গুৱাহাটীঃ প্ৰাক্তন বিজেপিৰ বিধায়ক একালৰ বিজেপিৰ সক্ৰিয় নেতা মনোৰঞ্জন দাসে মঙলবাৰে আনুষ্ঠানিক ভাৱে কংগ্ৰেছত যোগদান কৰে৷ গুৱাহাটী মহানগৰীৰ তৰুণনগৰস্থিত কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত আনুষ্ঠানিক ভাৱে যোগদান কৰে দাসে৷ ৮গৰাকী পঞ্চায়তৰ সদস্য আৰু কেইবাগৰাকী ব্লকৰ নেতাক লগত লৈ প্ৰাক্তন পাটাছাৰকুছিৰ বিজেপি বিধায়কগৰাকীয়ে কংগ্ৰেছত যোগদান কৰে৷
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধি দলৰ নেতা দেৱব্ৰত শইকীয়া, প্ৰাক্তনমন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক ৱাজেদ আলি চৌধুৰী, প্ৰাক্তনমন্ত্ৰী শৰৎ বৰকটকীৰ উপস্থিতিত মনোৰঞ্জন দাসে কংগ্ৰেছত যোগদান কৰা অনুষ্ঠানত শাসকীয় বিজেপি দলক তীব্ৰ সমালোচনা কৰে ৰিপুণ বৰাই৷ বিজেপিয়ে উন্নয়ণৰ পৰিবৰ্তে কথা কৈ সময় পাৰ কৰা বুলি কয়৷ আনহাতে ৰিপুণ বৰাই অগপই ৰাজ্য চৰকাৰৰ পৰা ওলাই আহিলে বিজেপিয়ে সংখ্যাগৰিষ্ঠতা নাথাকিব বুলি কয়৷
তেতিয়া অন্যান্য দলে লগলাগি চৰকাৰ গঠন কৰৰা চিন্তা চৰ্চা কৰিব বুলি কয়৷ আনহাতে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে চৰকাৰক তীব্ৰ সমালোচনা কৰি নিৱনুৱাক সংস্থাপন দিব নোৱাৰাৰ লগতে বিজেপিয়ে সাম্প্ৰদায়ীক ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰে৷
আনহাতে কংগ্ৰেছ দলত দলত যোগদান কৰাৰ পূৰ্বেই বিজেপিক খিচিৰি, ভেজাল দল বুলি কৈ শিৰোনাম দখল কৰিছে প্ৰাক্তন বিজেপিৰ বিধায়ক দাসে৷ জগতৰ মিছা কথা কোৱা দল বুলি কৈ ৰাহুলক গান্ধীক প্ৰশংসা কৰিছিল দাসে৷ যোৱা বিধান সভা নিৰ্বাচনৰ পৰা বিজেপি দলত নাই বুলি কোৱাৰ লগতে অসমত বিদেশী খেদা নহয়, অসমত আৰম্ভ হ’ব বিজেপি খেদা আন্দোলন বুলি কটুক্তি কৰিছিল দাসে৷