গোৰেশ্বৰঃ কালিৰে পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বাক্সা জিলাৰ গোৰেশ্বৰৰ ভিন্ন ঠাই জলমগ্ন হৈ পৰিছে।

অঞ্চলটোৰ কৃষি পথাৰ, ৰাস্তা-ঘাট আদি নিশাৰ ভাগতে ডুব যায়। ইয়াৰ মাজতে বাইহাটা চাৰিআলি গোৰেশ্বৰ নাওকাটা পথৰ মহৰিপাৰাত হোৱা এক ভুমিস্খলনৰ ফলত পথটোত যাতায়ত ব্যাহত হৈ পৰিছে।

পুৱাৰ ভাগতে অত্যাধিক পানীৰ হেচাত পথৰ পথটোৰ এটি সৰু পুল খহাই নিয়াৰ ফলত অতি বিপদসংকুল ভাবে যান-বাহন চলাচল কৰি আছে যদিও যিকোনো সময়তে পথটো সম্পূৰ্ণভাবে খহি যোৱাৰ আশংকা প্ৰকাশ কৰিছে ৰাইজে।

প্ৰতিষ্ঠিত ঠিকাদাৰ প্ৰভু আগৰৱালাৰ নিৰ্মান সংস্থাই পথচোৱা বহলকৈ নিৰ্মান কৰি আছিল। স্থানীয় ৰাইজে পথত পুলৰ পৰিবৰ্তে পকী দলং দিয়াৰ বাবে দাবী জনাইছে।