প্ৰতিকী ফটো
প্ৰতিকী ফটো

গুৱাহাটীঃ অনলাইনৰ ফৰ্ম ভৰ্তিৰ নামত বিপদত পৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী৷ ডিজিটেল ইণ্ডিয়াক ত্বৰন্বিত কৰাৰ লগতে অনলাইল ব্যৱস্থাক সক্ৰিয় কৰাৰ বাবে সমগ্ৰ দেশতে এতিয়া অনলাইন ব্যৱস্থাৰ জোৱাৰ আৰম্ভ হৈছে৷ দেশৰ বিভিন্ন প্ৰান্তক ফেৰ মাৰিবলৈ অসমতো আৰম্ভ হৈছে অনলাইন ব্যৱস্থা৷ ৰাজ্যৰ বিভিন্ন বিভাগত খালি পদ সমূহ পূৰণ কৰাৰ লগতে চৰকাৰে টকাৰ লেন-দেন অনলাইন যোগে কৰা আৰম্ভ কৰিছে৷

সকলো দিশত অনলাইন ব্যৱস্থাৰ প্ৰয়োভৰ একপ্ৰকাৰ শুভলক্ষণ৷ ইয়াক ৰাইজেও আকোৱালি লৈছে৷ কিন্তু চৰকাৰ তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে অনলাইন ব্যৱস্থাক গতিশীল কৰাৰ বাবে মনোযোগ দিছে নে? শেহতীয়াকৈ ৰাজ্যৰ ঐতিহ্যমণ্ডিত শিক্ষিনুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ অনলাইন ফৰ্ম ভৰ্তিৰ নামত যমৰ-যাতনা ভোগ কৰিব লগা হৈছে৷

ছাত্ৰ-ছাত্ৰীসকলৰ এতিয়া পৰীক্ষাৰ ফৰ্ম ভৰ্তিৰ সময় যদিও বাৰ বাৰ চেষ্টা কৰিও ৱেব ছাইড খুলিবলৈ সক্ষম নোহোৱাৰ দৰে নোহোৱা নোপোজা ঘটনা সংঘটিত হৈছে৷ বিশ্ব বিদ্যালয়ৰ ৱেব ছাইড লেহেমিয়া হোৱাৰ ফলত ৱেব ছাইড খোল নোখোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ৱেব ছাইড লেহেমিয়া তথা খোল নোখোৱাত একাংশ ছাত্ৰ-ছাত্ৰীয়ে কেফেত ২০০-৩০০টকা ভৰিব লগা হৈছে৷

ইমানে নহয় দিনৰ দিনটো বোন্দা পৰ দি ৰৈ থাকি অনলাইন পৰীক্ষাৰ ফৰ্ম ভৰ্তি কৰিব লগা হৈছে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ পৰীক্ষাৰ অনলাইন ফৰ্ম ভৰ্তি প্ৰথমবাৰৰ বাবে অনলাইন ব্যৱস্থা কৰিছে৷ কেৱল অনলাইন পদ্ধতিৰে ফৰ্ম জমা কৰাৰ বাৱস্থা কৰিছে যদিও ডিজিটেল ইণ্ডিয়াৰ আন এটাহে ৰূপ দেখা গল৷