ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে আধাৰ কাৰ্ড সম্পৰ্কে যিমানেই কঢ়া নিৰ্দেশনা নিদিয়ক কিয়, কেন্দ্ৰ চৰকাৰে সকলো ক্ষেত্ৰতে আধাৰ কাৰ্ড বাধ্যতামুলক কৰিবলৈ উঠি-পৰি লাগিছে। এনেদৰে কেন্দ্ৰৰ তৎপৰতাত হয়তো এদিন গৰুৱেও পাব ইউনিক আইডেণ্টিফিকেশ্যন নম্বৰ।

এএনআইয়ে জনোৱামতে উচ্চতম ন্যায়ালয়ত সোমবাৰে কেন্দ্ৰ চৰকাৰে দাখিল কৰা এক প্ৰতিবেদনত চকু কপালত উঠা প্ৰস্তাৱ দাঙি ধৰিছে কেন্দ্ৰ চৰকাৰে। দেশজুৰি প্ৰতিটো গৰুৰ বাবে চিনাক্তকৰণৰ নম্বৰ দিয়াৰ ব্যৱস্থা কৰাৰ বাবে উচ্চতম ন্যয়ালয়ক অনুৰোধ জনাইছে।

এই প্ৰস্তাৱ সম্বলিত কৰা হৈছে গোৰক্ষা তথা ভাৰত-বাংলাদেশ সীমান্তত গৰু-ম’হৰ অবৈধ চালান সন্দৰ্ভত দাখিল কৰা প্ৰতিবেদনত। দেশৰ গৃহ মন্ত্ৰালয়ৰ এখন যুটীয়া কমিটিৰ আলোচনামৰ্মে এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিবপৰা গৈছে। 

প্ৰতিবেদনখনত পৰিত্যাগ কৰা পশুৰ বাবে আশ্ৰয়গৃহ নিৰ্মাণ কৰাৰ দায়িত্ব দিয়া হৈছে ৰাজ্যিক চৰকাৰক। ৫০০ অনাথ জীৱ-জন্তুয়ে আশ্ৰয় ল’বপৰাকৈ আশ্ৰয়গৃহ নিৰ্মাণ কৰি জীৱ-জন্তুৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবেও ৰাজ্য চৰকাৰক উক্ত প্ৰতিবেদনখনত পৰামৰ্শ দিয়া হৈছে।