এই ৰাজ্যৰ শিক্ষকসকলে কষ্ট কৰিব পাৰে। তেওঁলোকে বানে বুৰাই পেলোৱা বিদ্যালয়তো পাঠদান কৰিব পাৰে। ৰাজ আদেশ শিৰোধাৰ্য্য কৰি নাগৰিকপঞ্জীৰ কামৰ পৰা আৰম্ভ কৰি নিৰ্বাচন, ভোট গণনা, লোকপিয়ল আদি হাজাৰ-বিজাৰ কামত দৌৰি ফুৰাৰ পিছতো শিক্ষকৰ গাত বল থাকে। জ্বলি জ্বলি মমৰ দৰে পোহৰ বিলাই দিয়াৰ শকতি কেৱল শিক্ষকৰ গাতহে থাকে।
অলপতে ৰাজ্যখনৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষকসকলক বিদ্যালয়ৰ বেয়া ফলাফলৰ বাবে দায়ী কৰি ক’লে যে ধৰ্ণা দিয়াত ব্যস্ত থকা বাবেই বহু বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হৈছে। এনে নহয় যে ছাত্ৰ-ছাত্ৰীৰ বেয়া ফলাফলৰ বাবে শিক্ষক দায়ী নহয়। কিয়নো পঢুওৱাৰ সলনি কমন ৰুমত আড্ডা দিয়া শিক্ষকো এই অসমতে আছে। দৰমহা আয়োগৰ দৰমহা, বানচ, ভাট্টা আদিৰ আলোচনা কৰি কটোৱা শিক্ষকো অজস্ৰ ওলাব। আকৌ উচিত দৰমহা বিচাৰি ধৰ্ণা দি সময় কটোৱা শিক্ষকো আছে।
সেইবুলিয়েই নিজকে দায়বদ্ধ দেখুৱাবলৈ গৈ টিভি চেনেলৰ লাইভ টেলিকাষ্টৰ জৰিয়তে ৰাজহুৱাকৈ সকলোকে সাঙুৰি কেৱল শিক্ষকৰ গাতে আটাইবোৰ দোষ জাপি দিয়া কাৰ্যক বিনা বাক্য ব্যয়ে মানি ল’ব পৰা নাযায়। কিন্তু অনাহক প্ৰচাৰ ভাল পোৱা মন্ত্ৰীগৰাকীয়ে ছেবাৰ কাৰ্যালয়ত পৰ্যালোচনাৰ নামত বেয়া ফলাফল দেখুওৱা বিদ্যালয়ৰ অধ্যক্ষসকলক লৈ সংবাদ মাধ্যমৰ আগত যেনেদৰে ষ্টাণ্ট কৰি দেখুৱালে, সেয়া সভ্য সমাজ এখনৰ বাবে কোনোপধ্যে গ্ৰহণযোগ্য হ’ব নোৱাৰে, হোৱা উচিতো নহয়।
যদিহে পৰ্যালোচনাৰ অন্তত বিদ্যালয়ৰ বেয়া ফলাফলৰ বাবে প্ৰধান শিক্ষকসকলক দায়ী কৰি বিভাগীয়ভাৱে শাস্তিমূলক ব্যৱস্থা হাতত ল’লেহেতেন তেন্তে আপত্তি কৰিবলগীয়া একো নাছিল। কিন্তু এখোপ চৰা মন্ত্ৰীগৰাকীয়ে কথাৰে একপ্ৰকাৰ অপদস্থ কৰিলে শিক্ষকসকলক। এনেদৰে ৰাজহুৱাকৈ একাংশ শিক্ষকক কোনোধৰণৰ কাৰণ বিশ্লেষণ নকৰাকৈয়ে উধাই-মূধাই গালি দি অপদস্থ কৰাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে। এনে প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে আমাৰো মনত উকমুকাইছে কেইটামান প্ৰশ্নই।
ৰাজহুৱাকৈ অপমান কৰাৰ বাবে শিক্ষামন্ত্ৰীৰ অধিকাৰ ক’ত?
