চিডিএছচিঅ’ অৰ্থাৎ কেন্দ্ৰীয় ঔষধ মানদণ্ড নিয়ন্ত্ৰণ সংস্থাই ঔষধক লৈ প্ৰকাশ কৰা তেওঁলোকৰ মাহেকীয়া প্ৰতিবেদনৰ পিছতে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা কেইবাবিধো ঔষধক লৈ বৃদ্ধি পাইছে উদ্বেগ। চিডিএছচিঅ’ৰ শেহতীয়া প্ৰতিবেদনত এনে ৪৮ বিধ ঔষধৰ নাম অন্তৰ্ভূক্ত কৰা হৈছে, যিয়ে নিৰ্ধাৰিত মানদণ্ড পূৰণ কৰা নাই। কিন্তু ইয়াৰ পিছতো বজাৰত ৰোগীৰ বাবে উপলব্ধ হোৱা এনে ঔষধসমূহৰ সেৱনৰ পিছত কেনেধৰণৰ পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি হ’ব পাৰে তাক লৈ চিন্তিত হৈ পৰিছে ৰোগী আৰু সচেতন মহল। মন কৰিবলগীয়া যে, এই তালিকাত সাধাৰণতে ব্যৱহৃত পেৰাচিটামল, পান-ডি, আৰু গ্লাইচিমেট এছ আৰ ৫০০ আদি ঔষধো অন্তৰ্ভুক্ত কৰা হৈছে।
উল্লেখ্য যে, প্ৰতিমাহে চিডিএছচিঅ’ই নিৰ্ধাৰিত মানদণ্ড পূৰণ নকৰা ঔষধৰ তালিকা প্ৰকাশ কৰে। আগষ্ট মাহৰ বাবে তালিকাত ৪৮ বিধ ঔষধ অন্তৰ্ভুক্ত কৰা হৈছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল, এই প্ৰতিবেদনৰ জৰিয়তে মানদণ্ডৰ তলৰ বুলি উল্লেখ কৰা অধিকাংশ ঔষধেই ব্যৱহাৰ কৰে সাধাৰণ মানুহে। কৰ্ণাটক এন্টিবায়টিক এণ্ড ফাৰ্মাচিউটিকেলছৰ দ্বাৰা প্ৰস্তুত কৰা পেৰাচিটামল আই পি ৫০০ এমজি হওক বা আলকেম হেল্থ ছায়েন্সে প্ৰস্তুত কৰা পান-ডি টেবলেট হওক, সাধাৰণভাৱে ব্যৱহাৰ কৰা হয় এনেবোৰ ঔষধ।
ইফালে চিডিএছচিঅ’ৰ প্ৰতিবেদনৰ পিছতে এই প্ৰতিবেদনত নাম উল্লেখ কৰা ঔষধ প্ৰস্তুত কৰা নাই বুলি প্ৰকাশ কৰিছে ছান ফাৰ্মা আৰু টৰেণ্ট নামৰ দুটা বৃহৎ ফাৰ্মাচিউটিকেল কোম্পানীয়ে।
‘মানক মানদণ্ড’ নথকাৰ অৰ্থ কি?
