ANI
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতাৰ তীব্ৰ বিৰোধিতাক প্ৰত্যাখ্যান কৰি অৱশেষত প্ৰাক্তন ৰাষ্ট্ৰপতি তথা একালৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰণৱ মুখাৰ্জী উপস্থিত হ’ল নাগপুৰস্থিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখ্য কাৰ্যালয়ত৷ আৰএছএছৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ লগে লগে আৰএছএছ প্ৰধান মোহন ভাগৱতে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক উস্ম আদৰণি জনায়৷ 

উল্লেখ্য যে, প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে আৰএছএছৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰাৰ পিছতে অনুষ্ঠানত অংশ নল’বলৈ কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই পৰামৰ্শ দিছিল৷ আনকি বুধবাৰে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক কন্যা তথা কংগ্ৰেছৰ নেত্ৰী শৰ্মিষ্ঠা মুখাৰ্জীয়েও পিতৃৰ সিদ্ধান্তক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল৷

তৎসত্বেও বৃহস্পতিবাৰে সন্ধিয়া প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে আৰএছএছৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়৷ প্ৰণৱ মুখাৰ্জীয়ে আৰএছৰএছৰ সংস্থাপক হেডকেৱাৰৰ স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তাৰ পিছতে তেওঁ আৰএছএছ প্ৰধান মোহন ভাগৱতৰ সৈতে চাহ মেলত অংশ লৈ বিভিন্ন বিষয়ত আলোচনাত মিলিত হ’ব৷

আনহাতে, আৰএছএছৰ মুখ্য কাৰ্যালয়ত প্ৰৱেশৰ পূৰ্বে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে সংঘৰ ভিজিটৰ বুকত স্বাক্ষৰ কৰি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷ তেওঁ বহীত লিখে, ‘আজি মই ইয়াত ভাৰত মাতৃৰ মহান সন্তানসকলক সাক্ষাত কৰিবলৈ আহিছোঁ৷

প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে সন্ধিয়া ৬.৩৫ বজাত প্ৰায় ২০ মিনিট সময় সংঘৰ স্বয়ংসেৱক সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব৷