wire

ডিজিটেল ডেস্কঃ যোৱা ৬ মাৰ্চৰ পৰা খোজকাঢ়িছে হাজাৰ হাজাৰ কৃষকে৷ মহাৰাষ্ট্ৰৰ নাছিকৰ পৰা প্ৰায় ১৯০ কিঃ মিঃ পথ অতিক্ৰম কৰি মুম্বাইত চাৰিদিনৰ মূৰকত ১১ মাৰ্চত উপস্থিত হয় প্ৰায় ৩৪ হাজাৰ কৃষক৷ ৬ মাৰ্চত আৰম্ভ হোৱা এই কৃষকে আন্দোলনত প্ৰথমাৱস্থাত মাথো ৬ হাজাৰ কৃষকে আন্দোলনে অংশ গ্ৰহণ কৰিছিল৷ সংবাদ মাধ্যমত গুৰুত্ব নোপোৱা আন্দোলন তথা কৃষকে ৰাজ পথেৰে খোজকাঢ়ি আহি থকাৰ লগে লগে সংখ্যা বৃদ্ধি হৈ ৩৪ হাজাৰ হয়৷ কৃষকৰ সমদল শেষত মুম্বাই আহি পোৱাৰ সময়ত দেশ ব্যাপি চৰ্চা আৰম্ভ হয়৷ ৰ’দ, বৰষুণ, বতাহ নেওচি ১৮০ কিঃ মিঃ বাটকুৰি বাই নাছিকৰ পৰা মহাৰাষ্ট্ৰৰ প্ৰাণকেন্দ্ৰ মুম্বাইত প্ৰৱেশ কৰে৷ বিগত দশকত খৰাং, কৃষিকাৰ্যত ব্যৱহৃত সা-সামগ্ৰীৰ জুই-ছাঁই দাম, মাটিৰ উৰ্বৰতা ক্ৰমশ হ্ৰাস পোৱা আদিকে ধৰি এশ-এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত মহাৰাষ্ট্ৰৰ কৃষকৰ ক্ষোভেই কৃষক আৰু কৃষিকৰ্মত জড়িত শ্ৰমিকসকলক মুম্বাইলৈ পদব্ৰজে আহি প্ৰতিবাদ কৰিবলৈ বাধ্য কৰোৱা বুলি ভৰিত পানীজোলা ফুটা কৃষক-শ্ৰমিকে ভাষ্য  প্ৰদান কৰে৷

প্ৰভাৱশালী উদ্যোপতিক ঋণ প্ৰদান কৰি ডুব গৈ থকা দেশৰ বেংক কৰ্তপক্ষই কৃষকৰ ঋণৰ কিস্তি হিচাৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হয়। মহাৰাষ্ট্ৰ বিধান সভাত বাজেট অধিৱেশন চলি থকাৰ মাজতে সোমবাৰে বিধান সভাৰ ভৱন ঘেৰাও কৰি বিজেপিশাসিত ৰাজ্য চৰকাৰখনক কৃষকৰ বিভিন্ন দাবীসমূহ পূৰণ কৰাৰ বাবে দাবী জনাব কৃষক-শ্ৰমিকে। কৃষিকাৰ্যত প্ৰয়োজন হোৱা বীজৰ পৰা আৰম্ভ কৰি নিত্যব্যৱহাৰ্য কীটনাশক, সাৰ, পানী আদিৰ দাম বাঢ়ি অহাৰ বিপৰীতে কৃষকৰ আয় কমি অহাৰ ফলত বহু কৃষকে আত্মহত্যা কৰাৰ ঘটনা সংবাদমাধ্যমত প্ৰচাৰ হৈ আহিছে। কৃষকে চৰকাৰক ঋণ মাফ কৰি দিয়াৰ বাবে আহ্বান জনোৱাৰ লগতে ন্যুনতম সমৰ্থন মূল্য (মিনিমাম চাপ’ৰ্ট প্ৰাইচ চমুকৈ এমএচপি)ৰ নিৰিখ বৃদ্ধি কৰাৰ বাবে দাবী জনাই আহিছে কৃষকে।