ঔষধৰ বিভিন্ন কাৰণত গুণগত মানৰ অভাৱ বুলি শ্ৰেণীভুক্ত কৰা হয়, যেনে ওজন নিৰ্ধাৰিত সীমাতকৈ কম হোৱা, ৰূপৰ পাৰ্থক্য বা দ্ৰৱণীয়তাৰ পাৰ্থক্য। সামগ্ৰীটোৰ প্ৰকৃত পৰিচয় লুকুৱাই ৰাখি আন ঔষধ হিচাপে বিক্ৰী কৰিলে যিকোনো ঔষধক ‘ভেজাল বা নকল ঔষধ’ গণ্য কৰা হয়।
শেহতীয়া তালিকাত এমোক্সিচিলিন আৰু পটাছিয়াম ক্লাভনেট আই পি (ক্লেভাম ৬২৫), এমোক্সিলিন আৰু পটাছিয়াম ক্লাভনেট টেবলেট (মেক্সক্লেভ ৬২৫), পেণ্ট’প্ৰাজ’ল গেষ্ট্ৰ’-ৰেজিষ্টেণ্ট আৰু ডম্পেৰিডন প্ৰলংড-ৰিলিজ কেপচুল আই পি (পেন-ডি)ক ভেজাল ঔষধ হিচাপে ঘোষণা কৰা হৈছে।
ড্ৰাগছ আৰু প্ৰসাধন সামগ্ৰী আইন সংশোধনী ২০০৮ৰ অধীনত ভুৱা ঔষধ প্ৰস্তুত কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। এই আইনত ১০ বছৰৰ পৰা যাৱজ্জীৱন কাৰাদণ্ড পৰ্যন্ত শাস্তিৰ ব্যৱস্থা আছে। ইয়াৰ উপৰিও নূন্যতম ১০ লাখ টকা বা জব্দকৃত ঔষধৰ মূল্যৰ তিনিগুণ (যিটো অধিক হয়) জৰিমনা আৰোপ কৰাৰ ব্যৱস্থা আছে।
এই তালিকাত থকা বাকী ঔষধবোৰক ইয়াৰ উপাদানত পোৱা সমস্যা, শৰীৰত বা ঔষধৰ গঠনত দ্ৰৱীভূত আৰু শোষণৰ দৰে সবিশেষৰ বাবে নিৰ্ধাৰিত মানদণ্ডৰ তলত বুলি গণ্য কৰা হয়। সকলো ঔষধেই গুণগত পৰীক্ষাত ব্যৰ্থ হোৱা এটা নিৰ্দিষ্ট চালানৰ অংশ আৰু মানদণ্ড পূৰণ নকৰা ঔষধসমূহ বজাৰৰ পৰা ঘূৰাই লোৱাৰ আহ্বান কৰা হৈছে।
প্ৰকৃত আৰু ভেজাল ঔষধৰ মাজত কেনেকৈ পাৰ্থক্য কৰিব পাৰি?
চিডিএছচিঅ’ৰ প্ৰতিবেদনত ডজনৰো অধিক ঔষধ ভেজাল হোৱাৰ খবৰে চিন্তিত কৰি তুলিছে সাধাৰণ লোকক। চেন্নাইৰ নিৱাসী ৫৮ বৰ্ষীয় শংকৰণে এই সন্দৰ্ভত কয়, ''মই ১০ বছৰ ধৰি ডায়েবেটিছৰ ঔষধ খাই আহিছো। এই ঔষধবোৰ নিয়মিতভাৱে খাব লগা হয়। বিকল্পৰ বাবে আৰু ক’লৈ যাম? কোনটো ঔষধে গুণগত মান পূৰণ কৰা নাই আমি কেনেকৈ জানিম? এই বিষয়ে কোনেও কিয় জনসাধাৰণক একো নকয়? অসম্পূৰ্ণ তথ্য আৰু প্ৰতিবেদনেৰে আমাক আন্ধাৰত ৰখা হৈছে।’’
চেন্নাইৰ অৰুম্বকমত বাস কৰা ৪৩ বৰ্ষীয় ঊষাৰাণীয়ে প্ৰশ্ন কৰে যে চিকিৎসকে দিয়া ঔষধো যদি নিৰাপদ নহয় তেন্তে তেওঁৰ দৰে মানুহে কি কৰিব?
