গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক খেল পথাৰত শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব গুৱাহাটী গ্ৰন্থমেলা। এইবেলি ৩১ বছৰত ভৰি দিছে গুৱাহাটী গ্ৰন্থমেলাই৷
যাৰ বাবে চানমাৰীৰ অসম অভিযান্ত্ৰিক খেল পথাৰত দেখা গৈছে ওখল মাখল পৰিবেশ৷ অসম প্ৰকাশন পৰিষদে অনুষ্ঠিত কৰি অহা ৩১সংখ্যক গুৱাহাটী গ্ৰন্থমেলা অহা ২ জানুৱাৰীত অন্ত পৰিব৷ ইতিমধ্যে প্ৰকাশন পৰিষদে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে৷ চানমাৰিৰ খেলপথাৰ সজাই-পৰাই তোলা হৈছে৷
যোৱা কেইবাটাও বছৰ ধৰি অসম প্ৰকাশন পৰিষদে গুৱাহাটী গ্ৰন্থমেলা চানমাৰিত অনুষ্ঠিত কৰি আহিছে৷ গ্ৰন্থমেলাৰ দিন চমু চাপি অহাৰ লগে লগে এক উৎসৱ মুখৰ পৰিস্থিতৰ সৃষ্টি হয় চানমাৰিত৷
চানমাৰিৰ অভিযান্ত্ৰিক খেলপথাৰৰ চৌদিশে কইবাখনো চৰকাৰী শিক্ষানুষ্ঠান থকাত ছাত্ৰ-ছাত্ৰীসকলে গ্ৰন্থমেলাৰ প্ৰতিটো কাৰ্যসূচীত অংশ গ্ৰহণ কৰাৰ সুবিধা লাভ কৰি আহিছে৷ গুৱাহাটী কমাৰ্চ কলেজ, জ্ঞানদাভিৰাম আইন মহাবিদ্যালয় আদিকে ধৰি বিভিন্ন অনুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে অংশ গ্ৰহণ কৰাৰ সুবিধা লাভ কৰে৷
চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হৈ অহা গুৱাহাটী গ্ৰন্থমেলাত কবিতা আবৃত্তি, বক্তৃতা আৰু চিত্ৰাংকণৰ জৰিয়তে গ্ৰন্থমেলা প্ৰাংগণত ‘শিশুৰ দিন’ পালন কৰাৰ লগতে গ্ৰন্থৰ সুবাস আৰু ছাত্ৰ-ছাত্ৰী, পুৰষ-মহিলা, কবি, সাহিত্যিক তথা শিশুৰ কাকলিত প্ৰতিদিনে জীপাল হয় গ্ৰন্থমেলাৰ বাকৰি৷ অন্তৰংগ আলাপ অনুষ্ঠানো বিশেষ গুৰুত্ব লাভ কৰে গ্ৰন্থমেলা খনত৷
শুকুৰবাৰে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, জয়াৰত্ন বি দিশানায়ক, মাকাৰমৰ স্ৰষ্টা ড০ ৰীতা চৌধুৰীৰ উপস্থিতিত গুৱাহাটী গ্ৰন্থমেলা উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ মুখ্যমন্ত্ৰীয়ে গ্ৰন্থমেলা উদ্বোধন কৰাৰ পিছতে বিশিষ্ট প্ৰসিদ্ধ গল্পকাৰ, ঔপন্যাসিক আৰু অনুবাদক অতুলানন্দ গোস্বামীক সমগ্ৰ জীৱন কাম কৰাৰ স্বীকৃতি ৰূপে প্ৰদান কৰিব জীৱনজোৰা সাধনা বঁটা৷
২ লাখ টকা, প্ৰশস্তি পত্ৰ, স্মাৰক, গ্ৰন্থৰ টোপোলা সহ সাহিত্যিকগৰাকীক এই বঁটা প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে৷ দিল্লী, হিমাচল প্ৰদেশ, পশ্চিম বংগ, বিহাৰ আৰু ঢাকা, কলকাতা, ৰাঁচী সহ ৭৫খন গ্ৰন্থ বিপণীয়ে গ্ৰন্থমেলাত অংশ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে প্ৰকাশন পৰিষদে৷