গুৱাহাটীঃ শনিবাৰে পুৱাৰে পৰা উত্তৰ পূৰ্বাঞ্চলৰ ৩ খন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে। পুৱা ৮ বজাৰ পৰা নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে। ত্ৰিপুৰাত মুঠ ২৯২গৰাকী, মেঘালয়ত ৩৭২গৰাকী আৰু নাগালেণ্ড ১৯৬গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব শনিবাৰে। ৬০খন আসনৰ তিনি ৰাজ্যত ৫৯টা সমষ্টিতহে নিৰ্বাচন অনুষ্ঠিত হৈছিল।

মোৰ বিশ্বাস আছে ত্ৰিপুৰাত বিজেপিয়ে চৰকাৰ গঠন কৰিব৷ শেহতীয়া খবৰ মতে, ত্ৰিপুৰাত বিজেপি-২৭ খন আৰু চিপিআইএম ২৭ খন আসনত আগাঢ়ি আছে৷ মেঘালয়ত কংগ্ৰেছ ১৯ খন আৰু এনপিপি ১০ খন আসনত আগভাঢ়ি আছে৷ নাগালেণ্ডত এনপিএফ-২৯ খন আৰু বিজেপি দলে ২২ খন আসনত আগবাঢ়ি আছে৷

সমগ্ৰ দেশৰ নজৰ উত্তৰ পূৰ্বাঞ্চলৰ ওপত আছে তাৰ মাজতে ত্ৰিপুৰাৰ নিৰ্বাচনৰ দায়িত্বত থকা অসমৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ত্ৰিপুৰাত বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰিব বুলি কয়৷ হিমন্তই কয়, এয়া উৎসাহজনক লক্ষণ৷ মই আশা কৰিছো আৰু আত্ম বিশ্বাস আছে ত্ৰিপুৰাত বিজেপিয়ে চৰকাৰ গঠন কৰিব৷