গুৱাহাটীঃ বুধবাৰে অসম গণ পৰিষদ দলত দলে বলে যোগদান কৰে আছুৰ প্রাক্তন উপ-সভাপতি মণিমাধৱ মহন্তই। 

প্ৰাক্তন আছু নেতাগৰাকীক উষ্ম আদৰণি জনাই অগপৰ নেতা কৰ্মীয়ে। আনহাতে, আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান কৰে মণিমাধৱ মহন্তই।

এইবাৰ লোকসভা নিৰ্বাচনত কলিয়াবৰ সমষ্টিৰপৰা অসম গণ পৰিষদৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব মণিমাধৱ মহন্তই। অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়লৈ সমদল কৰি ঢোলে দগৰে আহি উপস্থিত হয় মণিমাধৱ মহন্তই। লগতে তেওঁৰ শুভাকাংক্ষীসকলে তেওঁলৈ শুভেচ্ছাও জ্ঞাপন কৰে৷