নগাঁও/ছিপাঝাৰঃ এতিয়া যেন ৰাজ্যত পৰীক্ষাৰ বতৰ৷ ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাকেন্দ্ৰীক অধ্যয়ণত ব্যস্ত হৈ থকাৰ পিছতেই হাইস্কুল পৰীক্ষা অনুষ্ঠিত হয়৷ প্ৰকৃততে বিদ্যালয় অথবা মহাবিদ্যালয়ৰ স্তৰৰ সমূহ পৰীক্ষা সুকলমে পাৰ কৰিব পাৰিলেহে অৰ্থাৎ এই পৰীক্ষাবোৰত এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হয় ছাত্ৰ-ছাত্ৰীয়ে৷ তাৰ ফলত এটা নিৰ্দিষ্ট লক্ষ্যৰে উচ্চ শিক্ষা গ্ৰহণৰ বাবে অগ্ৰসৰ হ’ব পাৰে৷
সেয়ে পৰীক্ষাত অৱৰ্তীণ হ’বলগীয়া পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ বহুদিনৰ আগৰে পৰা এটি খুব ভাল ফলাফল লাভৰ আশাৰে যুদ্ধংদেহী মনোভাবেৰে মনপুতি পঢ়া-শুনা কৰি পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰি তোলে৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা চলি থকাৰ সময়তে বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা৷ ৰাজ্যত বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা।
সমগ্ৰ ৰাজ্যজুৰি কলা শাখা, বিজ্ঞান শাখা আৰু বাণিজ্য শাখাৰ ২,৫৫,৬৯৭গৰাকী পৰীক্ষাৰ্থীয়ে এইবেলি পৰীক্ষাত বহিছে। কলা শাখাত ১,৯৮,৬৩২গৰাকী, বিজ্ঞান শাখাত ৩৮,০৫০গৰাকী, বাণিজ্য শাখা আৰু ১৭,৯৭৫গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিছে। আনহাতে, ১,০৪০গৰাকী পৰীক্ষাৰ্থীয়ে বৃত্তিগত শাখাত অৱতীৰ্ণ হৈছে। ৮২৭টা মহাবিদ্যালয়-উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হৈছে। এইবেলি স্পৰ্শকাতৰ কেন্দ্ৰ সমূহত চিচিটিভি ব্যৱহাৰ কৰিব বিদ্যালয়-মহাবিদ্যাল কৰ্তৃপক্ষই। অসম আৰক্ষীয়ে পহৰাৰ ব্যৱস্থা কৰাৰ লগতে ম’বাইল ফোনো পৰীক্ষা হ’লত নিষিদ্ধ কৰিছে।
NNO নগাঁওঃ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ প্ৰথম দিনটোৰ ইংৰাজী বিষয়ৰ পৰীক্ষা চলি থকা সময়তে এজন ছাত্ৰই অসৎ উপায় অৱলম্বন কৰাত পৰীক্ষা কেন্দ্ৰৰ পৰা বহিষ্কাৰ কৰা হয়। জানিব বাতৰি মতে, নগাঁও জিলাৰ অন্তৰ্গত কটহগুৰি কনিষ্ঠ মহাবিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ পৰা অসৎ উপায় অৱলম্বন কৰাত ROLL-0645 NO-10032 নম্বৰৰ ছাত্ৰ জনক বহিষ্কাৰ কৰা হয়।
NNO ছিপাঝাৰঃ দৰং জিলাৰ ছিপাঝাৰৰ সৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ তিনিগৰাকী পৰিক্ষাৰ্থীয়ে নাপালে নাহিল প্ৰৱেশ পত্ৰ। প্ৰৱেশ পত্ৰ সমূহ চোৱা চিতা কৰিছিল বিষয় শিক্ষক যোগেন্দ্ৰ কুমাৰ নাথে। সৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খনৰ প্ৰৱেশ পত্ৰ চোৱা চিতাৰ দায়িত্বত থকা যোগেন্দ্ৰ কুমাৰ নাথৰ হেমাহিৰ বাবেই নাহিল প্ৰৱেশ পত্ৰ আৰু পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হল তিনিগৰাকী ছাত্ৰ।
নিপ জ্যোতি কলিতা, হিমাংশু ডেকা আৰু বিনয় ডেকা নামৰ তিনিগৰাকী ছাত্ৰ পৰীক্ষাৰ পৰা বঞ্চিত হয়। বিদ্যালয়খনত মুঠ ২৬গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা আছিল যদিও ইয়াৰে তিনিগৰাকী ছাত্ৰৰ প্ৰৱেশ পত্ৰ পাবলৈ সক্ষম নহ’ল। ছাত্ৰ কেইগৰাকীয়ে পৰীক্ষাৰ পৰা বঞ্চিত হোৱাত তেওলোকে কান্দোনত ভাগি পৰে। উল্লেখ যোগ্য যে, বিগত এইগৰাকী শিক্ষকৰ হেমাহিৰ বাবেই পৰীক্ষাত বহাৰ পৰা বঞ্চিত হৈছিল দুগৰাকীকৈ ছাত্ৰ-ছাত্ৰী। এই ঘটনাক নামখলা আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে উচিত তদন্তৰ দাবী জনায়।