গুৱাহাটীঃ বৃহস্পতিবাৰে বিধায়কে মন্ত্ৰীৰূপে শপত লৈ থকাৰ সময়তে বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰশান্ত ফুকনে দলৰ ৰাজ্যিক নীতি নৰ্ধাৰণ সমিতিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে আৰু আমিনুল হক লস্কৰে হজ সমিতিৰ পৰা পদত্যাগ কৰে৷ আন কেইবাগাৰকী বিধায়ক ক্ষোভিত বুলি জানিব পৰা যায়৷

মন্ত্ৰিত্ব এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে৷ নিউজ চেনেল, বাতৰি কাকতত সৰৱ আলোচনা হৈছে মন্ত্ৰিত্বৰ কথা৷ কোনে মন্ত্ৰিত্ব পালে, কাৰ হাতৰ পৰা দপ্তৰ কৰ্তন হ’ল তাক লৈ এতিয়া সৰৱ চৰ্চা৷ কিন্তু নিউচ চেনেল আৰু বাতৰি কাকতৰ আলোচনাক চেৰ পেলাই ছচিয়েল মিডিয়াত মন্ত্ৰিত্ব লাভ আৰু নোপোৱাৰ ক্ষোভক লৈ ব্যংগ কৰা পৰিলক্ষিত হৈছে৷ 

চিৰিয়াছ আৰু লিমাৰিক আপডেটেৰে ভৰি পৰিছে ফেচবুক, টুইটাৰ৷ কোনোৱে কৈছে জ্যেষ্ঠ নেতা প্ৰশান্ত ফুকনে মন্ত্ৰিত্ব লাভ কৰিব লাগিছিল৷ কোনেৱে কলে তেওঁ ৰাজ্য সভাত হাইদৰ হুছেইনক ভোট দিয়া নাছিল তাৰ বাবে মন্ত্ৰিত্ব নিদিলে৷ নানান জনৰ নানান কথা৷ মুঠৰ ওপৰত মুখৰোচক আৰু চিৰিয়াছ-লিমাৰিক কথাৰে ছচিয়েল মিডিয়া ভৰি পৰিছে৷ সংখ্যালঘু নেতা, মহিলাক মন্ত্ৰিত্ব নিদিয়াৰ বাবে চৰকাৰক সমালোচনাও কৰিছে কৰিছে কোনেৱে৷ 

মন্ত্ৰিত্ব লাভ নকৰা বিধায়কৰ সাংগো-পাংগোসকলে বন্ধ ঘোষণা কৰাত তীব্ৰ সমালোচনা কৰা গৈছে৷ সাম্প্ৰদায়িক মন্তব্যৰে সদায় বিতৰ্কত থকা হোজাইৰ বিধায়ক শিলাদিত্যক লৈয়ো কৌতুক কৰা দৈখা গৈছে৷ মুঠৰ ওপৰত ছচিয়েল মিডিয়াত সক্ৰিয় অসমৰ লোকসকলে এতিয়া মন্ত্ৰিত্বক লৈ আপডেট দিয়া পৰিলক্ষিত হৈছে৷

►আমাৰ পাঠকৰ বাবে ফেচবুকৰ কেইটামান আপডেট আগবঢ়ালো...

ছাইদুল ইছলামে কয় ‘‘মনে মনে থাকিম কিয়, চিঞৰি চিঞৰি কম মুখ্যমন্ত্ৰীয়ে মন্ত্ৰিত্ব দিয়া নাই ৰমাকান্ত দেউৰীক৷ তাত সাধাৰণ জনতাৰ কি দোষ৷ মন্ত্ৰিত্ব নিদিয়াৰ প্ৰতিবাদত ৰাইজক নৰক যন্ত্ৰণা দিবলৈ অসম বন্ধৰ আহ্বান মানি লব নোৱাৰি৷ ই অসহনীয়, অবিবেচক আৰু অগণতান্ত্ৰিক৷ জাতি আৰু ধৰ্মৰ কথাৰে মন্ত্ৰিত্ব বিচৰাটো সাংবিধানিক নহয়৷ আৰু এটা কথা মনলৈ আহিছে যে যদি ৰমাকান্ত দেউৰীক মন্ত্ৰিত্ব দিলেহেতেন তেন্তে এই কেইজন গুণ্ডাৰেই প্ৰতিপত্তি নহলহেতেন নে? স্থুল মানসিকতাৰ এনে বিধায়ক অসমৰ উন্নতিৰ বাবে মন্ত্ৰী যে হ’ব খুজিছে তাক মানি নলওঁ৷ এনে মতি-গতি দেখি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ এই সিদ্ধান্তটো সঠিক আছিল যেন লাগিছে৷’’

লুইত কুমাৰ বৰ্মনে কয় ‘‘ধৰা হওঁক যে মোক চৰকাৰে ৫ বছৰৰ বাবে চৰকাৰী দায়িত্ব এটা দিছে৷ ৫ বছৰ মই একো নকৰি যদি ৫ বছৰৰ গোটেই দৰমহা চৰকাৰক ঘুৰাই দিওঁ, তেন্তে মই বাহ বাহ পোৱাৰ যোগ্য নে শাস্তি পোৱাৰ যোগ্য?’’

