newsnextone.com | ডিজিটেল ডেস্কঃ মমতা বেনাৰ্জী প্ৰধানমন্ত্ৰী হলে কোনো আপত্তি নাই জেডিএছ মুৰব্বী প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচডি দেৱগৌড়াৰ। এটি সাক্ষাতকাৰত এই কথা স্পষ্ট কৰে দেৱগৌড়াই। তেওঁ কয় যে মমতাক যদি প্ৰধানমন্ত্ৰীৰ চেহেৰা কৰা হয় তেন্তে ভাল হ'ব। ইন্দিৰা গন্ধীয়ে ১৭ বছৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। সকলো সময়তে আমিয়েই (পুৰুষ) প্ৰধানমন্ত্ৰী হ'ব লাগিব? মমতা বা মায়াৱতী প্ৰধানমন্ত্ৰী হ'ব পাৰে। পূৰ্বে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে ইংগিত দিছিল ২০১৯ চনত মমতাক প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ হিচাপে চাব বিচাৰো বুলি।
২০১৯ চনৰ লোকসভা নিৰ্বাচনত দেশৰ বিৰোধী দলক একত্ৰিত কৰাত মমতাই বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। কিছুদিন পূৰ্বে কংগ্ৰেছৰ একাংশ নেতাই ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে যদিও একাংশ বিৰোধী দলৰ নেতাৰ আপত্তি আছে বুলি প্ৰচাৰ হৈছে। ইয়াৰ অন্যতম হৈছে চন্দ্ৰ বাবু নাইডু।
যদি এনে পৰিস্থিতি হয় তেন্তে কংগ্ৰেছৰ হাতত প্ৰধানমন্ত্ৰীৰ পদক লৈ ধৰিব থাকিব পৰা পথ নাথাকিব। কিয়নো এই সময়ত বিৰোধী দলক থানবান কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ সভাপতি অমিত শ্বাহে। বিজেপিয়ে পুনৰ দিল্লী দখল কৰিবলৈ চেষ্টা চলাই থকাৰ সময়তে বিৰোধী দলে যদি একত্ৰিত হয় তেন্তে প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী কোন হ'ব সেই কথা এতিয়াই থিক কৰাৰ প্ৰয়োজন আছে।
কিন্তু এই ক্ষেত্ৰত বিৰোধী দল একত্ৰিত কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰি অহা মমতাই প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব খুজিছে নেকি তাকেই লৈ চৰ্চা হৈছে। বিগত দিন কেইটাই মমতাই প্ৰতিটো বিৰোধী দলক একত্ৰিত কৰাৰ প্ৰয়াস কৰি গৈছে আৰু কংগ্ৰেছ দল সহ সকলো নেতাক সাক্ষত কৰি আহিছে।
মমতা বেনাৰ্জীক কংগ্ৰেছৰ বাহিৰে আন আন দলে বিৰোধী মিত্ৰজোঁটৰ দাবীদাৰ নেত্ৰী হিচাপে থিয় কৰাব পাৰে নেকি। যতি মমতাক থিয় কৰাই তেতিয়া কংগ্ৰেছে চিন্তা কৰিবলৈ বাধ্য হ'ব। অসমৰ নাগৰিক পঞ্জীৰ সমস্যাকে ধৰি বিভিন্ন দাবীক লৈ বিজেপিক তীব্ৰ আক্ৰমণ কৰি মমতাই আকৰ্ষণো বৃদ্ধি কৰিছে। বিজেপিৰ নেতৃত্বও বাৰে বাৰে মমতাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।
ৰাহুল গান্ধীক যিমান আক্ৰমণ কৰা নাই তাতকৈ বেছি আক্ৰমণৰ লক্ষ্য কৰি লৈছে মমতাক। উত্তৰ প্ৰদেশৰ ৰাজনীতিৰ দুই প্ৰধান বিৰোধী দল সমাজবাদী পাৰ্টি আৰু বহুজন সমাজবাদী পাৰ্টিয়ে মমতাৰ সৈতে দীৰ্ঘ সময়ৰ পৰা যোগসুত্ৰ ৰক্ষা কৰি চলিছে। যাৰ দ্বাৰা কব পাৰি বিজেপি বিৰোধী দলৰ চিনাকী চেহেৰা হৈ পৰিছে নেকি মমতা বেনাৰ্জী।
তাৰ মাজতে প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱগৌড়াৰ মন্তব্যই বিশেষ গুৰুত্ব লাভ কৰিছে। ইয়াৰ লগে লগে ২০১৯ চনৰ নিৰ্বাচনত কৰ্ণাটকত কংগ্ৰেছৰ সৈতে লগলাগি দেৱগৌড়াৰ দলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি ঘোষণা কৰে। কংগ্ৰেছক বাদ দি দেশত বিৰোধী মিত্ৰজোঁট সফল নহয় বুলি কয় দেৱগৌড়াই।