গুৱাহাটীঃ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত যেতিয়া অসমৰ এগৰাকী মহিলা খেলুৱৈৰ ফটো প্ৰকাশ পাব তেতিয়া প্ৰতিগৰাকী অসমীয়া আনন্দিত হ’বই৷ যেন খেলুৱৈগৰাকীয়ে অসমৰ মান-অভিমানক বিশ্বৰ বুকুত উজলাই তুলিবলৈ চেষ্টা কৰিছে। অসমীয়াৰ মান-অভিমান বিশ্বত জিলিকাই তুলিবলৈ বাবে চেষ্টা কৰা মহিলা খেলুৱৈগৰাকী হৈছে হিমা দাস৷ হিমা দাস ইতিমধ্যে অসমৰ দৌৰৰ ৰাণী ৰূপে পৰিচিত৷
#TeamIndia | #GC2018Athletics
— IOA - Team India (@ioaindia) April 9, 2018
Sprinters #MRPoovama & #HimaDas ran the Women's 400m Round 1 Heats for qualification to the Finals! While M.R. Poovamma could not qualify clocking 53.72; Hima Das put up a brave effort of 52.11 and secured a place in the Semi Finals! #AllTheBest pic.twitter.com/62jDnZMCLa
ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ কেইবাখনো প্ৰতিযোগিতাত অংশ লৈ কেইবাটাও মেডেল আজুৰি আনিছে হিমাই৷ কিন্তু হিমাই ইমানতে তেওঁৰ যাত্ৰাৰ অন্ত পেলাব খোজা নাই৷ অতি দৰিদ্ৰ পৰিয়ালৰ আৰু অসমৰ এখন পিছপৰা গাঁৱৰ হিমাই নেৰানেপেৰা প্ৰচেষ্টাৰ ফলত সুদীৰ্ঘ ৩০ বছৰৰ মূৰকত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইভেন্টত অংশ লোৱাৰ সুযোগ লাভ কৰে৷
#GC2018Athletics | A quick update from Athletics here. The prodigious sprinter from Assam, Hima Das has qualified for the 400m Finals after clocking a time of 52.11s and finishing 3rd in her Heat pic.twitter.com/tnf5e2ZYe3
— The Bridge (@TheBridge_IN) April 9, 2018
এই খবৰ লাভ কৰিছিল যোৱা ৫ মাৰ্চত৷ ৰাজ্যৰ এগৰাকী খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এথলেটিকছত অংশ লোৱাৰ সুযোগ লাভ কৰাত অসমৰ ক্ৰীড়া অনুৰাগী আনন্দিত হৈ পৰে৷ স্প্ৰীণ্টাৰ হিমাই অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছত ৪০০ মিটাৰ দৌৰত ছেমি ফাইনেলত প্ৰৱেশ কৰে।
#GC2018Athletics#HimaDas qualifies for Women's 400m semifinal clocking a time of 52.11s. She finished Heat 5 in third position#CommonwealthGames2018 #GC2018 pic.twitter.com/tMcop9tHKs
— Doordarshan Sports (@ddsportschannel) April 9, 2018
যোগ্যতাৰ প্ৰাৰম্ভিক পৰ্যায় অতিক্ৰম কৰি তৃতীয় স্থান লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে হিমাই। এইবাৰ ৰাষ্ট্ৰ হোৱাৰ পাছতে দেশ-দেশৰ মিডিয়াৰ নজৰলৈ আহে হিমা। হিমাৰ প্ৰদৰ্শনত উৎফুল্লিত দেশৰ ক্ৰীড়াপ্ৰেমী। ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশ পাইছে।
#GC2018Athletics#HimaDas has qualified for the 400m Finals after clocking a time of 52.11s and finishing 3rd in her Heat#CommonwealthGames2018 #GC2018 pic.twitter.com/MLEGbB6rp8
— Doordarshan Sports (@ddsportschannel) April 9, 2018
নগাঁও জিলাৰ অতি পিছ পৰা ধিঙৰ কান্ধুলীমাৰী গাঁৱৰ ৰঞ্জিত দাস আৰু জোনালী দাসৰ কন্যা হিমা দাস৷ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান হিমা। সৰ্বদিশতে পিছ পৰা কান্ধুলীমাৰী গাঁৱত খেলৰ পৰিৱেশ নথকাৰ পাছতো হিমাই নিজ সংগ্ৰামৰ জৰিয়তে উজলি উঠি দেশ আৰু অসমীয়া জাতিক গৌৰাৱান্বিত কৰিছে৷
#TeamIndia | #GC2018Athletics
— IOA - Team India (@ioaindia) April 9, 2018
Sprinters #MRPoovama & #HimaDas ran the Women's 400m Round 1 Heats for qualification to the Finals! While M.R. Poovamma could not qualify clocking 53.72; Hima Das put up a brave effort of 52.11 and secured a place in the Semi Finals! #AllTheBest pic.twitter.com/62jDnZMCLa
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ গ্ৰাম্য এলেকাৰ এগৰাকী জীয়ৰীয়ে এটাৰ পিছত এটা সফলতা কঢ়িয়াই আনি সকলো সীমা অতিক্ৰম কৰিছে৷ ধিঙৰ কান্ধুলীমাৰীৰ দৰে পিছ পৰা ঠাইৰ হিমাৰ আকাশ চুবৰ মন৷ হয়তো আকাশ চুবৰ বাবে বেছি সময় আৰু বহু দূৰ নহয়৷
Gold Coast Commonwealth Games: Assam athlete Hima Das dreams big https://t.co/y50Yvu7Qfy pic.twitter.com/Lkk3eeZayX
— TheNewsMill.com (@The_NewsMill) March 31, 2018
#ৰাজ্যিক পৰ্যায়ত সফলতাঃ হিমাই পূৰ্বে জিলা আৰু ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত এথলেটিকছ প্ৰতিযোগিতাত বিশেষ সফলতা লাভ কৰাৰ পিছত খেল ইণ্ডিয়া, ৰাষ্ট্ৰীয় স্কুল গেমছ আৰু য়ুথ গেমছত ২০০ মিটাৰ দৌৰত দ্বিতীয় স্থান দখল কৰি ৰূপৰ পদক আৰু ১০০ মিটাৰ দৌৰত তৃতীয় স্থান লাভেৰে ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল৷
#GC2018 #GC2018Athletics
— The Field (@thefield_in) April 9, 2018
India's Hima Das is about to race in the Women's 400m Round 1. Stay tuned...
