ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰ পৰা শুকুৰবাৰে পূৱা ৮.৩০ বজালৈ নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত চেন্নাইত বন্ধ হৈ পৰিছে জনজীৱন৷ চহৰ আৰু ইয়াৰ আশে পাশে অতিপাত বৰষুণ দিয়াৰ ফলত বানপানীৰ সৃষ্টি হয়৷ স্কুললৈ যাব নোৱাৰাত ছাত্ৰ-ছাত্ৰী সকলৰ পাঠদান বন্ধ হৈ পৰিছে৷ কোম্পানী সমুহৰ কৰ্মচাৰীক ছুটি লোৱাৰ পৰামৰ্শ দিছে চৰকাৰে৷

বতৰ বিজ্ঞান কেন্দ্ৰই তামিলনাডুত অহা শনিবাৰলৈ প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি কৈ জনসাধাৰণক সতৰ্ক কৰি৷ ইয়াৰ লগে লগে নেছনেল ডিজাষ্টাৰ মেনেজমেন্ট অথ’ৰিটিয়ে বিপদৰ পৰা পৰিত্ৰাণ পাবলৈ পৰামৰ্শ আগবঢ়য়।

চেন্নাইৰ লগতে চুবুৰীয়া জিলা কাঞ্চীপুৰম আৰু তিৰুবেল্লুৰতো অতিপাত বৰষুণ হোৱাৰ বাবে জনজীৱন সম্পূৰ্ণকৈ স্তব্ধ হৈ পৰে৷ চেন্নাইৰ লগতে এই দুখন জিলাটো যোৱা ৩১ অক্টোবৰৰ পৰা স্কুল কলেজ বন্ধ হৈ আছে৷ বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, শ্ৰী লংকাৰ দক্ষিন-পশ্চিম আৰু সুন্দৰবনত বতাহৰ চাপ কম হোৱাৰ বাবে এই আবতৰীয়া বৰষুণ হৈছে৷