দেৱজিত গগৈয়ে কয় ‘‘ব্ৰেকিং নিউজ৷ মন্ত্ৰীৰ পদ নাপায় এইমাত্ৰ শিলাদিত্যই বিজেপি ত্যাগ কৰি AIUDF-ত আনুষ্ঠানিক ভাবে জইন কৰিলে?’’

হৰ্ষা কাশ্যপে কয় ‘‘মন্ত্ৰী সভাত হিন্দু সোমাল নে মুছলমান সোমাল মাথা মাৰতকৈ অসমীয়া সোমাল নে অনা অসমীয়া সোমাল সেইটোহে মূল বিচাৰ্য বিষয় হ’ব কিছু বছৰ পিছত৷’’ 

জয়ন্ত দাসে কয় ‘‘মন্ত্ৰিত্ব নাপাই অসম বন্ধ দিয়া দেউৰী ডাঙৰীয়ালৈ অভিনন্দন। কাললৈ খ্যাতি অৰ্জন কৰিলে।’’

দুলু বৰুৱাই কয় ‘‘কি যে কাৰণ বোৰত অসম বন্ধ ঘোষণা কৰিব বিচাৰিছে। আমি নামানো এনেকুৱা ফাল্টু সিদ্ধান্ত।’’

ৰাজা বুঢ়াগোহাঁইয়ে কয় ‘‘এটা কথা কবই লাগিব যে যি সময়ত আমাৰ অসমত বিজেপি অস্তিত্ব নাছিল, যি সময়ত অসমত বিজেপিক কোনোৱে গুৰুত্ব প্ৰদান কৰা নাছিল সেই মূহুৰ্তত বিজেপিৰ হৈ এইজন নেতাই অকলে থিয় দিছিল। ইংৰাজীত কোৱা বাক্য এষাৰিৰ দৰে #The_Last_Standing কিন্তু তেনে এজন মানুহৰ আজি বিজেপিত একো গুৰুত্ব নোহোৱা হল। বিজেপিয়ে পাহৰি গল তেওঁলোকৰ পুৰণি মানুহবোৰক।’’

লক্ষীৰাজ ডেকাই কয় ‘‘BJP দলে মুছলমান মুক্ত ভাৰত বিচাৰে। তাৰেই উদাহৰণ হিচাপে অসমত মুছলমান মুক্ত মন্ত্ৰীসভা তৈয়াৰ কৰিলে। আপোনাৰ মত?’’

প্ৰশান্ত গগৈয়ে কয় ‘‘এইয়া আমাৰ বন্ধ সংস্কৃতিৰ বৰ মতা কেইটা, মন্ত্ৰিত্ব নোপোৱাৰ ক্ষোভ চাওক খাটি খোৱা দিন হাজিৰা কেইজনৰ ওপৰত, ঘেণ্টা দাদাগিৰী দেখাইছ, মন্ত্ৰিত্ব নাপালি যা লাষ্টগেটত প্ৰতিবাদ কৰ, দল ত্যাগ কৰ, অনশন কৰ, কিন্তু খাটি খোৱা মানুহক বন্ধৰ নামত এদিন অত্যাচাৰ কৰি কি ফালিবি৷ অসমৰ জ্বলন্ত সমস্যাৰ বাবে মাত, হিন্দু বাংলাদেশী সংস্থাপনৰ বিৰোধিতা কৰ, খাটি খোৱা মানুহকেইটাক নিজৰ ঘৰৰ পিৰালিত শাৰীৰিক অত্যাচাৰ কৰি বৰ মতা দেখুৱাই লাভ নাই৷’’
হে হৰি কি দেখাইছা এইবোৰ, নাভূত নাশ্ৰুত নোহোৱা নোপোজা কাণ্ড বোৰ চাওক চোন৷ আপুনি মন্ত্ৰিত্ব নাপালে বাবে দল ত্যাগ কৰক৷ কিন্তু কাইলৈ অসম বন্ধ কিহৰ বাবে৷ এই অভিমান কাৰ বাবে হে৷ অসমীয়া ৰাইজক দলৰ বাবে হাৰাশাস্তি কৰাৰ অধিকাৰ আপোনাৰ আছে জানো৷ এবাৰ ভাবি চাব দেই৷’’

ৰুদ্ৰ ভূঞাই কয় ‘‘বন্ধ সফল নহয় বিফল কৰক আৰু এইবোৰ ফটুৱা চাণ্ডাভূজি সংগঠনক ৰাজপথত দেখিলেই উচিত শাস্তি দিয়ক যাতে নাৰী কেলেংকাৰী লগত জড়িত থকা বিজেপি বিধায়কৰ হৈ ওকালতি আৰু ভৱিষ্যতে অনাহকত অসম বন্ধ দিব'লৈ সাহস নকৰে যাতে৷’’

মনোজ বৰুৱাই কয় ‘‘বৰ্তমানৰ পৰিস্থিতি চালে অনুমান কৰিব পাৰি ২০২১ৰ আগতেই BJP দলত এক ব‌ৃহৎ ভৃমিকম্প আহিব৷ আপুনি কি কয়?’’

