পাঞ্জাবাৰীঃমহানগৰীৰ লখৰাত চিআইডিৰ অভিযানত জব্দ হল বিদেশী চিগাৰেট। গোপন খৱৰৰ ভিত্তিত অভিযান চলাই চিআইডিৰ দলে লখৰাৰ গোপাল যান-বাহন পাৰ্কিঙৰ পৰা বহি ৰাষ্ট্ৰৰ ৩৬ কাৰ্টুন চিগাৰেট জব্দ কৰে।

জানিব পোৱা মতে ম্যানমাৰৰ পৰা গুৱাহাটীৰ বজাৰত অবৈধ ভাবে বিক্ৰীৰ বাবে আনিছিল চিগাৰেট খিনি।

NL-03-6106 নম্বৰৰ ট্ৰাক এখনৰে বিক্ৰিৰ বাবে অনাৰ সময়তে চিআইডিয়ে জব্দ কৰে চিগাৰেট খিনি৷ জব্দ কৰা চিগাৰেট খিনিৰ বজাৰ মূল্য প্ৰায় ত্ৰশ লক্ষাধিক টকা।

অভিযানকাৰী দলটোৱে অবৈধ চিগাৰেট সহ বাহন খনৰ হেণ্ডিমেন আৰু পাৰ্কিং কৰ্তৃপক্ষক সোধপোচৰ বাবে আটক কৰে বুলি জানিব পৰা গৈছে।