গুৱাহাটীঃ অহা ২৮ আৰু ২৯ অক্টোবৰত দুদিনীয়া কাৰ্যসুচীৰে গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ’ব আন্তৰ্জাতিক নাট্য মহোৎসৱ৷ সাংস্কৃতিক অনুষ্ঠান ব্যতিক্ৰম মাসডো আৰু ভাৰত চৰকাৰৰ ইণ্ডিয়ান কাউঞ্চিল ফৰ কালচাৰেল ৰিলেশ্বনৰ উদ্যোগত অনুষ্ঠিত হ’ব এই নাট্য উৎসৱ৷ মাট্য উৎসৱত বাংলাৰ প্ৰসিদ্ধ নাট্যগোষ্ঠী ম্যাড থিয়েটাৰ আৰু অসমৰ আকৃতি প্ৰডাকশনে অংশ গ্ৰহন কৰিব বুলি জানিব পৰা গৈছে৷ নাট্য উৎসৱত চাউথ পইন্ট স্কুল, জনমত আৰু ব্যতিক্ৰম সাংস্কৃতিক মঞ্চই সহযোগী হিচাপে থাকিব৷ বাংলাৰ প্ৰসিদ্ধ ম্যাড থিয়েটাৰে মঞ্চস্থ কৰিব ‘নদ্দিউ নতিম’ নামৰ বিশেষ নাটক খন৷

গুৱাহাটীৰ আকৃতি প্ৰডাকচনে মঞ্চস্থ কৰিব বহু চৰ্চিত নাট ‘পুনৰ জনম লৈ তেজিমলাই’ নামৰ নাট খন৷ ২৮ অক্টোবৰত বিয়লি পাঁচ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া উৎসৱৰ আৰম্ভণি হ’ব মালিগাঁৱৰ হিতেশ্বৰ শইকীয়া প্ৰেক্ষা গৃহত৷ ২৯ অক্টোবৰৰ অনুষ্ঠান অনুষ্ঠিত হ’ব বৰ্ষাপাৰাৰ সাউথ পইন্ট স্কুলত৷ উদ্যোগতাসকলে জনোৱা মতে, নাট্য উৎসৱক লৈ উৎসাহি বাংলাদেশৰ নাটকৰ দল৷ বাংলাদেশৰ সাংস্কৃতিক জোঁটৰ সাধাৰণ সম্পাদক আচান আৰিফে এনে অনুষ্ঠান অনুষ্ঠিত হৈ থাকিলে ভাল হয় বুলি মত পোষণ কৰে৷

আচানে আসমৰ নাট্যদলক বাংলাদেশলৈ আমন্ত্ৰণ জনায় আচানে৷ ব্যতিক্ৰম মাসডোৰ সভাপতি ড০ সৌমেন ভাৰতীয়াই অত দিনে বাংলাদেশৰ বহু সাংস্কৃতিক গোষ্ঠীয়ে গুৱাহাটী, বৰপেটা, হোজাই আদি ঠাইত বাংলাদেশৰ বিভিন্ন অনুষ্ঠানে অনুষ্ঠান পৰিবেশ কৰি আহিছে৷ নাট্য উৎসৱত বাংলাদেশৰে ম্যাড থিয়েটাৰে অংশ গ্ৰহণ কৰাটো শুভ লক্ষণ বুলি কৈ বাংলাদেশৰ নাট্যগোষ্ঠীয়ে আমাৰ ৰাজ্যত অহাটো ভৱিষ্যতৰ বাবে শুভ লক্ষণ কিয়নো আমাৰ ৰাজ্যৰ নাট্যগোষ্ঠীসমূহে বাংলাদেশত গৈ অনুষ্ঠান পৰিবেশন কৰাৰ সুযোগ লাভ কৰিব বুলি কয় ড০ সৌমেন ভাৰতীয়াই৷

নাট্য উৎসৱৰ সম্পৰ্কে অন্যতম আয়োজক আই চি চি আৰৰ সঞ্চালক প্ৰণামী ভাগৱতীয়ে অসমৰ প্ৰতিবেশী দোশ বাংলাদেশৰ সৈতে বেছি সাংস্কৃতিক বিনিময় হলে দেশ দুখনৰ মাজত সম্পৰ্ক ভাল হ’ব বুলি কয়৷ ম্যাড থিয়েটাৰৰ নাট ‘নদ্দিউ নতিম’খন জনপ্ৰিয় লেখক হুমায়ুন আহমেদৰ ‘ক কথা কয়’ উপন্যাসৰ নাট্যৰূপ৷ আকৃতি প্ৰডাকচনৰ ‘পুনৰ জনম লৈ তেজিমলাই’ নাট খন উপস্থাপন কৰিছে মনালিছা শইকীয়াৰ একে নামৰ গল্পৰ পৰা৷