শিক্ষামন্ত্ৰীগৰাকীয়ে বেয়া ফলাফল প্ৰদৰ্শন কৰা বিদ্যালয়বোৰৰ পৰিস্থিতিৰ আগতীয়া বুজ লৈছিল নে? নে ৰাজহুৱা বৈঠকৰ সময়ত প্ৰথমতে উক্ত বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলৰ সৈতে আলোচনাত বহি বিষয়টো বুজি লৈছিল? বিদ্যালয়ত প্ৰতিটো বিষয়ৰ বাবে শিক্ষক আছে নে নাই, ছাত্ৰ-ছাত্ৰী কোনো এটা নিৰ্দিষ্ট বিষয়তহে অনুৰ্ত্তীৰ্ণ হৈছে নেকি, সেই নিৰ্দিষ্ট বিষয়ত দুৰ্বলতাৰ কাৰণ কেৱল শিক্ষকেইনে নে সেই বিষয়টোত বিদ্যালয়খনত শিক্ষকেই নাই- এই আটাইবোৰ বিষয় ভালদৰে চালিজাৰি চাইছিল নে মন্ত্ৰীগৰাকীয়ে? বেয়া ফলাফল দৰ্শোৱা বিদ্যালয়ৰ প্ৰকৃত মূল্যায়নৰ বাবে অতিকমেও ৬০ দিনৰ প্ৰয়োজন হ’ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে নিজেই মন্তব্য কৰিছে।
প্ৰকৃত পৰিস্থিতি জানিবৰ বাবে উক্ত বিদ্যালয়সমূহ থকা অঞ্চলত ৰাজহুৱা বৈঠক বহুওৱা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে একেটা অনুষ্ঠানতে কৈছে। ইয়াৰ অৰ্থ এয়াই যে, প্ৰকৃত পৰিস্থিতি সম্পৰ্কে নজনাকৈ শিক্ষকৰ দৰে সন্মানীয় বৃত্তিত জড়িত ব্যক্তিসকলক নিজকে মহান সজাবলৈকে এনেদৰে ৰাজহুৱাকৈ ঠাট্টা-মস্কৰা কৰা হ’ল। এনেদৰে পূৰ্বানুমানৰ ভিত্তিতে কেৱল শিক্ষকৰ গাতে দোষ জাপি দি নিজকে দায়বদ্ধ দেখুৱালে নেকি শিক্ষামন্ত্ৰীগৰাকীয়ে?
শিক্ষক নে মাল্টি পাৰপাছ ৱৰ্কাৰ?
শিক্ষকে হেনো চৰকাৰৰ অতিৰিক্ত দায়িত্ব পালনৰ বাবে সদায়ে সাজু হৈ থাকে। এসময়ত এনেধৰণৰেই এক মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰৰ বিভিন্ন আনুষংগিক কামত সময়ে-অসময়ে নিয়োগ কৰা হয় শিক্ষক। বিশেষকৈ বিজ্ঞান আৰু গণিত বিষয়ৰ শিক্ষকসকল বিভিন্ন চৰকাৰী বিভাগৰ হিটলিষ্টতে থাকে। যেন শিক্ষক নহয়, কোনো মাল্টিপাৰপাছ ৱৰ্কাৰহে। ৰাজাদেশত নগ’লে আকৌ বিদ্যালয় পৰিদৰ্শকৰ হিটলিষ্টত অন্তৰ্ভূক্ত হয় এই শিক্ষকসকল। তেনেস্থলত বিজ্ঞান আৰু গণিত শিক্ষাত বিদ্যালয় আগনাবাঢ়িলে কাক দোষ দিয়া হ’ব? দোষ কেৱল শিক্ষকৰেই নে?
ৰাজহুৱাকৈ অপমান কৰিলে ওলাব নেকি সমাধান?
বহুতেই মন্তব্য কৰিছে যে সমস্যাটো বহুমাত্ৰিক। শিক্ষকৰ গাত দোষ নথকা নহয়। কিন্তু ৰাজহুৱা সভাত অপ্ৰস্তুত কৰি মনতে যি আহে, সেই প্ৰশ্ন কৰি ঠাট্টা-মস্কৰাৰ মাজেৰে সমাধান ওলাব নেকি ৰাজ্যৰ শিক্ষাখণ্ডৰ প্ৰকৃত সমস্যাসমূহৰ। শিক্ষকক এনেদৰে অপমান কৰি মানসিক তৃপ্তি লাভ কৰিলে বহুতে। ফেচবুকত জাউৰিয়ে জাউৰিয়ে সমালোচনাৰ ঢৌ উঠিল। কোনোৱে যদি শিক্ষামন্ত্ৰীগৰাকীক বাহ বাহ দিলে, আন কোনোজনে আকৌ শিক্ষকৰ দক্ষতাৰ ওপৰত প্ৰশ্ন তোলাৰ বাবে জাঙুৰ খাই উঠিল। কিন্তু সমাধান জানো এনেদৰে ৰাজহুৱা ষ্টাণ্টেৰে সম্ভৱ? ভুল কেৱল শিক্ষকৰ গাতে নাই। কিন্তু দোষ জাপিবলৈ শিক্ষকৰ বাদেও আন কোনো নাই।
মানুহ গঢ়া খনিকৰক এনেদৰে অপমান কৰাৰ পৰিৱৰ্তে শিক্ষামন্ত্ৰীগৰাকীয়ে সুস্থ চিন্তাধাৰাৰ পৰিচয় দি সঠিক পথেৰে শুধৰণিৰ বাবে আগবাঢ়ক। মুকলি হওক আত্মসমালোচনাৰ বাট।
(বিঃদ্ৰঃ লেখাটোৰ প্ৰতিটো কথা, প্ৰতিটো বাক্য লেখকৰ নিজা মন্তব্য। ইয়াৰ সৈতে newsnextone.comৰ কোনোধৰণৰ সম্পৰ্ক নাই।)