গুৱাহাটীঃ বহু প্ৰত্যাশিত উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ ভোটগণনা শনিবাৰৰ পুৱাৰে পৰা আৰম্ভ হৈছে। পুৱা ৮ বজাৰ পৰা নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে। ত্ৰিপুৰাত মুঠ ২৯২গৰাকী, মেঘালয়ত ৩৭২গৰাকী আৰু নাগালেণ্ড ১৯৬গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব শনিবাৰে।
ত্ৰিপুৰাত বিজেপিয়ে ৩৪ খন আৰু চিপিআইএমে ১৬ খন আসনত আগবাঢ়ি থকাৰ লগতে বিজেপিয়ে ৭ খন আৰু চিপিআইএমে ২ খন আসন জয়ী হয়৷ মেঘালয়ত কংগ্ৰেছ-১৪ খন এনপিপিয়ে ৮ আৰু বিজেপিয়ে ৫ খন আসনত আগবাঢ়ি থকাৰ লগতে কংগ্ৰেছে ৮ খন, ইউডিপিয়ে-৪ আৰু এনপিপিয়ে ৫ আসনত জয়ী হয়৷ নাগালেণ্ডত এনপিএফে ২০ খন আৰু বিজেপিয়ে ২৮ খন আসনত আগবাঢ়ি থকাৰ লগতে বিজেপিয়ে ৩ খন আৰু এনপিএফে ৪ খন আসনত জয়ী হয়৷ ৷
সমগ্ৰ দেশৰ নজৰ উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত আছে তাৰ মাজতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ইয়াকে লৈ চিন্তাৰ কোনো কাৰণ নাই বুলি কয়৷ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মেঘালয়ত কংগ্ৰেছৰ চৰকাৰ গঠন হ’ব বুলি আশা ব্যক্ত কৰে৷ কিন্তু ১০০ শতাংশ নিশ্চিত নহয় বুলিও কয়৷ যি দলৰ চৰকাৰ দিল্লীত থাকে সেই দলে সৰু ৰাজ্যত জয়ী হয় বুলি কয় গগৈয়ে৷ ইয়াকে লৈ চিন্তা কৰাৰ কাৰণ নাই বুলি কয়৷