ধিংঃ নগাঁও জিলাৰ ধিঙত অব্যাহত আছে চোৰাং কাঠৰ ব্যৱসায়৷ বিভিন্ন সময়ত জিলাখনত চোৰাং কাঠৰ ব্যৱসায় চলি থকা বুলি অভিযোগ উত্থাপন হৈ থকাৰ মাজতে আজি ধিং আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে।
নগাঁও জিলাৰ ধিং অাৰক্ষী অাৰু বন বিভাগৰ যুটীয়া অভিযানত জব্দ কৰা হয় এই বৃহৎ পৰিমাণৰ কাঠখিনি। অাৰক্ষীৰ অভিযানৰ খবৰ পাই পলায়ন কৰে চোৰাং কাঠ ব্যৱসায়ী। উল্লেখ্য যে, লাওখোৱা বনাঞ্চলত বানপানীৰ সুবিধা লৈ একাংশ চোৰাং ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে বনধ্বংস।
যাৰ ফলত লাওলোৱা হৈ পৰিছে লাওখোৱা অভয়াৰণ্য। ৰাইজৰ অভিযোগ মতে আজিও মুকলিকৈ চলি আহিছে চোৰাং কাঠৰ ব্যৱসায়। বন বিভাগৰ গাফিলতিৰ বাবেই চোৰাং ব্যৱসায়ীয়ে চলাই অাহিছে চোৰাং কাঠৰ ব্যৱসায়।
অঞ্চলটোত কাঠফুলাৰ দৰে গঢ়ি উঠিছে অবৈধ কাঠ মিল। বন বিভাগক চোৰাং কাঠ ব্যৱসায়ী অাৰু অবৈধ কাঠ মিলৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণৰ দাবী জনাই অহাৰ সময়তে অাজিৰ অভিযান চলাই বন বিভাগ তথা আৰক্ষীয়ে৷