গুৱাহাটীঃ এঠাইত যদি মথাউৰি ভাঙিছে আন এঠাইত আকৌ বানে উটুৱাই নিছে ৰাষ্ট্ৰীয় ঘাইপথ। মুঠৰ ওপৰত বানৰ বাবে এতিয়া সমগ্ৰ ৰাজ্যত হাহাকাৰ পৰিস্থিতি৷ ৰাজ্যৰ গ্ৰাম্য অঞ্চল বাদেই প্ৰধান চহৰৰ বাট-পথো পানীৰ তলত।

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ প্ৰতিখন নৈ ফেনে ফোটোকাৰে বাঢ়ি আহি তাণ্ডৱৰ সৃষ্টি কৰাৰ সময়তে বিৰোধী দলৰ নেতাসকল ডিঙিত গামোছা লৈ ৰঙীণ মঞ্চত উদাত্ত ভাষণ দি পাৰ কৰিছে সময়৷ বানপীড়িতৰ ওচৰত থিয় দিয়াৰ পৰিৱৰ্তে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ কংগ্ৰেছে পালন কৰিছে প্ৰৱঞ্চনা দিৱস৷

বিজেপি দলে কৰা প্ৰৱঞ্চনাৰ বিৰোধিতা কৰিবলৈ গৈ বানত ডুব নোযোৱা স্থানত কংগ্ৰেছীয়ে ৰঙীণ মঞ্চ সাজি উদাত্ত ভাষণ দিছে, আনফালে বানত ককবকাইছে ৰাইজে৷ যেনেকৈ ৰাজ্য চৰকাৰখনে বান পীড়িতক সহায় কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে ঠিক তেনেদৰে বিৰোধী দলৰ ভূমিকা পালনতো কংগ্ৰেছ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছে। 

এসাজ ভাত-কাপোৰৰ বাবে ৰাইজে হাহাকাৰ কৰাৰ সময়ত দলটোৱে বানপীড়িত অঞ্চলসমূহ ভ্ৰমণ কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিব লাগিছিল৷ কিন্তু তাকে নকৰি দলটোৰ নেতাসকল ব্যস্ত হৈ পৰিছে সভা পতাত৷ এনে কাৰ্যত দলটোৰে একাংশ কৰ্মী ক্ষুব্ধ হৈ পৰা দেখা গৈছে। দলৰ এনে কাৰ্য-কলাপৰ বাবে গণভিত্তি হেৰোৱাৰ উপক্ৰম হৈছে বুলিও মত প্ৰকাশ কৰিছে একাংশ তৃণমূল কৰ্মীয়ে।

উল্লেখ্য যে, দেওবাৰে সাংসদ সুস্মিতা দেব আৰু প্ৰাক্তন বিধায়িকা ৰুমী নাথে বৰাকৰ বৰখলা সমষ্টিত প্ৰৱঞ্চনা দিৱস পালন কৰাৰ লগতে আজি শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ আমাৰীবাৰীস্থিত খেলপথাৰত ৰঙাপৰা আৰু বালিপৰা ব্লক কংগ্ৰেছ বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণা দিৱস পালন কৰে।

আজি দিনৰ ১২বজাৰ পৰা অনুষ্ঠিত সভাত সভাপতিত্ব কৰে ৰঙাপৰা সমষ্টি প্ৰাক্তন বিধায়ক ভিমানন্দ তাঁতীয়ে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰা, প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰকিবুল হুছেইন, ৰাজ্যসভাৰ সাংসদ শান্তিয়াছ কুজুৰ, অপূৰ্ব ভট্টাচাৰ্য্য প্ৰমুখ্যে ভালেকেইজন ৰাজ্যিক নেতা।

সভাত ৰিপুণ বৰা, ৰকিবুল হুছেইন, অপূৰ্ব ভট্টাচাৰ্য অাৰু শান্তিয়াছ কুজুৰে বিজেপি দলে অসমৰ ৰাইজক প্ৰতাৰণা কৰা বুলি কয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনৰ পূৰ্বে দেশবাসীক দিয়া প্ৰতিশ্ৰুতি ভূৱা প্ৰতিশ্ৰুতি আছিল বুলি এখনি তথ্যচিত্ৰ প্ৰদৰ্শন কৰে। তথ্যচিত্ৰ প্ৰদৰ্শন, ডিঙিত গামোছা লৈ উদাত্ত ভাষণ দিয়াত ব্যস্ত থকা কংগ্ৰেছে শোণিতপুৰ জিলাৰ লগতে নীপকোৱে অতিৰিক্ত পানী এৰি দিয়াৰ ফলত সমগ্ৰ উত্তৰ অসমত হোৱা জলপ্ৰলয়ৰ বিষয়টোত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে।

• Additional inputs from NNO Balipara and NNO Barkhala •