newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ দুটাকৈ বৃহৎ দল এতিয়া সৰু দল এটাৰ পিছত পৰিব লগা হৈছে৷ যিটো দলক কালিলৈ অংকত ধৰা হোৱা নাছিল সেই দলটো এতিয়া হৈ পৰিছে কিং মেকাৰ৷ আন দল দুটাৰ দৰে তেওঁলোকৰ হাতত নাই বেছি সংখ্যাক আসন৷ কিন্তু তেওঁলোকৰ সমৰ্থন অবিহনে কোনেও চৰকাৰ গঠন কৰিব নোৱাৰিব৷
কৰ্ণটক বিধানসভাৰ ১২ মে’ত অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনৰ মঙলবাৰে ফলাফল ঘোষণা কৰাৰ পিছতে এনে এক পৰিস্থিতি দেখা গৈছে কৰ্ণাটকত৷ কৰ্ণাটক বিধান সভা নিৰ্বাচনৰ ২২২ খন আসনৰ ভোটগণনা মঙলবাৰে পুৱাৰে পৰা অনুষ্ঠিত হৈ বিয়লি সমাপ্ত হয়৷ ফলাফল অনুসৰি বিজেপিয়ে ১০৪ খন আসনত জয়ী হয়৷ আনহাতে কংগ্ৰেছে ৭৮ খন আসন আৰু জেডিএছে ৩৮ খন আসন লাভ কৰে৷ ৫ বছৰৰ মূৰকত পুনৰ শাসনৰ গাদী দখল কৰিব বুলি বিজেপিক আশংকা কৰা হৈছিল যদিও বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব নােৱাৰিলে৷
কংগ্ৰেছে বিনাচৰ্তত জেডিএছ দলক সমৰ্থন দিয়াৰ কথা ঘোষণা কৰিব লগা হৈছে৷ কংগ্ৰেছৰ সমৰ্থন গ্ৰহণ কৰি ১১ সংখ্যাক দেশৰ প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ পুত্ৰ জেডিএছৰ নেতা এতিয়া মুখ্যমন্ত্ৰীৰ পদৰ প্ৰবল দাবীদাৰ৷ কেৱল দাবীদাৰে নহয় মজবুত স্থিতিত আছে জেডিএছ দল আৰু সহযোগী কংগ্ৰেছ দল৷ এতিয়া বৃহৎ দল হোৱাৰ পিছতো সংখ্যাগৰিষ্ঠতা লাভ নকৰা বিজেপিৰ হাতত আছে ৮ বিধায়ক কম৷ ফলত কংগ্ৰেছ আৰু জেডিএছে সহজেই চৰকাৰ গঠন কৰিব পাৰিব৷
এছডি কুমাৰস্বামীক সকলোৱে কিং মেকাৰৰ ৰূপত চোৱা পৰিলক্ষিত হৈছে৷ নিৰ্বাচনৰ পূৰ্বে যিসকলক কিং মেকাৰ হ’ব বুলি ধৰাণাৰ সৃষ্টি কৰা হৈছিল সেই সকলো বিলাকক এতিয়া মঞ্চত দেখা পোৱা হোৱা নাই৷ কালিলৈ সংবাদ মাধ্যমত শিৰোনাম নাম হৈ থকা লোকসকল মঙলবাৰে হেৰাই থাকি জেডিএছ দল আৰু নেতা চৰ্চালৈ আহে৷ নিৰ্বাচনৰ পূৰ্বে কুমাৰস্বামী আৰু কংগ্ৰেছৰ মাজত তীব্ৰ বাকযুদ্ধ চলিছিল মঙলবাৰে পৰাজয় বৰণ কৰাৰ অনুমান লাভ কৰিয়েই বিনা চৰ্তত জেডিএছক সমৰ্থন দিয়াৰ কথা প্ৰকাশ কৰে৷
একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ চলাই থকা কংগ্ৰেছে ধৰাশয়ী হৈ জেডিএছৰ শৰনাপন্ন হ’ব লগা হয়৷ বিজেপিক শাসনলৈ আহিব নিদিয়াৰ স্বাৰ্থত কংগ্ৰেছে এই কৌশল অৱলম্বন কৰিব লগা হয়৷ এতিয়া মঙলবাৰৰ দিনটোৰ ৰাজনৈতিক দৃশ্যপট লক্ষ্য কৰিলে দেখা যায় যে কুমাৰস্বামীৰ পিতৃ এইচ ডি দেৱ গৌড়াই ভাৰতৰ দৰে দেশৰ প্ৰধানমন্ত্ৰীৰ পদ অলংকৃত কৰাৰ সেই সময়ৰ দৃশ্যৰ সৈতে মিল থকা দেখা গৈছে৷
পিতৃৰ ভাগ্যৰ দৰেই পুত্ৰ ভাগ্য হৈ পৰিছে৷ ২২ বছৰ পূৰ্বে কুমাৰস্বামীৰ পিতৃ এইচ ডি দেৱ গৌড়াই এনে ধৰণৰ দিন এটাৰ ৰাজনৈতিক প্ৰেক্ষাপটতে প্ৰধানমন্ত্ৰী হৈছিল৷ সেই সময়ত ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপি দল অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত ব্যাপক বিস্তাৰ হ’ব ধৰিছিল৷ সেই সময়ত ১৯৯২ চনৰ পৰা ১৯৯৭ চনলৈ পি ভি নৰচিমা ৰাও দেশৰ প্ৰধানমন্ত্ৰী আছিল৷
৯৭ হোৱা নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছ কোনেও সংখ্যাগৰিষ্ঠতা লাভ নকৰাৰ লগতে চৰকাৰ গঠনৰ দাবী কৰিব পৰা নছিল৷ সেই সময়ত দেশৰ শক্তিশালী নেতা জনতা দল চেকুলাৰৰ নেতা দেৱগৌড়াই ৪৬ খন আসন লৈ লোকসভালৈ আহে৷ সেই সময়ত বহু জল্পনা-কল্পনা কৰিব লগা হয় কংগ্ৰেছ আৰু বিজেপিয়ে চৰকাৰ গঠনৰ বাবে৷ কিন্তু অন্তিম মুহূৰ্তত মাথো ৪৬ লোকসভা সাংসদ থকা দেৱগৌড়াক সমৰ্থ দিয়ে কংগ্ৰেছে আৰু গৌড়া দেশৰ ১১ সংখ্যাক প্ৰধানমন্ত্ৰী ৰূপে শপত লয়৷
এতিয়া পিতৃৰ ভাগ্যৰ দৰেই ভাগ্য হৈ পৰিছে দেৱ গৌড়াৰ পুত্ৰ কুমাৰস্বামীৰ৷ ৫ বছৰ শাসন কৰাৰ অন্তত কংগ্ৰেছে পৰাজয় বৰণ কৰিছে সঁচা কিন্তু পিতৃক প্ৰধানমন্ত্ৰী বনোৱাৰ দৰেই এতিয়া পুত্ৰক মুখ্যমন্ত্ৰী হ’বলৈ উপহাৰ প্ৰদান কৰিব লগা হল কংগ্ৰেছে৷ বিজেপিয়ে ইমান আসন লাভ কৰাৰ পিছতো ফল নধৰিলে কিন্তু সেই ইতিহাসক পুনৰ কংগ্ৰেছৰ ওচৰলৈ লৈ আহিল৷ ২২ বছৰ পূৰ্বৰ সেই দিন আজিৰ দৰেই আছিল যদিও পুত্ৰ প্ৰধানমন্ত্ৰী নহয় মুখ্যমন্ত্ৰীহে হ’ব৷