গুজৰাটঃ ২০১২ চনৰ গুজৰাটৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী আছিল বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷ সেই সময়ত কংগ্ৰেছে তদানীন্তন কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ নেতৃত্বত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল৷ সেই সময়ত কংগ্ৰেছে নিৰ্বাচনৰ প্ৰচাৰত নৰেন্দ্ৰ মোডীৰ সৈতে ফেৰ মাৰিব পৰা নাছিল বুলি প্ৰচাৰ হৈছিল৷

তথাপিও সেই সময়ত কংগ্ৰেছে লাভ কৰিছিল ৬১ খন আসন৷ নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল৷ ২০১২ চনৰ নিৰ্বাচনত বিজেপিয়ে লাভ কৰিছিল ১১৫ খন আসন৷ ১১৫ খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠ দল হৈছিল৷ পুনৰ ২০১৭ চনৰ শেষ ভাগত পুনৰ গুজৰাটত ষষ্ঠ বাৰৰ বাবে শাসনৰ গাদী দখল কৰিব বিজেপিয়ে৷

বিজেপি ১১০, কংগ্ৰেছ ৭০ সমষ্টিত আগবাঢ়ি আছে৷ ইতিমধ্যে চাৰিটা সমষ্টিৰ ফলাফল ওলাইছে৷ ১৮২টা আসনৰ গুজৰাট বিধান সভাৰ ২০১২ চনৰ নিৰ্বাচনত ১১৫টা সমষ্টি বিজেপিৰ দখলত থকাৰ লগতে কংগ্রেছৰ দখলত আছিল ৬১টা সমষ্টি৷

২০১২ চনৰ বিধান সভা নিৰ্বাচনৰ তুলনাত কংগ্ৰেছৰ ভোটৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে পূৰ্বৰ তুলনাত বেছি সমষ্টি কংগ্ৰেছৰ হাতলৈ আহিব বুলি আশংকা কৰা হৈছে৷ ৯ আৰু ১৪ ডিচেম্বৰত দুটা পৰ্যায়ত ভোট গ্ৰহণ অনুষ্ঠিত হৈ যোৱাৰ পিছত সোমবাৰে পুৱাৰে পৰা অনুষ্ঠিত হৈছে ভোট গণনা৷

পূৰ্বে নিধাৰণ কৰা অনুসৰি বিজেপিয়ে গুজৰাট দখল কৰিব কোৱা হৈছিল৷ সেই অনুসৰি বিজেপিয়ে গুজৰাট দখলৰ দিশে আগবাঢ়িছে৷ ভোটৰ লাভ তথ্য অনুযায়ী চহৰ অঞ্চলত বিজেপিৰ দপদপনি অব্যাহত আছে যদিও গ্ৰাম্য অঞ্চলত কংগ্ৰেছে সৰ্বাধিক আসন তথা ভোট লাভ কৰিব৷