internet

গুৱাহাটীঃ অপৰাধীৰ ৰম্যভুমি লৈ ৰুপান্তৰিত হৈ পৰিছে আপোনাৰ মোৰ প্ৰিয় গুৱাহাটী মহানগৰী ৷ আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই অপৰাধীয়ে নিতৌও সংঘটিত কৰি আহিছে এটাৰ পিছত আনটো অপৰাধ ৷

বুধবাৰে পুৱা মহানগৰীৰ পল্টনবজাৰষ্ঠিত ৰেলৱে ষ্টেছনত ১.৬ কেজি সোণসহ দুগৰাকী ব্যক্তিক আটক কৰে  ৰেলৱে আৰক্ষীয়ে ৷ নতুন দিল্লী অভিমূখী ৰাজধানী এক্সপ্ৰেছৰ জড়িয়তে ৰবি শৰ্মা আৰু উদয় শৰ্মা নামৰ দুই যুৱকে সৰবৰাহ কৰিছিল সোণ খিনি ৷ ৰেলৱে আৰক্ষীয়ে দিয়া তথ্য অনুসৰি সোণ খিনি মূল্য প্ৰায় ৫০ লাখ ৷