গুৱাহাটীঃ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে যোৱা ১ ফেব্ৰুৱাৰীত দাখিল কৰে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট। এই বাজেটখনক অমৃতকালৰ প্ৰথমখন বাজেট হিচাপে অভিহিত কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে। নিৰ্মলা সীতাৰমণৰ ভাষাৰে ক’বলৈ গ’লে ৰাজ্যতো এইবাৰ দাখিল কৰা হ’ব অমৃতকালৰ প্ৰথমখন বাজেট। অমৃতকালৰ এই বাজেটখন হ’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তৃতীয়খন বাজেট। তৃতীয়খন বাজেট দাখিললৈ আৰু কেইমাহমান বাকী থকা অৱস্থাত পূৰ্বৰ বাজেট দুখনক লৈ চৰকাৰে কিমান দায়িত্বশীলভাৱে কাম কৰিছে তাক লৈয়ো ছ’চিয়েল মিডিয়াত আৰম্ভ হৈছে ব্যাপক চৰ্চা।
কবিতা, ঘোষা, শ্লোকেৰে ভৰা বাজেটখন
অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী হিচাপে অজন্তা নেওগে ২০২১-২২ বৰ্ষৰ বাবে ১৬ জুলাইত দাখিল কৰা বাজেটখন কেবাটাও দিশত তাৎপৰ্যপূৰ্ণ আছিল। জ্যোতিপ্ৰসাদৰ কবিতা 'জয় হওক পোহৰৰ জয়’ৰে আৰম্ভ হোৱা বাজেট সামৰণি মাৰিছে বেদৰ শ্লোক 'অনুভদ্ৰা’ৰে। সাধাৰণ দৃষ্টিত এখন কৰমুক্ত বাজেট আছিল যদিও এই বাজেটত নিৰ্ধাৰণ কৰা পুঁজি সঠিকভাৱে ব্যয় নকৰাৰ এতিয়া অভিযোগ উত্থাপিত হৈছে। যাৰ বাবে পুনৰ চৰ্চালৈ আহিছে অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰীৰ বাজেট ভাষণ। বাজেটত অমূল্য বৰুৱা লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা, শংকৰ-মাধৱৰ ঘোষায়ো গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছিল।
ক’ভিডকালীন পৰিস্থিতি মোকাবিলা কৰি উত্থাপন কৰা বাজেটখনত ৰাজ্যখনৰ ঘৰুৱা উৎপাদনৰ গড় বৃদ্ধি সন্তোষজনক বুলি উল্লেখ কৰি এই হাৰ ১১.২২ শতাংশ বৃদ্ধিৰ কথা ঘোষণা কৰা হৈছিল। একেদৰে কোৱা হৈছে ৰাজ্যখনৰ ঘৰুৱা উৎপাদন ৭.৫৫ শতাংশলৈ বৃদ্ধি পাইছে। ২০১৯-২০ বৰ্ষৰ বাজেট তুলনা কৰা হৈছে ১৫-১৬ বৰ্ষত দাখিল কৰা বাজেটৰ লগত। আত্মনিৰ্ভৰ অসমৰ সপোন দেখুৱাই এই বাজেটখনত ১ লাখ নিযুক্তিৰ এক তালিকা প্ৰকাশ কৰা হৈছিল।
বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট ভাষণত উল্লেখ কৰিছিল যে ১ লাখ নিবনুৱা নিযুক্তিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ ঘোষণাক বাস্তৱ ৰূপ দিবলৈ চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। ২০২১ বৰ্ষৰ ১১ মে’ত অনুষ্ঠিত প্ৰথমখন কেবিনেটত মুখ্যমন্ত্ৰীয়ে ১ লাখ শিক্ষিত যুৱক-যুৱতীক নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছিল আৰু বিত্তমন্ত্ৰী অজন্তা নেওগৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰি দিছিল। সেই সমিতিয়ে ৰাজ্যখনৰ ৪৯টা বিভাগৰ খালী হৈ থকা পদ আৰু নতুন পদ সৃষ্টিৰে ১ লাখ ৪৩ জন নিবনুৱা যুৱক-যুৱতীক নিযুক্তি দিয়াৰ কথা প্ৰকাশ কৰিছিল। বাজেট দাখিলৰ এবছৰ সম্পূৰ্ণ হ’ল যদিও ১ লাখ নিযুক্তি কিন্তু সম্পূৰ্ণ কৰিব নোৱাৰিলে।