উল্লেখ্য যে, নিৰ্ধাৰিত মানদণ্ড পূৰণ নকৰা ঔষধ নিয়মীয়াকৈ সেৱন কৰিলে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে বুলি ইতিমধ্যে সতৰ্ক কৰি দিছে চিকিৎসকসকলে। এনে সন্দৰ্ভতে চেন্নাইৰ চিকিৎসক চন্দ্ৰশেখৰে আচল আৰু নকল ঔষধ চিনাক্ত কৰিবলৈ কেইবাটাও পৰামৰ্শ আগবঢ়ায়।
তেওঁ কয় যে যদি ঔষধবোৰত উপযুক্ত পৰিমাণৰ উপাদান নাথাকে তেন্তে ঔষধৰ প্ৰভাৱ বাঞ্ছনীয় নহয়। তেওঁ এই কথাও স্পষ্ট কৰি দিয়ে যে নিৰ্ধাৰিত মানদণ্ড পূৰণ নকৰা ঔষধ দীৰ্ঘদিন ধৰি সেৱন কৰিলে শৰীৰৰ অংগসমূহৰ ক্ষতি হ’ব পাৰে। এনে পৰিপ্ৰেক্ষিতত যদি কোনোবাই ডায়েবেটিছ বা উচ্চ ৰক্তচাপৰ দৰে ৰোগৰ ঔষধ খাই আছে তেন্তে সময়ে সময়ে চিকিৎসকৰ পৰা পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে চন্দ্ৰশেখৰে।
তেওঁ কয়, ''মেডিকেল ষ্ট’ৰৰ পৰা ঔষধ কিনাৰ সময়ত আই এছ অ’ (ইণ্টাৰনেচনেল অৰ্গেনাইজেচন ফৰ ষ্টেণ্ডাৰ্ডাইজেচন) বা ডব্লিউ এইচ অ’-জি এম পি (ৱৰ্ল্ড হেলথ অৰ্গেনাইজেশ্যন গুড মেনুফেকচাৰিং প্ৰেকটিছ)ৰ প্ৰমাণপত্ৰ নিশ্চিতভাৱে পৰীক্ষা কৰক। যিবোৰ ঔষধৰ ম্যাদ উকলি যোৱাৰ সময় ওচৰ চাপিছে সেইবোৰ ঔষধ কিনাৰ পৰা বিৰত থাকক। যদি ঔষধ সঠিকভাৱে সংৰক্ষণ কৰা নহয় তেন্তে ই অকাৰ্যকৰী হৈ পৰিব পাৰে। ইয়াৰোপৰি বেজী আৰু ইনচুলিনৰ দৰে ঔষধ কিনাৰ আগতে জানি লওক যে আপুনি যি ঠাইৰ পৰা কিনিছে তাত ফ্ৰীজৰ সুবিধা আছে নে নাই।’’
সাৱধান হোৱাৰ প্ৰয়োজন
ড্ৰাগছ কণ্ট্ৰ’ল সঞ্চালকালয়ৰ বিষয়া আৰু ঔষধৰ ব্যৱসায়ীসকলে কয় যে ভেজাল বা নকল ঔষধক লৈ আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। এনে পৰীক্ষা নিয়মীয়াকৈ কৰা হয় আৰু জীৱনলৈ কোনো ভাবুকি নাথাকে।
তামিলনাডুৰ ৰসায়নবিদ আৰু ঔষধবিদ সংস্থাৰ অধ্যক্ষ এছ ৰমেশে কয় যে সৰু সৰু বিসংগতিৰ বাবেও ঔষধক অমান্য বুলি ঘোষণা কৰা হয় আৰু এনে কঠোৰ নিয়মে ঔষধৰ মান উন্নত কৰাত সহায় কৰে। তেওঁ কয়, "যদি কোনো ঔষধ আপোনাৰ মুখত পাঁচ ছেকেণ্ডত দ্ৰৱীভূত হ'ব লাগে, কিন্তু ছয় ছেকেণ্ড সময় লাগিছে, তেন্তে ইয়াক অমান্য বুলি গণ্য কৰা হয়।"
চেন্নাইৰ চিকিৎসক ডাঃ অশ্বিনে কয়, “কিছুমান কেমিষ্টে ৮০ শতাংশ পৰ্যন্ত ৰেহাই দিয়ে। কিন্তু ১০০ টকীয়া সামগ্ৰী ২০ টকাত কেনেকৈ বিক্ৰী কৰিব পাৰি? বহু ঠাইত ঔষধবোৰ বৃহৎ পৰিমাণে ক্ৰয় কৰা হয়, আৰু ম্যাদ উকলি যোৱাৰ তিনিমাহ পূৰ্বে বৃহৎ ৰেহাই মূল্যত বিক্ৰী কৰা হয়।’’ ডাঃ অশ্বিনে কয় যে যদি ঔষধসমূহ সঠিকভাৱে পেকেজিং কৰা নহয় বা সঠিকভাৱে সংৰক্ষণ কৰা নহয় তেন্তে ম্যাদ উকলি যোৱাৰ তাৰিখ ওচৰ চাপি অহাৰ লগে লগে ইয়াৰ ফলপ্ৰসূতা কমি যায়।
