পাঞ্জাবাৰীঃ নেৰানেপেৰা বৰষুণে গুৱাহাটী মহানগৰীৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰি পেলাইছে। ৰাজপথত একাঠু পৰ্য্যন্ত পানী৷ পোন্ধৰ বছৰৰ কগ্ৰেছৰ উন্নয়ণ আৰু এবছৰীয়া বিজেপি চৰকাৰে কৰা কামৰ যেন ফল হে ভুগিছে মহানগৰবাসীয়ে।

গুৱাহাটী উন্নয়ণৰ বাবে অহা কোটি কোটি টকা খৰছ কৰাৰ বিপৰীতে সাধৰণ বৰষুণে উটুৱাই নিলে মহানগৰীৰ সকলো। কৃত্ৰিম বানৰ ফলত মহানগৰীৰ ৰাজ্যিক চিৰিয়াখানাৰ সমীপত বিদ্যুৎস্পৃষ্ট হৈ অকালতে মৃত্যুক সাৱটি লয় এগৰাকী ছাত্ৰ আৰু ছাত্ৰ জনক বচাবলৈ গৈ আন এজন লোকে।

জানিব পোৱা মতে পুষণ কলিতা নামৰ ছাত্ৰ জন বিদ্যুৎস্পৃষ্ট হোৱাত আনোৱাৰ হুছেইন নামৰ লোকজনে নিজৰ জীৱনক তুচ্ছজ্ঞান কৰি বছাবলৈ গৈ কৰুণ মৃত্যুক সাৱটি লয় দুয়োজনেই। মৃত ছাত্রজনৰ ঘৰ কাহিলীপাৰা আৰু মহানগৰীৰ মাৰিয়া পাব্লিক স্কুলৰ ছাত্র আছিল আনহাতে আনোৱাৰ হুছেইনৰ ঘৰ গান্ধীবস্তিত বুলি জানিব পৰা গৈছে।