বাজেটত ঘোষণা কৰা হৈছিল ১০০০ কিলোমিটাৰ মথাউৰি পথলৈ উন্নীত কৰাৰ কথা। বানমুক্ত অসম গঢ়াৰ বাবে মথাউৰিসমূহ সুদৃঢ় কৰিবৰ বাবে ১০০০ কোটি টকা ব্যয় কৰাৰ কথা ঘোষণা কৰিছিল। কিন্তু সেই লক্ষ্যত চৰকাৰ উপনীত হ’ব নোৱাৰিলে। বানত অসমৰ ৰাইজে এইবাৰ বাৰুকৈয়ে ককবকাবলগীয়া হ’ল। ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ নামৰ এখন আঁচনিৰ কথা ঘোষণা কৰা হৈছিল যদিও সেয়া চৰকাৰে কৰিব নোৱাৰিলে। ১০০০ টা স্বাস্থ্য উপকেন্দ্ৰত হাস্পতাললৈ ৰূপান্তৰ কৰাৰ কথা আৰু চৰকাৰী বিদ্যালয়সমূহৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক স্মাৰ্ট ফোন দিয়াৰ কথা ঘোষণা কৰিছিল যদিও চৰকাৰে সেই আঁচনি সম্পূৰ্ণ কৰিব নোৱাৰিলে। অৰুন্ধতী আঁচনিৰ জৰিয়তে ৫০ হাজাৰ টকাৰ সাহায্য দিয়াৰ কথা আছিল যদিও কাৰ্যত ফলপ্ৰসু নহ’ল। ১০টা কমাণ্ডো বেটেলিয়ান গঠনৰ সপোনো সপোন হৈয়েই ৰ’ল।
উচ্চ শিক্ষা বিভাগৰ বাবে চৰকাৰে ২৬১২.৮০ কোটি টকা ধাৰ্য কৰিছিল যদিও সেই পুঁজি এতিয়ালৈকে সম্পূৰ্ণৰূপে মুকলি কৰি দিয়া নাই। বাজেটত ৮৮৯৭৯.৪০ কোটি টকা ৰাজহ শিতানত আৰু ১৮৩৩৮.১৪ কোটি টকা মূলধনী শিতানত ব্যয় কৰাৰ কথা উল্লেখ কৰা হৈছিল। বাজেট ঘাটি দেখুওৱা হৈছিল ৫৬৬.২০ কোটি টকা।
অজন্তাৰ প্ৰথমখন বাজেটে কি দিলে?
২০২১-২২ বিত্তীয় বৰ্ষৰ আশাভৰা বাজেটখনৰ বহু ঘোষণাই আজিও ঘোষণা হৈয়ে ৰ’ল যদিও দুই-এটা প্ৰতিশ্ৰুতি পূৰণত কিছু সফলো হোৱা দেখা গৈছে। বাজেটত উক্ত বৰ্ষত চৰকাৰে মাধৱদেৱ বিশ্ববিদ্যালয়, বীৰাংগনা সতি-সাধিনী বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ বাবে ৮ কোটিকৈ টকা ধাৰ্য কৰিছিল আৰু সেই কাম বৰ্তমান চলি আছে। বাজেটত ঘোষণা কৰা কেতবোৰ আঁচনি পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীয়ে জিলাসমূহৰ বিকাশৰ পষেক নাম দি এক চমক সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। চৰকাৰে ঘোষণা কৰাৰ দৰে চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ নামভৰ্তিৰ মাচুল ৰেহাই দিছে আৰু নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিনামূলীয়া পাঠ্যপুথি যোগান ধৰিছে। এই বাজেটখনৰ সফলতাসমূহৰ ভিতৰত উল্লেখনীয় হৈছে অৰুণোদয় আঁচনি। বাজেটত ঘোষণা কৰাৰ ধৰণে চৰকাৰে অৰুণোদয় আঁচনিখন সফলভাৱে ৰূপায়ণ কৰাৰ লগতে হিতাধিকাৰীৰ সংখ্যাও বৃদ্ধি কৰিবলৈ সমৰ্থ হৈছে।
২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট ব্যৰ্থতা