Live updates from Day 5: https://t.co/7XeSv0yFdX pic.twitter.com/ytUDqlygta
#যোগ্যতা অৰ্জনঃ ১৫.৯৭ ছেকেণ্ডত ৪০০ মিটাৰ দৌৰত যোগ্যতা অৰ্জন কৰিছিল হিমাই৷
#বিশ্ব স্কুল এথলেটিকছ চেম্পিয়নশ্বিপঃ বিশ্ব স্কুল এথলেটিকছ চেম্পিয়নশ্বিপত ২০০ মিটাৰত ভাৰতক প্ৰতিনিধিত্ব কৰি ৫ম স্থান দখল কৰিছিল হিমা দাসে৷
#২০১৭ চনৰ জুলাইত ১৮ অনুৰ্ধ এথলেটিকছঃ কেনিয়াৰ নাইৰোবিত ২০১৭ চনত ১২ জুলাইৰ পৰা অনুষ্ঠিত হোৱা বিশ্ব ১৮ অনুৰ্ধ এথলেটিকছ প্ৰতিযোগিতাত নিজৰ শ্ৰেষ্ঠতম প্ৰদৰ্শনেৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। সেই সময়ত ভাৰতীয় দলত স্থান লাভ কৰিছিল হিমাই৷ জুনিয়ৰ পৰ্যায়ৰ এই বিশ্ব স্তৰৰ প্ৰতিযোগীতাত দুশ মিটাৰ দৌৰত (প্ৰথম ৰাউণ্ডত) ২৪.৩৯ চেকেণ্ড সময় লৈ বিশ্বৰ ভিতৰতে ৫নং ৰেংকিঙত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।
#২০১৭ চনৰ মে’ত পুনৰ যোগ্যতা অৰ্জনঃ হিমা দাসে বিশ্ব এথলেটিকছ প্ৰতিযোগিতালৈ যোৱাৰ যোগ্যতা অৰ্জন কৰে৷ ২০-২৩ মে’লৈ থাইলেণ্ডত অনুষ্ঠিত হোৱা দ্বিতীয় এছিয়ান য়ুথ এথলেটিকছ প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল হিমা দাসে৷ ২০০ মিটাৰ দৌৰত ২৫.০৫ ছেকেণ্ড সময়েৰে সপ্তম স্থান দখল কৰিবলৈ সক্ষম হয়৷ হিমা দাসে সেই সময়সীমাৰ ১০ ছেকেণ্ড পূৰ্বেই দৌৰ সম্পূৰ্ণ কৰিবলৈ সমৰ্থ হয়৷
#২০১৭ চনৰ জানুৱাৰীতঃ দৰিদ্ৰ পৰিয়ালৰ প্ৰতিভাবান খেলুৱৈ হিমা দাসে যোৱা জানুৱাৰীত গুজৰাটৰ বদোদৰাত অনুস্থিত ৬২ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছ এথলেটিকছত ১৭ অনুৰ্ধ ছোৱালী শাখাৰ দুশ মিটাৰ দৌৰত ৰূপৰ আৰু এশ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক অজনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল।
#২০১৭ চনৰ এপ্ৰিলতঃ ২০১৭ চনৰ ২১-২৩ এপ্ৰিলত হায়দৰাবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় য়ুথ চেম্পিয়নশ্বিপত ১২.৬৫ ছেকেণ্ডেৰে এশ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক আৰু ২৫.৮৫ ছেকেণ্ডেৰে দুশ মিটাৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰিছিল। ২০১৭ চনৰ মে’ মাহত বেংককত অনুষ্ঠিত ১৮ অনুৰ্ধ এছিয়ান য়ুথ এথলেটিকছ চেম্পিয়নশ্বিপতো ভাগ লৈছিল হিমাই।
#সম্বৰ্ধনাঃ ২০১৭ চনৰ ২০ জুলাইত নগাঁৱৰ ৰাইজে সম্বৰ্ধনা যাচিছিল হিমা দাসক৷ সংক্ষেপতে এই খিনি বৰ্ণনা দিয়া হৈছে৷ ইয়াৰ লগতে আন কেইবাটাও সফলতা লাভ কৰিছে হিমাই৷