গোলাঘাট জিলাত ১৫ জুলাইতো বন্ধ থাকিব গেলামালৰ দোকানকে ধৰি সকলো ব্যৱসায় প্ৰতিষ্ঠান 

গোলাঘাট, ১৪ জুলাই : গোলাঘাট জিলাত ক'ভিড 19ৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে জাৰি কৰা দোকান-পোহাৰ বন্ধৰ নিৰ্দেশনা ১৫ জুলাই, বৃহস্পতিবাৰলৈ বৃদ্ধি কৰা হৈছে । ক'ভিডৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । এই সময়ছোৱাত গাখীৰ বিক্ৰী কেন্দ্ৰ আৰু ফাৰ্মাচীসমূহৰ বাহিৰে গেলামাল, শাক-পাচলি আৰু ফল-মূলৰ দোকানসমূহকে ধৰি সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ থাকিব । জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱাই এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে । অৱশ্যে এই সময়ছোৱাত পেট্ৰল পাম্প, গেছ এজেঞ্চি, বেংক, চাহ বাগিচা আৰু অন্য জৰুৰী সেৱাসমূহ পূৰ্বৰ দৰে খোলা থাকিব । এই নিৰ্দেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে অসম ক'ভিড19 নিয়ন্ত্ৰণ অধিনিয়ম, দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ আৰু ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে । উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ১৩ জুলাই মঙলবাৰ আৰু ১৪ জুলাই বুধবাৰে জিলাখনৰ সকলো দোকান-পোহাৰ বন্ধ ৰখাৰ বাবে প্ৰশাসনে নিৰ্দেশ জাৰি কৰিছিল । ৰাজ্য চৰকাৰৰ নিৰ্দেশক্ৰমে সমগ্ৰ জিলাখনতে সম্প্ৰতি সান্ধ্য আইন অব্যাহত আছে । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট