ANI
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ ৪টা লোকসভা সমষ্টি আৰু ১০ টা বিধানসভা সমষ্টিত বৃহস্পতিবাৰে উপ-নিৰ্বাচন অনুষ্ঠিত হয়৷ নিৰ্বাচনৰ ভোট গণনা কাৰ্য আৰম্ভ হোৱাৰ পিছতে নিৰ্বাচনী প্ৰাৰ্থীসকলৰ মাজত জয়-পৰাজয়ক লৈ চিন্তাৰ ছাঁ পৰা পৰিলক্ষিত হয়৷

বিভিন্ন প্ৰাৰ্থীয়ে নিজৰ পৰাজয়ৰ কথা স্বীকাৰ নকৰি নিৰ্বাচনী ব্যৱস্থা তথা বিৰোধীয়ে যড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰা দেখা যায়৷ 

পঞ্জাৱৰ অন্যতম সমষ্টি শ্বাহকোট সমষ্টিত হৈ যোৱা উপ নিৰ্বাচনৰ একাদশ পৰ্যায়ৰ ভোট গণনাৰ অন্তত অকালী দলৰ প্ৰাৰ্থীতকৈ কংগ্ৰেছে ২৭০৪৯ ভোটট অগ্ৰগতি লাভ কৰি সুনিশ্চিত জয়লাভলৈ আগবাঢ়ি আছে৷

ইয়াৰ পিছতে নিজৰ পৰাজয় ঢাকি ৰাখিবলৈ চেষ্টা কৰি অকালী দলৰ প্ৰাৰ্থী নয়াব সিং কোহাৰে অভিযোগ উত্থাপন কৰি কয় যে ভোটগণনা কাৰ্যত ব্যৱহৃত ইভিএম মেচিনত খেলিমেলি সংঘটিত কৰি বিৰোধীয়ে তেওঁক পৰাস্ত কৰিবলৈ ষড়যন্ত্ৰ কৰিছে৷

অকালী দলৰ প্ৰাৰ্থীৰ এই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছ প্ৰাৰ্থীয়ে কয় যে নিৰ্বাচনত ইভিএম মেচিনত খেলিমেলি নাই৷ জনতাই তেওঁক ভোট দিছে বাবেই তেওঁ জয় লাভ কৰিব বুলিও কংগ্ৰেছ প্ৰাৰ্থীয়ে দাবী কৰে৷