newsnextone.com | ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে জম্মু-কাশ্মীৰত তৎকালীন ভাৱে ৰাজ্যপালৰ শাসন লাগু কৰিবলৈ অনুমতি প্ৰদান কৰিছে৷ ইয়াৰ পিছতে বুধবাৰৰ পৰা ৰাজ্যখনত ৰাজ্যপাল শাসন প্ৰচলিত হোৱা পৰিলক্ষিত হয়৷

মঙলবাৰে বিজেপি আৰু পিডিপি দলৰ মিত্ৰতা ভংগ হোৱাৰ পিছত জম্মু-কাশ্মীৰত নতুন চৰকাৰ গঠনৰ সম্ভাৱনা ক্ষীণ হৈ পৰাত ৰাজ্যপাল শাসনৰ বাবে আবেদন কৰা হৈছিল৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰী মেহবুবা মুফতীয়ে ৰাজ্যখনৰ সুৰক্ষা ব্যৱস্থা নিয়ন্ত্ৰণ কৰাত বিফল হোৱা বুলি অভিযোগ উত্থাপন কৰি মিত্ৰদল বিজেপিয়ে নিজৰ সমৰ্থন উভটাই লোৱাৰ বিষয়ে ঘোষণা কৰিছিল৷ বিজেপিয়ে দিল্লীত এক সংবাদমেলত কয় যে জম্মু-কাশ্মীৰত বৃদ্ধি হৈ অহা সন্ত্ৰাসবাদ আৰু হিংসাত্মক ঘটনাৰ মাজত পিডিপিৰ সৈতে চৰকাৰ গঠন কৰি থকাটো অসম্ভৱ হৈ পৰিছে৷

ইফালে চৰকাৰৰ পৰা সমৰ্থন উভটাই লোৱাৰ পিছত মঙলবাৰে সন্ধিয়া মেহবুবা মুফতীয়ে ৰাজ্যপাল এনএন বোহৰাক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ পত্ৰ অৰ্পণ কৰে৷ আনহাতে বিজেপি-পিডিপিৰ চৰকাৰ ভংগ হোৱাৰ পিছত কোনো দলেই চৰকাৰ গঠনৰ বাবে মিত্ৰতা স্থাপন কৰাত সহমতি প্ৰদান কৰা পৰিলক্ষিত নহ’ল৷ যাৰ ফলত ৰাজ্যখনত ৰাজ্যপাল শাসনৰ বিকল্প নাছিল৷

জম্মু-কাশ্মীৰত ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত পিডিপি আৰু বিজেপিয়ে মিত্ৰজোঁট চৰকাৰ গঠন কৰিছিল৷ ৰাজ্যখনৰ ৮৭ খন বিধানসভা আসনৰ ভিতৰত পিডিপিয়ে ২৮ খন আৰু বিজেপিয়ে ২৫ খন আসন লাভ কৰিছিল৷ মিত্ৰজোঁটৰ পূৰ্বে মুফতী মোহম্মদ চৈয়দ পিডিপি দলৰ অধ্যক্ষ আছিল আছিল যদিও ২০১৬ চনৰ জানুৱাৰীত তেওঁৰ মৃত্যু ঘটাত তেওঁৰ কন্যা মেহবুবা মুফতীয়ে পৰিৱৰ্তী মুখ্যমন্ত্ৰীৰূপে মনোনীত হয়৷ 

উল্লেখ্য যে, জম্মু-কাশ্মীৰত ভাৰতৰ অন্য ৰাজ্যৰ দৰে ৰাষ্ট্ৰপতি শাসন প্ৰচলিত নহয়৷ দেশৰ অন্য ৰাজ্যত প্ৰদেশ চৰকাৰ যদি বিফল হয়, তেন্তে ৰাষ্ট্ৰপতি শাসন লাগু হয়৷ কিন্তু কিন্তু জম্মু-কাশ্মীৰত ৰাষ্ট্ৰপতিৰ পৰিৱৰ্তে ৰাজ্যপাল শাসনহে লাগু কৰা হয়৷ ভাৰতৰ সংবিধানে জম্মু-কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিছে৷ আনহাতে, জম্মু-কাশ্মীৰ ভাৰতৰ একমাত্ৰ এনে এখন ৰাজ্য, যাৰ পৃথক সংবিধান আৰু আইন আছে৷

ৰাজ্যপাল শাসন কালত জম্মু-কাশ্মীৰৰ বিধানসভা নিলম্বিত কৰা হয় নাইবা ভংগ কৰা হয়৷ যদি ৬ মাহৰ ভিতৰত ৰাজ্যখনৰ সামান্য স্থিতি বাহাল নাথাকে, তেন্তে এই ব্যৱস্থাৰ বৃদ্ধি কৰিব পৰাৰ নিয়মো আছে৷