04:05 PM মুম্বাইৰ পপুলাৰ ডাব্বাৱালা নামেৰে প্ৰসিদ্ধ খাদ্যৰ বিতাৰক শ্ৰমিকসকলেও কৃষক আন্দোলনত অংশ গ্ৰহণ কৰে৷ আজাদ ময়দানৰ সমীপৰ স্থানীয় লোকে ডব্বাৱালাসকলে কৃষকক খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে পানী যোগান ধৰে৷ বিভিন্ন ঠাইৰ পৰা ডাব্বাৱালাসকলে খাদ্য সামগ্ৰী সমূহ কঢ়িয়াই আনি কৃষকৰ মাজত বিতৰণ কৰে৷ 03:10 PM কৃষকসকলক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে খাদ্য-সামগ্ৰী, বিশুদ্ধ পানী যোন ধৰি আহিছে৷ 03:00 PM কৃষকৰ সৈতে মুখ্যমন্ত্ৰীয়ে আলোচনাত মিলিত হয়৷ চৰকাৰে কৃষকৰ সমস্যা সমাধানৰ বাবে কাম কৰা বুলি কয়৷ মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী গিৰিশ মহাজনে কৃষকৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে৷ 02:32 PM বিজেপি সাংসদ পুনম মহাজনে কৃষক আন্দোলনক চহৰৰ মাওবাদী আখ্যা দিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ 02:30 PM মহাৰাষ্ট্ৰৰ মন্ত্ৰী গিৰিশ মহাজনে কৃষকৰ ৮০-৯০ শতাংশ দাবী মানি লোৱা হ’ব বুলি কয়৷ কৃষকৰ িমান পাৰে দাবী মানি লম বুলি কয়৷ 02:10 PM মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত কৃষকৰ প্ৰতিনিধি আৰু মুখ্যমন্ত্ৰীৰ মাজত আলোচনা অনুষ্ঠিত হৈ আছে৷ 02:00 PM আনহাতে চিপিআএএমৰ নেতা সীতাৰাম য়েচুৰীয়ৈ নীৰৱ মোডী সহ প্ৰধানমন্ত্ৰী আৰু আন ফালে কৃষকৰ সমদল থকা এখন ফটো টুইট কৰে৷ 01:00 PM মহাৰাষ্ট্ৰ বিধান সভাৰ অধিৱেশন চলি থকাৰ সময়তে কৃষকসকলে এই প্ৰতিবাদ আৰম্ভ কৰে৷ চৰকাৰে কৃষকক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰি ঋণ মাফ, কৃষকক ভূমিৰ পট্টা প্ৰদান আদ দাবী উত্থাপন কৰিছিল৷ 01:00 PM মুম্বাই মহানগৰীত ব্যাপক যান-জোঁট বোৱাৰ আশংকাত কৃষকে নিশাই খোজ কাঢ়ি আজাদ ময়দান পাবলৈ খোজকাঢ়ে আৰু পুৱাই গন্তব্য স্থান লাভ কৰে৷৷ 12:30 PM চৰকাৰে কৃষকৰ দাবী সন্দৰ্ভত আলোচনা কৰাৰ বাবে ৬ জনীয়া সমিতি গঠন কৰে৷ কৃষকৰ এটা প্ৰতিনিধি দলৰ সৈতে ৬ জনীয়া সমিতি আৰু মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হ’ব৷ 12:00 PM বিভিন্ন ৰাজনৈতিক দলৰ নেতাই কৃষকৰ সমদলত অংশ লয় আৰু সমৰ্থন জাহিৰ কৰে৷ আনহাতে মুম্বাই ট্ৰেফিকে কোনো পথ বন্ধ কৰা নাই বুলি প্ৰকাশ কৰে৷

11:00 AM মুম্বাই পৌৰ নিগমে কৃষকৰ বাবে বিভিন্ন ব্যৱস্থা তথা সহযোগ কৰে৷ মুম্বাইৰ আজাদ মৈদানত ৪০টা অস্থায়ী টয়লেট স্থাপন কৰাৰ লগতে বিশুদ্ধ পানীৰ ব্যৱস্থা কৰে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে৷ মহাৰাষ্ট্ৰ নৱ নিৰ্মাণ সেনাৰ অধ্যক্ষ ৰাজ থাকৰেই কৃষক সমদলত অংশ লয় আৰু ভাষণ প্ৰদান কৰে৷