কবিতা, ঘোষা, শ্লোকেৰে ভৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেটৰ মিশ্ৰিত সাফল্যৰ পিছত দ্বিতীয়খন বাজেটত পৰিলক্ষিত হৈছে পুঁজি ব্যয়ত ব্যৰ্থতা। ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেটত ধাৰ্য কৰা মুঠ ধনৰ মাত্ৰ ৫৬.৩৪ শতাংশ ধনহে চৰকাৰে ডিচেম্বৰ মাহলৈকে ব্যয় কৰিবলৈ সমৰ্থ হৈছে। অথচ মুখ্যমন্ত্ৰীয়ে ফেব্ৰুৱাৰী মাহৰ ভিতৰত বাজেটত নিৰ্ধাৰণ কৰা ১০০ শতাংশই ব্যয় কৰা হ’ব বুলি উল্লেখ কৰিছিল। তাৎপৰ্যপূৰ্ণভাৱে কেগৰ প্ৰতিবেদনত মূলধনী শিতানত ব্যয় বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰিছিল যদিও বাজেটত ৰাজহ শিতানতহে অধিক পুঁজি ব্যয় কৰা দেখা গৈছে। ৰাজহ শিতানৰ পুঁজি ব্যয় মানেই ঋণৰ সুদ, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু ৰাজসাহায্য আদায় দিয়াতো বুজায়।
বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণৰ সুদৰ বাবদ চৰকাৰে এতিয়ালৈকে চলিত বৰ্ষত ৩৯৭৮.৪৮ কোটি টকা আদায় দিবলগীয়া হৈছে। কৰ্মচাৰীৰ দৰমহাৰ বাবদ ২২৬৪৮.১৮ কোটি টকা আৰু পেঞ্চনৰ বাবদ ১৩০৪০.০৭ কোটি টকা চৰকাৰে ব্যয় কৰিছে। উল্লেখ্য যে, ২০২১-২২ বিত্তীয় বৰ্ষত চৰকাৰে বাজেটত ধাৰ্য কৰা পুঁজি ৭.৭৬ শতাংশ ব্যয় কৰিছিল যদিও চলিত বিত্তীয় বৰ্ষত সেই সংখ্যাও স্পৰ্শ কৰিব নোৱৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ২০১৯-২০ বিত্তীয় বৰ্ষত চৰকাৰে ৬৯.০১ শতাংশ বাজেটত ধাৰ্য পুঁজি ব্যয় কৰিব পাৰিছিল। বিত্ত বিভাগৰ সূত্ৰসমূহৰ মতে কৰ সংগ্ৰহ বৃদ্ধি পাইছে যদিও কেন্দ্ৰীয় সাহায্য আৰু অন্যান্য শিতানৰ ৰাজহ বৃদ্ধি নোপোৱা বাবেই মূলধনী ব্যয় বৃদ্ধি কৰাৰ ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হৈছে। এককথাত তীব্ৰ আৰ্থিক সংকটত আছে জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ।
উল্লেখ্য যে, মূলধনী ব্যয় শিতানত চৰকাৰে বিভিন্ন ধৰণৰ উন্নয়নমূলক আঁচনি যেনে ৰাস্তা, দলং নিৰ্মাণ, মথাউৰিৰ মেৰামতি আৰু নিৰ্মাণ, বুনিয়াদী সা-সুবিধাৰ বাবে পুঁজি ব্যয় কৰা আৰু জনকল্যাণমূলক নতুন আঁচনি গ্ৰহণ কৰাতো বুজায়। কিন্তু চৰকাৰী আঁচনি ঘোষণা কৰিছে যদিও সেয়া ৰূপায়ণ কৰাৰ ক্ষেত্ৰত পুঁজি মোকলাই নিদিয়াৰ বিষয়টো চৰ্চালৈ আহিছে। অন্যহাতে গুৱাহাটী মহানগৰীত নতুন কেবাখনো উৰণীয়া সেঁতু নিৰ্মাণ হৈ আছে যদিও মহানগৰখনৰ মূল সমস্যা খোৱাপানী যোগান ধৰাৰ ক্ষেত্ৰত চৰকাৰখনৰ কোনো ইতিবাচক ভূমিকা দৃষ্টিগোচৰ হোৱা নাই। ইয়াৰ বিপৰীতে চৰকাৰে স্মাৰ্ট চিটিৰ নামত গছ-গছনি কাটি কেতবোৰ অপৰিকল্পিত আঁচনি গ্ৰহণ কৰা বুলি সমালোচিত হৈছে। একেদৰে মহানগৰীৰ ভিন্ন স্থানত নিৰ্বাচনৰ পূৰ্বে নিৰ্মাণ কৰা কেইবাখনো ফুটব্ৰীজৰ উপযোগিতাক লৈয়ো প্ৰশ্ন উত্থাপিত হোৱা দেখা গৈছে।