গুৱাহাটীঃ ৯ মেত ফুট গধূলিতে মহানগৰীৰ সদাব্যস্ত পথ জি এছ ৰোডত থকা এম পি জুৱেলাৰ্ছত সংঘটিত হোৱা ভয়ংকৰ ডকাইতি সন্দৰ্ভত আৰক্ষীয়ে জেৰা অব্যাহত ৰখাৰ মাজতে ন ন কথা পোহৰলৈ আহিছে৷

গহণালয়খনৰ পৰা নগদ ৩  কেজি ৫০০ গ্ৰাম লুটিলৈ যোৱা ঘটনাই সমগ্ৰ গুৱাহাটী মহানগৰীত চাঞ্চ্যলই বিৰাজ কৰিছে আৰু সেই সোণৰ মূল্য গহণালয়খনৰ স্বত্বাধিকাৰীৰ মতে ৩ কোটি আৰু আৰক্ষীৰ তথ্য মতে ১ কোটি৷ দুয়ো পক্ষৰ এনে পৃথক ভাষ্যই ঘটনাটোক ৰহস্যৰ মাজলৈ লৈ যোৱা পৰিলক্ষিত হৈছে।

গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্ত হীৰেন নাথে জনোৱা মতে ঘটনাৰ লগত জড়িত দুজন ডকাইতক ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সমৰ্থ হৈছে। ধৃত দুজন ক্ৰমে গহণালয়খনৰ নিৰাপত্তাৰ দায়িত্বত থকা প্ৰেমজিৎ সিনহা আৰু নীল কমল সিং। ইফালে আন এজন ডকাইতক বিচাৰি আৰক্ষীয়ে বিভিন্ন স্থানত তালাচী অভিযান চলাই আছে৷ অতি শীঘ্ৰেই মূল মাষ্টাৰ মাইণ্ড জালত পৰিব বুলিও মন্তব্য কৰে হীৰেন নাথে।

ধৃত আটাইকেইজনকে মহানগৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। আৰক্ষী আয়ুক্তগৰাকীয়ে ছিকিউৰিটি এজেন্সীসমূহক সক্ৰিয় হ’বলৈকো আহ্বান জনাইছে। মহানগৰীৰ প্ৰতিটো কোণতে তীক্ষ্ন নজৰ ৰাখিছে আৰক্ষীয়ে। এম পি জুৱেলাৰ্ছৰ ডকাইতি কাণ্ডৰ তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ গতিত চলি আছে বুলিও জানিবলৈ দিছে আৰক্ষী আয়ুক্তগৰাকীয়ে।

ইপিনে এই ঘটনাৰ পিছতে ভঙাগড়ৰ আৰক্ষী অধীক্ষক অশোক সিঙক বদলি কৰে অসম আৰক্ষীয়ে। এম পি জুৱেলাৰ্ছৰ নিচেই কাষতে ভঙাগড়ৰ আৰক্ষী থানা থকাৰ পিছতো এই চাঞ্চ্যলকৰ ঘটনা সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিততে ভঙাগড়ৰ আৰক্ষী বিষয়াগৰাকীক বদলি কৰা হৈছে বুলি জানিব পৰা গৈছে।