ডাঃ অশ্বিনে কয়, “কিছুমান সময়ত IV ঔষধ (তেজৰ সোঁতত পোনপটীয়াকৈ বেজী দিয়া ঔষধ)তো বেক্টেৰিয়া বৃদ্ধি পায়। ইনচুলিনক ৬ ডিগ্ৰী চেলছিয়াছ উষ্ণতাত ৰাখিব লাগে, কিন্তু যেতিয়া ইয়াক এঠাইৰ পৰা আন ঠাইলৈ প্ৰেৰণ কৰা হয়, তেতিয়া বহু সময়ত ইয়াৰ যত্ন লোৱা নহয়। গতিকে অনলাইনত ইনচুলিন কিনা উচিত নহয়, কাৰণ সঠিক উষ্ণতা অবিহনে ই কেৱল পানীহে।"
ইণ্ডিয়ান ড্ৰাগ মেনুফেকচাৰ্ছ এছ’চিয়েশ্যন তামিলনাডু, কেৰেলাৰ পণ্ডিচেৰী চেপ্টাৰছৰ অধ্যক্ষ জে জয়ছিলনে কয় যে ভুৱা ঔষধ আৰু নিৰ্ধাৰিত মানদণ্ড পূৰণ নকৰা ঔষধৰ মাজত পাৰ্থক্য কৰাৰ প্ৰয়োজন আছে। তেওঁৰ মতে, নিৰ্ধাৰিত মানদণ্ড পূৰণ নকৰা ঔষধ ধৰা পেলোৱাটোও উদ্যোগৰ অভ্যাসৰ এটা অংশ, আনহাতে অবৈধ ঔষধৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হয়।
তেওঁ কয়, “সাধাৰণতে ৩ৰ পৰা ৫ শতাংশ নমুনা আছে যিবোৰে নিৰ্ধাৰিত মানদণ্ড পূৰণ নকৰে, আনহাতে ০.০১ শতাংশ নমুনা আছে যিবোৰ ভুৱা বুলি প্ৰমাণিত হয়। নিৰ্ধাৰিত মানদণ্ড পূৰণ নকৰা ঔষধৰ চালান তৎক্ষণাত বজাৰৰ পৰা আঁতৰাই পেলোৱা হয়। আমেৰিকাৰ দৰে দেশতো এনেকুৱা হয়। এইটো কোনো ডাঙৰ বিষয় নহয়, যিয়ে স্বাস্থ্যৰ প্ৰতি কোনো গুৰুতৰ ভাবুকি কঢ়িয়াই আনিব পাৰে।"
জয়ছিলনে লগতে কয়, “বহু সময়ত কেমিষ্টসকলে নিৰ্ধাৰিত উষ্ণতাত ঔষধ সংৰক্ষণ নকৰে। এনে পৰিস্থিতিত যেতিয়া ১২ মাহৰ পিছত ঔষধ পৰীক্ষা কৰা হয়, তেতিয়া ইয়াৰ গুণগত মান নিৰ্ধাৰিত মানদণ্ডতকৈ কম হোৱা দেখা যাব পাৰে। কেন্দ্রীয় চৰকাৰে ঔষধ বিতৰণৰ এক সু-ব্যৱস্থা ৰূপায়ণ কৰিবলৈ ওলাইছে, য’ত বিতৰণ প্রক্রিয়াত জড়িত প্রতিজন ব্যক্তিৰ দায়িত্ব নির্ধাৰিত হ’ব৷ মই আশা কৰিছো ইয়াৰ ফলত নিৰীক্ষণৰ উন্নতি হ'ব।"
জয়ছিলনে কয় যে ভাৰতক বিশ্বৰ ফাৰ্মাচী বুলি কোৱা হয়। আমেৰিকাৰ ৪০ শতাংশ আৰু ইউৰোপৰ ২৫ শতাংশ ঔষধ ভাৰতত তৈয়াৰ কৰা হয়। বহু দুখীয়া দেশো ঔষধৰ বাবে ভাৰতৰ ওপৰত নিৰ্ভৰশীল। তেওঁ লগতে এয়াও কয় যে মানুহে সেইবোৰৰ ওপৰত অধ্যয়ন কৰা মেডিকেল ষ্ট’ৰৰ পৰা ঔষধ কিনিব লাগে।
ফাৰ্মা কোম্পানীবোৰে কি কয়?
