ডিজিটেল ডেস্কঃ বাওহতীয়া স্পিনাৰ একতা বিষ্টৰ বিধ্বংসী স্পেলৰ সমুখত দিশহাৰা হৈ আই চি চি মহিলা বিশ্বকাপত ভাৰতৰ হাতত ৯৫ ৰাণত ধৰাশায়ী হয় পাকিস্তান।

মাত্ৰ ১৬৯ ৰাণকে সম্বল কৰি পাক দলৰ বিৰুদ্ধে বলিঙত অৱতীৰ্ণ হৈছিল মিতালী ৰাজ নেতৃত্বাধীন ভাৰতীয় দলটো। স্ক’ৰ কম হ’লেও হতাশ নহৈ বলিং আৰম্ভ কৰি পাক বেটিং লাইনআপ একপ্ৰকাৰ তছনছ কৰি দিয়ে ভাৰতীয় বলাৰসকলে। 

বিশেষকৈ একতাৰ স্পিনত তেনেই দিশহাৰা হৈ পৰে পাক বেটছমেনসকল। একতাই ১০ অভাৰত দুটা মেইডেনসহ মাত্ৰ ১৮ ৰাণ ব্যয় কৰি দখল কৰে ৫টাকৈ উইকেট। আনহাতে মানসী যোশীয়ে দুটা, দীপ্তি শৰ্মা, হৰমনপ্ৰীত কৌৰ আৰু ঝুলন গোস্বামীয়ে এটা উইকেট দখল কৰে।

ভাৰতীয় বলাৰসকলৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি পাক দলটোৱে ৩৮.১ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই মাথো ৭৪ ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়।

পাক দলটোৰ দুগৰাকী বেটছমেনেহে দুটা অংকৰ ঘৰত প্ৰৱেশ কৰে। নাহিদা খানে ২৩ আৰু অধিনায়ক ছানা মীৰে ২৯ ৰাণ স্ক’ৰ বাদে আটাইকেইগৰাকী বেটছমেন চূড়ান্তৰূপে ব্যৰ্থ হয়।

ইয়াৰ পূৰ্বে টছত জয়ী হৈ ভাৰতে বেটিং আৰম্ভ কৰি ৫০ অভাৰত ৯ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৬৯ ৰাণ। দলৰ হৈ পুনম ৰাৱতে সৰ্বাধিক ৪৭ আৰু দীপ্তি শৰ্মাই ২৭ ৰাণ স্ক’ৰ কৰে। ইফালে এই জয়েৰে গ্ৰুপৰ পইণ্ট তালিকাত শীৰ্ষস্থান লাভ কৰিবলৈ সমৰ্থ হৈছে ভাৰত।