ডিজিটেল ডেস্কঃ শুকুৰবাৰে নিশা জম্মু কাশ্মীৰত সেনাৰ চুঞ্জৱান সেনাৰ শিবিৰত উগ্ৰপন্থীয়ে ভয়াবহ আক্ৰমণ সংঘটিত কৰাৰ পিছতেই পাকিস্তানক অন্তিমবাৰৰ বাবে সকীয়াই দি পাকিস্তানৰ বিৰুদ্ধে ক্ষোভ জাহিৰ কৰে জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুলাই৷ শুকুৰবাৰে নিশা সেনাৰ শিবিৰৰ পিছফালেৰে সন্ত্ৰাসবাদী প্ৰৱেশ কৰে চুঞ্চৱান সেনাৰ শিবিৰত আক্ৰমণ কাণ্ড সংঘটিত কৰাৰ পিছতেই নিজৰ মত প্ৰকাশ কৰে জ্যেষ্ঠ ৰাজনীতিকগৰাকীয়ে৷
প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই কয় ‘‘এনে কোনো এটা দিন নাযায় যিটো দিনত পাকিস্তানী উগ্ৰপন্থীয়ে কাশ্মীৰত আক্ৰমণ নকৰাকৈয়ে থাকে৷ এনে ঘটনা সংঘটিত হোৱাৰ পিছত গম পোৱা য়াই যে এনে ঘটনাৰ সৈতে পাকিস্তানৰ উগ্ৰপন্থী জৰিত থাকে৷ পাকিস্তানে যদি ভাৰতৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব বিচাৰে তেন্তে উগ্ৰপন্থীৰ আক্ৰমণ বন্ধ কৰক নহলে ভয়াবহ পৰিণাম ভূগিব লাগিব৷ মই দূখেৰে কৈছো যে পাকিস্তানে যদি এই কাণ্ড বন্ধ নকৰে ভাৰত যুদ্ধৰ বাবে সাজু হ’ব লাগিব৷’’
শুকুৰবাৰে নিশা তিনিগৰাকী সন্ত্ৰাসবাদীয়ে আবাসীক এলেকাত প্ৰৱেশ কৰি নিৰ্বিচাৰ গুলীচালনা কৰে৷ কোনো উগ্ৰপন্থীয়ে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও জইচ-ই-মহম্মদে এই কাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে৷ পুৱা ৪.৫৫ বজাত প্ৰৱেশ কৰি চেন্ট্ৰীক লক্ষ্য কৰি গুলীচলনা কৰে৷ ইয়াৰ পিছতেই জম্মু কাশ্মীৰ বিধান সভাৰ অধ্যক্ষ কবিন্দ্ৰ গুপ্তাই এই আক্ৰমণত ৰোহিংগীয়া মুছলমান জৰিত থাকিব পাৰে বুলি সন্দেহ ব্যক্ত কৰে৷ ‘‘মই সেই বিধান সভা সমষ্টিৰে হয়৷
মোৰ ওচৰত তেনে অভিযোগ আহি থাকে আৰু চৰকাৰেও এই কথা স্বীকাৰ কৰিছে৷ সেই এলেকাত ৰোহিংগীয়া আৰু বাংলাদেশী মুছলমানৰ সংখ্যা বৃদ্ধি হৈছে৷ যাৰ বাবে সুৰক্ষাৰ ক্ষেত্ৰত ভয়াবহ পাৰে৷’’ এনেদৰে মন্তব্য প্ৰকাশ কৰাৰ লগতে একাংশ লোকে টকা লৈ তেনে লোকক থিতাপি দিয়া বুলি কয়৷ ড্ৰাগছ মাফিয়াগিৰি আদি চলি থকা বুলি কৈ চৰকাৰক পদক্ষেপ ল’ব লাগে বুলি কয় বিধান সভাৰ অধ্যক্ষই৷ আনহাতে সেনা শিবিৰত বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে সেনাই৷
ঘটনাৰ পিছতেই সমগ্ৰ কাশ্মীৰত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰা হৈছে৷ বায়ু সেনাই অভিযানত অংশ গ্ৰহণ কৰে৷ উধামপুৰৰ পৰা পেৰা কমাণ্ডু অনা হৈছে৷ আনহাতে জম্মু কাশ্মীৰ বিধানসভাত উত্তাল পৰিস্থিতিৰ সৃষ্টি হয়৷ আক্ৰমণকলৈ উত্তাল প্ৰতিবাদৰ সৃষ্টি হোৱাত প্ৰায় ২০ মিনিট সময় বিধান সভা স্থগিত ৰাখিব লগা হয়৷ জম্মু কাশ্মীৰৰ বিধান সভাত একাংশ বিধায়ক পাকিস্তান মূৰ্দাবাদ ধ্বনি দিয়ে৷ সেনাই যোৱা ৭ ঘন্টা ধৰি অভিযান অব্যাহত ৰাখিছে৷ দুগৰাকী উগ্ৰপন্থীক এটা পৰিয়ালত বন্দী কৰি ৰাখিছে৷ আক্ৰমণত দুগৰাকী সেনাৰ জোৱান শ্বহীদ হোৱাৰ লগতে ৪ গৰাকী লোক আহত হয়৷