গুৱাহাটীঃ ৰাজ্যত ভিন্ন সময়ত একাংশ চিকিৎসক তথা চিকিৎসাকৰ্মীয়ে ৰোগীক অৱহেলা কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ চিকিৎসা সেৱাৰ নামত সময়ে সময়ে ৰোগী তথা ৰোগীৰ পৰিয়ালে বিপদতো পৰিব লগা হয়৷ চিকিৎসা বৃত্তিৰ সৈতে জড়িত একাংশ লোকে ৰোগীক অৱহেলা কৰাৰ পৰিণতিত ৰোগীৰ মৃত্যুও হয়৷ একাংশ দৰিদ্ৰ পৰিয়ালৰ ৰোগীক প্ৰায়ে চিকিৎসালয় সমূহে অৱহেলা কৰা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ একাংশ চিকিৎসকে প্ৰতিগৰাকী ৰোগীক যথেষ্ঠ সন্মান সহকাৰে গুৰুত্ব দি চিকিৎসা দি চিকিৎসা সেৱা আগবঢ়ায়৷

সুন্দৰ ব্যৱহাৰে ৰোগীক শাৰিৰীক-মানসিক শান্তি দিয়ে৷ তেনে বহু চিকিৎসক মানৱ জাতিৰ বাবে আদৰ্শ হৈ পৰা দেখা যায়৷ অসমত তেনে বহু চিকিৎসক, চিকিৎসাকৰ্মী আছে যিয়ে দিন-ৰাতি একাকাৰ কৰি চিকিৎসা সেৱা আগবঢ়ায়৷ মানৱতাৰ স্বাৰ্থত সেৱা আগবঢ়ায়৷ তাৰ বিপৰীতে একাংশ চিকিৎসকে ৰোগীক অৱহেলা কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ 

তাৰ মাজতে শুকুৰবাৰে নিশা মহা মহানগৰীৰ মাজমজিয়াৰ ফটাশীল আমবাৰীত ৰোগীক চিকিৎসকে অৱহেলা কৰাৰ ফলত মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰাৰ অভিযোগ উত্থাপন কৰি একাংশ পুৰুষ-মহিলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ মহানগৰীৰ ভিতৰতে পিছ পৰা ফটাশীল আমবাৰীৰ নগৰীয়া প্ৰাথমিক চিকিৎসালত পিংকী দাস নামৰ দুটি সন্তানৰ মাতৃ এগৰাকী ভুল চিকিৎসা তথা চিকিৎসালয়ৰ অৱহেলাৰ বাবে মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷

জানিব পৰা মতে, সাধাৰন ৰোগত আক্ৰান্ত পিংকীক পৰিয়ালে চিকিৎসালয়লৈ লৈ অহাৰ পুৰ্বে সুস্থ হৈ আছিল বুলি অভিযোগ কৰে পৰিয়ালে৷ চিকিৎসালয়ৰ অৱহেলাৰ বাবে মৃত্যুক আকোৱালি লোৱা বুলি কয় পৰিয়ালে৷ পৰিয়াল তথা ওচৰ-চুবুৰীয়াৰ প্ৰতিবাদত চিকিৎসালয় চৌহত উত্তাল হৈ পৰাৰ পিছতে প্ৰশাসনে আৰক্ষী-অৰ্ধসামৰিক বাহিনী মোতায়ান কৰিব লগা হয়৷