india.com
india.com

গুজৰাটঃ গুজৰাট কাৰ দখললৈ যাব এই কথাৰ চৰ্চা প্ৰায় ৬মাহ ধৰি অব্যাহত আছে৷ প্ৰধানমন্ত্ৰীৰ গৃহ ৰাজ্য কোনো দখল কৰিব তাকলৈ চৰ্চা অব্যাহত থকাৰ সময়তে সোমবাৰে ৰাজ্য খনৰ বিধান সভা নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হৈছে৷

১৮২টা আসনৰ বিধান সভা নিৰ্বাচনৰ কংগ্ৰেছে পূৰ্ব অনুমান কৰা অনুযায়ী ভাল ফলাফল দেখুৱাবলৈ আগবাঢ়িছে৷ বিভিন্ন সমীক্ষাত গুজৰাটত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি দেখুওৱা হৈছিল যদিও কংগ্ৰেছ আৰু বিজেপিয়ে সমান সমান সমষ্টিত আগবাঢ়ি থকা পৰিলক্ষিত হৈছে৷

কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে প্ৰায় ৭ মাহৰ পূৰ্বৰ পৰাই গুজৰাটত ব্যাপক প্ৰচাৰ কৰিছিল৷ প্ৰধানমন্ত্ৰী মোডীও পিছ পৰি থকা নাছিল৷ GST কাৰ্যকৰী কৰাৰ পিছত ব্যৱসায়ীৰ আন্দোলন তীব্ৰতৰ হৈ পৰিছিল৷ পুৱাৰে পৰা ৰাজ্য খনৰ বিভিন্ন জিলাত ভোট গণনা অনুষ্ঠিত হৈছে৷ বিজেপিয়ে ৯৪, কংগ্ৰেছে ৮৪ আৰু অন্যান্যই ৪টা সমষ্টিত আগবাঢ়ি আছে৷ চতুৰ্থ ৰাউণ্ডত ইতিমধ্যে কংগ্ৰেছে আগবাঢ়ি আছে৷