নিকুঞ্জনন্দ দেৱ শৰ্ম্মাই কয় ‘‘এটা সময়ত বিজেপি বুলিলে মানুহে অসমত প্ৰশান্ত ফুকনকেই চিনি পাইছিল। সেই মানুহ আজি নিশ্চিহ্ন হল। অসম বিজেপি দ্বি-খন্দিত হলে আৰৰ মানুহজন কোন হব? সেই লাউ দলৰ যৌৱন কালত এতিয়া পাতৰ আৰত হেৰাই গল।’’

মকবুল হুছেইন কামৰূপীয়ে কয় ‘‘মন্ত্ৰিত্ব পোৱাৰ আশাত ই যে কি কি বকি আছিল ইমান দিনে৷ বকি থাকাৰ বাবে বহু কেইটা গোচৰত পৰি থক বক৷ মন্ত্ৰিত্ব নোপোৱাৰ কাৰন Criminal Case pending against him৷ মন্ত্ৰিত্ব নোপোৱাৰ বাবে অলপ শান্তি পালো৷ ইয়াৰ মূখ খন বন্ধ হব এতিয়া৷’’

পৰাশৰ বৰুৱাই কয় ‘‘মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ কিছু অনুভৱ। মন্ত্ৰী সভাৰ বহু প্ৰত্যাশিত সম্প্ৰাসাৰণ হল। কোন মন্ত্ৰী হ’ব সেইটো মুখ্যমন্ত্ৰীৰ ক্ষমতাৰ কথা কিন্তু তালিকাখন চালেই বুজিব পাৰি সংঘৰ প্ৰত্যক্ষ হস্তক্ষেপ। অসমৰ সংখ্যালঘু জনতাৰ কোনো প্ৰতিনিধি অন্তৰ্ভুক্ত নহল। শাসকীয় দলৰ সংখ্যালঘু সম্প্ৰদায়ৰ বিধায়ক আছে। কংগ্ৰেছ ত্যাগ কৰা বিধায়কসকলে অধিক গুৰুত্ব পোৱা পৰিলক্ষিত হৈছে। কেইবাজনো জ্যেষ্ঠ নেতাক অৱজ্ঞা কৰি নবিজেপিক গুৰুত্ব দিয়া হল। তাৰ কেইবাজনে বিদ্ৰোহৰ বিগুল ফুকাইছে। পৰবৰ্তী সময়ত এই সকলৰ ভুমিকা লক্ষণীয় হব। আমাৰ ৰঙিয়াৰ বিধায়ক মহোদয়ে মন্ত্ৰী পদ পোৱাত আনন্দিত হৈছো। আজি দুদিন ধৰি ৰঙিয়াৰ পৰিৱেশ এনেকুৱা হৈছে যে ৰাজ্যিক মন্ত্ৰী নহয় ৰঙিয়াৰ পৰা একদম মুখ্যমন্ত্ৰী হৈছে। অবতৰীয়া হোলী, দেৱালী সকলো একেলগে পালন কৰা হৈছে। তথাপিও আশাৰে বাট চাই আছো ৰঙিয়াৰ উন্নতিৰ কামনাৰে।’’

উল্লেখ্য যে, সকলো জল্পনা কল্পনাৰ অন্ত পেলাই ঘোষণা কৰা সম্প্ৰসাৰিত মন্ত্ৰীসভাতখনত স্থান লাভ কৰা ৭গৰাকী নতুন মন্ত্ৰীয়ে বৃহস্পতিবাৰে ৰাজভৱনত ৰাজ্যপাল জগদীশ মুখীয়ে শপত বাক্য পাঠ কৰোৱাৰ লগতে মন্ত্ৰী কেইজনে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে৷ তাৰ লগে লগে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীৰ বিভাগ বিতৰণ কৰে৷

ৰাজভৱনত সিদ্ধাৰ্থ ভট্টাচাৰ্য, ছুম ৰংহাং, চন্দন ব্ৰহ্ম আৰু ফণীভূষণ চৌধুৰীয়ে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বিপৰীতে ভৱেশ কলিতা, তপন গগৈ আৰু পীয়ুষ হাজৰিকাই স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে৷