e-pao-net
e-pao-net

newsnextone.com | গুৱাহাটী/মণিপুৰ/আগৰতলাঃ পুনৰ বানৰ কৱলত পৰিছে উত্তৰ পূৰ্বাঞ্চলৰ চাৰি খন ৰাজ্য৷ উত্তৰ পূৱৰ অসম, মণিপুৰ আৰু ত্ৰিপুৰা ৰাজ্যৰ বিভিন্ন ঠাই বানৰ কৱলত পৰাৰ ফলত যোগাযোগা বন্ধ হৈ পৰাৰ লগতে ৰাইজে ব্যাপক সমস্যাত পৰে৷ অসমৰ বিশ্বনাথ জিলাৰ গহপুৰ অঞ্চল, বৰাক ভেলীৰ কৰিমগঞ্জ জিলা, গোলাঘাটৰ বোকাখাত-কাজিৰঙা অঞ্চল বছৰৰ প্ৰথমটো বানৰ কৱলত পৰে৷

বছৰৰ প্ৰথমটো বানৰ কৱলত পৰিছে গোলাঘাট জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা কেইবাখনো ৰাজহ গাঁও৷ বানৰ কৱলত পৰি হাহাকাৰ কৰিব লগা হৈছে কাজিৰঙা-বোকাখাত, বৰাকৰ কৰিমগঞ্চ আৰু গৰপুৰৰ কেইবাখনো গাঁৱৰ ৰাইজে৷ নিশাৰে পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কাজিৰঙাৰ কহৰা নৈৰ পানী বাঢ়ি অহাৰ ফলত কাজিৰঙাৰ বহু গাঁও বুৰাই পেলায়৷ গাঁও সমূহৰ পথ সমূহ বুৰ যোৱাৰ লগতে কেইবাটাও পথ খহাই নিয়া বুলি জানিব পৰা গৈছে৷ যাতায়াতত ব্যাপক সমস্যাত পৰিছে ৰাইজ৷ ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰেৰে পানী বৈ যোৱাত ব্যাপক সমস্যাত পৰে পথচাৰী৷ 

আনহাতে চুবুৰীয়া ৰাজ্য মণিপুৰ ভয়াবহ বানৰ কৱলত পৰে৷ ৰাজধানী ইম্ফল নগৰত ঠায়ে ঠায়ে একাঁঠু পৰ্যন্ত হৈ পানী হোৱাত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰে৷ চহৰ খনত ৰাজ্য প্ৰশাসনৰ মুখ্য কাৰ্যালয় সমূহ আছে যদিও কাৰ্যালয় চৌহদ পানীয়ে বুৰাই পেলোৱাৰ ফলত হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়৷ একপ্ৰকাৰ প্ৰশাসন যন্ত্ৰ অচল হৈ পৰে৷ 

আনহাতে অসম সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ ডুব যোৱাৰ পলত সৰু-বৰ গাড়ী-মটৰ আহ-যাহত ব্যাঘাট জন্মে৷ পুৱাৰে পৰা পানী দ্ৰুত গতিত বাঢ়ি অহাত স্কুল-কলেজ, একাংশ চৰাকৰী-বেচৰকাৰী কাৰ্যালয় বন্ধ ৰাখিব লগা হয়৷ নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো নৈৰ পানী বাঢ়ি অহাত ৰাজধানী চহৰ ইম্ফলৰ সৈতে সংযোগ ঘটোৱা কেইবাটাও পথত বৰ্তমানেও যাতায়াত বন্ধ হৈ আছে৷ 

ইপিনে পুৱাৰে পৰা ঐতিহাসিক জিৰিবাম পথত হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়৷ শ-শ গাড়ী-মটৰ ৰাজপথত থিয় দি থাকিব লগা হয়৷ ইম্ফল–জিৰিবাম পথত পাহাৰৰ পৰা মাটি খহি পৰাৰ লগতে ভূমিস্খলনৰ ফলত পথটোৰ এটা বৃহৎ এলেকা খহি পৰে৷ ফলত পুৱাৰে পৰা সম্পূৰ্ণৰূপে গাড়ী-মটৰৰ চলাচল বন্ধ হৈ পৰে৷ প্ৰশাসনে পথটো মেৰামতি কৰিবলৈ চেষ্টা চলাই থকা পৰিলক্ষিত হৈছে৷ মণিপুৰ প্ৰশাসনে জনোৱা মতে, ৰাজধানী ইম্ফলৰ লগতে ভিতৰুৱা ঠাইসমূহো বানৰ কৱলত পৰিছে৷ ভিতৰুৱা ঠাইৰ বহু পৰিয়াল গৃহহাৰা হোৱাৰ বাতৰি পোৱা গৈছে৷

উত্তৰ পূৱৰ ৰাজ্য ত্ৰিপুৰা ভয়াবহ বানৰ কৱলত পৰিছে৷ ৰাজধানী আগৰতলাৰ সমীপৰ চব্ৰুম আৰু বেলনীয়া অঞ্চলৰ বানৰ কৱলত পৰিছে৷ নেৰানেপেৰা বৰষুণৰ ফলত পশ্চিম ত্ৰিপুৰাৰ গোমতী নৈকে ধৰি কেইবাখনো নৈ ফেনে ফোটোকাৰে বাঢ়ি অহাত নিশাৰ ভিতৰতে বহু অঞ্চল ডুবাই পেলায়৷ মানুহৰ ঘৰ আৰু ৰাজপথ ডুবাই পেলোৱাৰ ফলত হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়৷ ৰাজপথত নাও চলাব লগা হৈ পৰে৷ চৰকাৰে বানাক্ৰান্তক সাহাৰ্য দিয়াৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিয়ে প্ৰশাসনক৷ 

ইয়াৰ পূৰ্বে মে’ মাহত চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত আবতৰীয়া বানত ৬ গৰাকী লোকৰ মৃত্যু হৈছিল৷ নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত বহু অঞ্চল জলমগ্ন হৈ পৰাৰ ফলত হাহকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ গৃহহাৰা হৈ ১৭,৮৪০ জন লোক শিবিৰত থাকিব লগা হৈছিল৷ ৰাজধানী আগৰতলা, পশ্চিম ত্ৰিপুৰাৰ খোওৱাই, গোমটী জিলা  ক্ষতিগ্ৰস্ত হৈছিল৷

চুবুৰীয়া ৰাজ্য মিজোৰামত কেইবাঘণ্টা ধৰি জনজীৱন ব্যাহত হৈ আছে৷ যোৱা ২৪ ঘণ্টা ধৰি নেৰেনেপেৰা বৰষুণ দি থকাৰ ফলত মিজোৰামৰ বিভিন্ন অঞ্চল প্লাৱিত হৈ পৰে৷ ফলত জনজীৱন ব্যাহত হয়৷ ভূমিস্খলন হোৱাৰ ফলত যাতাযাত ব্যৱস্থাও ব্যাহত হৈ পৰে৷ লেংপুৰী বিমান বন্দৰলৈ যোৱা পথ ভূমিস্খলন হোৱাৰ ফলত পুৱাৰে 
পৰা যাতায়াত বন্ধ হৈ আছে৷ বহু ঠাই ৰাজপথতে আৱদ্ধ হৈ পৰিছে যান-বাহন৷ লুংগেলি জিলাৰ ট্লাবুং চহৰ, আইজালৰ চাইৰাং চহৰৰ পৰা প্ৰায় ২০০ পৰিয়ালক কোনো মতে ৰক্ষা কৰে প্ৰশাসনে৷