Image for Representation
Image for Representation

ডিজিটেল ডেস্কঃ গণ ধৰ্ষণৰ পিছত তিনিবাৰকৈ এছিড আক্ৰমণৰ সন্মুখীন হৈছিল তেওঁ। ইমানৰ পিছতো দুৰ্বৃত্তই পিছ এৰা নাই তেওঁৰ। লক্ষ্নৌৰ আলিগঞ্জত পুনৰ চতুৰ্থবাৰৰ বাবে এছিড আক্ৰমণৰ সন্মুখীন হয় মহিলাগৰাকী। 

তেওঁ যিটো হোষ্টেলত থাকে তাৰ নিচেই সমীপতে শনিবাৰে নিশা এছিড আক্ৰমণৰ সন্মুখীন হ’বলগীয়াত পৰে। আৰক্ষীয়ে জনোৱা মতে, এছিড আক্ৰমণৰ ফলত মহিলাগৰাকীৰ মুখ আৰু ডিঙি পুৰি গৈছে। অৱশ্যে বৰ্তমান তেওঁৰ স্বাস্থ্য ভাললৈ আহিছে বুলি চিকিৎসকে জানিবলৈ দিছে। ঘটনা সন্দৰ্ভত কোনো এজাহাৰ দাখিল কৰা হোৱা নাই বুলিও জানিবলৈ দিছে আৰক্ষীয়ে। হ’লেও আৰক্ষীয়ে নিজাববীয়াকৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

ইফালে ৩৫ বছৰীয়া এই মহিলাগৰাকীক সাক্ষাৎ কৰিবলৈ চিকিৎসালয়ত উপস্থিত হৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। তেওঁ এছিড আক্ৰান্ত মহিলাগৰাকীক চৰকাৰৰ তৰফৰ পৰা ১ লাখ টকাৰ সাহায্য প্ৰদান কৰা হ’ব বুলিও ঘোষণা কৰে।

উল্লেখ্য যে এই মহিলাগৰাকীয়ে লক্ষ্নৌস্থিত এছিড আক্ৰমণৰ বলি হোৱা সকলৰ দ্বাৰা পৰিচালিত হেং আউট কেফেত কাম কৰি আহিছিল। ২০০৯ চনত লক্ষ্নৌৰ পৰা ১০০ কিলোমিটাৰ দূৰৈৰ এখন গাঁৱত মাটি-সম্পত্তিৰ বিবাদৰ পৰিণতিত গণ ধৰ্ষণৰ সন্মুখীন হৈছিল মহিলাগৰাকী। ধৰ্ষণৰ পিছতে দুৰ্বৃত্তৰ দলটোৱে তেওঁৰ গাত নিক্ষেপ কৰিছিল এছিড।

২০১২ চনত মহিলাগৰাকীক চুৰীৰে আক্ৰমণ কৰে শত্ৰুপক্ষই। ২০১৩ চনত পুনৰ এছিড আক্ৰমণৰ সন্মুখীন হয় তেওঁ। কেৱল ইমানেই নহয়, চলিত বৰ্ষৰ ২৩ মাৰ্চত চলন্ত ৰেলত তেওঁক বলপূৰ্বক এছিড খুৱাই দিয়ে দুজন দুৰ্বৃত্তই। 

ইমানৰ পিছতো শাৰীৰিক আৰু মানসিকভাৱে ভাগি নপৰি জীৱন সংগ্ৰাম অব্যাহত ৰাখিছে তেওঁ। প্ৰচণ্ড আত্মবিশ্বাসৰ বলত সকলো দুৰ্বিসহ স্মৃতি একাষৰীয়াকৈ থৈ চেষ্টা চলাই গৈছে স্বাভাৱিকভাৱে জীয়াই থাকিবলৈ। তেওঁৰ এনে আত্মবিশ্বাসে আন দহগৰাকী মহিলাকো সাহস আৰু প্ৰেৰণা যোগাই আহিছে।

ইয়াৰ মাজতে শেহতীয়াকৈ মহিলাগৰাকীৰ ওপৰত সংঘটিত হোৱা এনে আক্ৰমণক সকলোৱে কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে দোষীক বিচাৰি উলিয়াই চৰম শাস্তি বিহিবলৈ সকলোৱে দাবী জনাইছে।