ছান ফাৰ্মা আৰু টৰেণ্টে কয় যে, "কেন্দ্ৰীয় ড্ৰাগ ষ্টেণ্ডাৰ্ড কণ্ট্ৰ'ল অৰ্গেনাইজেশ্যনে ভুৱা বুলি ঘোষণা কৰা ঔষধসমূহ আমি প্ৰস্তুত কৰা নাই।" সংবাদ সংস্থা পিটিআইৰ মতে, ছান ফাৰ্মাৰ এজন মুখপাত্ৰই কয়, "আমাৰ কোম্পানীয়ে বিষয়টো তদন্ত কৰিছে। দেখা গৈছে যে পালমোচিল (চিলডেনাফিল বেজী), বেচ নম্বৰ KFA0300, পেণ্টোচিট (পেণ্টোপ্ৰাজোল টেবলেট আইপি), বেচ নম্বৰ SID2041A আৰু ইউৰোকল ৩০০ (ইউৰোচ'ডিঅক্সিকোলিক এচিড টেবলেট আইপি), বেচ নম্বৰ GTE1350A জালিয়াতিৰ চিকাৰ হৈছে।" ছান ফাৰ্মাই ৰোগীৰ সুৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা বুলিও জানিবলৈ দিয়ে।
কোম্পানীটোৱে কয়, ‘আমি আমাৰ কিছুমান ব্ৰেণ্ডত QR ক’ড প্ৰিন্ট কৰাও পাইছো। ৰোগীয়ে সহজেই ঔষধৰ সত্যতা পৰীক্ষা কৰিব পাৰে তাৰ ওপৰত লিখা ক’ডৰ জৰিয়তে।
বাতৰি কাকত দ্য হিন্দুৱে নিজৰ প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি টৰেণ্ট ফাৰ্মাইও একেটা চালান (শ্বেলকল ৫০০) পৰীক্ষা কৰিছিল যাৰ নমুনা চিডিএছচিঅ’ই লৈছিল। এই কোম্পানীটোৱেও নিজৰ তদন্তত এই ঔষধবোৰ ভুৱা বুলি জানিব পাৰে। টৰেণ্ট ফাৰ্মাই কয় যে শ্বেলকলত QR ক’ড আছিল যদিও চিডিএছচিঅ’ই জব্দ কৰা নমুনাত এই QR ক’ড নাছিল।
কিন্তু ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ প্ৰাক্তন অধ্যক্ষ ডাঃ জয়লালে কয় যে ঔষধৰ গুণগত মানদণ্ড পূৰণ নকৰাটো গুৰুতৰ চিন্তাৰ বিষয়। এই বিষয়ত সুনিৰ্দিষ্ট পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে। ঔষধ বিতৰণৰ লগত জড়িত প্ৰতিটো দিশৰ ওপৰত চকু ৰাখিব লাগিব। অৰ্থাৎ ঔষধ নিৰ্মাতা কোম্পানীৰ পৰা গ্ৰাহকলৈ যোৱাৰ লগে লগে ঔষধটোৰ ওপৰত চকু ৰখাৰ প্ৰয়োজন আছে। পশ্চিমীয়া বহু দেশতো এনেকুৱা হয়।
তেওঁ কয় যে পশ্চিমীয়া দেশসমূহৰ দৰেই কাৰখানাৰ পৰা গ্ৰাহকলৈ ঔষধৰ গতিবিধি অনুসৰণ কৰাৰ প্ৰয়োজন আছে। চৰকাৰী সংস্থাই ঔষধৰ চুক্তি সৰ্বনিম্ন বিড থকা কোম্পানীক দিয়ে। এনে পৰিস্থিতিত হয়তো নিৰ্ধাৰিত মানদণ্ড পূৰণ নকৰা ঔষধো চৰকাৰী খণ্ডৰ বিতৰণ ব্যৱস্থাত অন্তৰ্ভুক্ত হয়।
চৰকাৰৰ পদক্ষেপ কি?
