহৰহ চেষ্টা চলাই গৈছে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে। মঙলবাৰে গুৰেজ চেক্টৰত চাৰিগৰাকী সন্ত্ৰাসবাদী ভাৰতত সোমাই অহাৰ পিছত সেনাৰ গুলিত নিহত হৈছিল। অভিযানকালত সেনাৰ এগৰাকী মেজৰ সহ তিনিগৰাকী ৰাইফলমেনৰ মৃত্যু হয়। মঙলবাৰৰ ঘটনাৰ পিছৰে পৰা সীমান্তত হাই এলাৰ্ট জাৰি কৰা হৈছে। বাৰামুলাত এগৰাকী সন্ত্ৰাসবাদীক অস্ত্ৰ সহ সেনাই জালত পেলায়।