একাধিক ঔষধ প্ৰস্তুতকাৰী উদ্যোগ থকা ৰাজ্য তামিলনাডু ড্ৰাগছ কণ্ট্ৰ’লৰ যুটীয়া সঞ্চালক ডাঃ শ্ৰীধৰে কয় যে যেতিয়া কোনো ঔষধে নিৰ্ধাৰিত মানদণ্ড পূৰণ নকৰে তেতিয়া তৎক্ষণাত ইয়াৰ তদন্ত আৰম্ভ কৰা হয়। এই তদন্তৰ জৰিয়তে ঔষধ নিৰ্মাতা আৰু বজাৰত বিক্ৰী কৰা ব্যক্তিৰ সন্ধান কৰা হয়।
তেওঁ কয়, “প্ৰথমে এই ঔষধবোৰ দোকানৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দিয়া হয়। সকলো দোকানৰ পৰা ঔষধ আঁতৰাই দিয়া হয়। ঔষধৰ নিৰ্মাতা কোন সেয়া জনাৰ পিছত আমি গম পাওঁ যে ভুলটো ক’ত হৈছিল?’’ তেওঁ লগতে কয়, ''ইয়াৰ পিছত ঔষধ নিৰ্মাতা কোম্পানীটোক জাননী জাৰি কৰা হয় আৰু তেওঁৰ পৰা উত্তৰ বিচৰা হয়। যদি কোম্পানীটোৱে অবিৰতভাৱে এনে ভুল কৰে, তেন্তে ঔষধ আৰু প্ৰসাধন সামগ্ৰী আইনৰ ১৮ নং ধাৰাত তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হয়।’’
তামিলনাডু ড্ৰাগ চেলাৰ্ছ এছ’চিয়েশ্যনৰ অধ্যক্ষ নটৰাজে কয় যে ঔষধৰ অনলাইন বিক্ৰীৰ বাবে বজাৰত নিৰ্ধাৰিত মানদণ্ড পূৰণ নকৰা ঔষধৰ সংখ্যা বৃদ্ধি পাইছে। তেওঁ কয়, ‘অনলাইন মেডিচিন বিক্ৰীত কাশ্মীৰৰ এজন ব্যক্তিয়েও তামিলনাডুত ঔষধ বিক্ৰী কৰিব পাৰে। ঔষধ ক’ৰ পৰা আহিছে কোনেও পৰীক্ষা নকৰে।’
তামিলনাডু ড্ৰাগ কণ্ট্ৰল সঞ্চালকালয়ে ঔষধৰ নিৰীক্ষণ তীব্ৰতৰ কৰি তুলিছে। লগতে প্ৰতিমাহে গ্ৰহণ কৰা ঔষধৰ নমুনা বৃদ্ধি কৰিবলৈও নিৰ্দেশ দিছে। তামিলনাডু ড্ৰাগ কণ্ট্ৰলৰ যুটীয়া সঞ্চালক ডাঃ শ্ৰীধৰে কয়, "ৰাজ্যত ১৪৬ জন ড্ৰাগছ পৰিদৰ্শক আছে। এজন পৰিদৰ্শকে খুচুৰা বিক্ৰেতা, পাইকাৰী বিক্ৰেতা আৰু চৰকাৰী চিকিৎসালয়ৰ পৰা প্ৰতিমাহে ৮টা নমুনা সংগ্ৰহ কৰে। এতিয়া তেওঁক প্ৰতিমাহে দহটা নমুনা ল’বলৈ কোৱা হৈছে।’’