ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যত ক্ৰমান্বয়ে নিৰ্বাচনৰ গৰম বতাহ বলিবলৈ আৰম্ভ কৰিছে৷ শাসক-বিৰোধি সকলোৱে নিৰ্বাচনী সভা অনুষ্ঠিত কৰি প্ৰচাৰ চলাই গৈছে৷ তাৰ মাজতে, বিজেপিয়ে নিৰ্বাচনৰ বাবে অনুষ্ঠিত কৰা আলোচনা সভাত ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালক উপস্থিত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে চিপিআইয়ে৷

চিপিআইৰ ত্ৰিপুৰা সমিতিয়ে নিৰ্বাচন আয়োগক এই অভিযোগ দাখিল কৰে৷ এই বৈঠক যোৱা ১৪ জানুৱাৰীত দিল্লীত গৃহমন্ত্ৰী ৰাজ নাথ সিঙৰ আৱাসত অনুষ্ঠিত হৈছিল৷ ত্ৰিপুৰা চিপিআইৰ সম্পাদক বিজন ধৰে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তক যোৱা ১৫ জানুৱাৰীত এখন চিঠিৰ জৰিয়তে ৰাজনৈতিক উদ্দেশ্যত ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে শাসকীয় বিজেপিৰ বিৰুদ্ধে৷

বিজেপিয়ে নিয়মৰ উলংঘন কৰা বুলি কৈ নিৰ্বাচন আয়োগক ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷ নিৰ্বাচন আয়োগলৈ লিখা চিঠিত চিপিআইয়ে কয় ‘‘আপোনালোকৰ তদন্ত কৰাৰ অধিকাৰ আছে যে যি কোনো ৰাজনৈতিক দলে শাসনত থাকক নতুবা বিৰোধি পক্ষত থাকক প্ৰশাসনক ব্যৱহাৰ কৰি অবাঞ্চিত নিৰ্বাচনৰ সুবিধা যাতে নলয়৷

আপোনালোকে এগৰাকী উচিত বিষয়াৰ জৰিয়তে তদন্ত কৰাৰ নিৰ্দেশ দিয়ক৷’’ চিঠি খনত এই সভা খন সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আৰু ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডৰ বিধান সভাৰ নিৰ্বাচনৰ ৰণনীতি তৈয়াৰ কৰিবৰ বাবে অনুষ্ঠিত হোৱাৰ অভিযোগ উত্থাপন কৰে৷ পিটিআইৰ এটি খবৰক ভিত্তি কৰি চিপিআইয়ে প্ৰশাসনক মুকলিকৈ অপপ্ৰয়োগ কৰা বুলি কয়৷

পিটিআইৰ খবৰ মতে, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ নিৰ্বাচনৰ ৰণনীতি তৈয়াৰ কৰাৰ বাবে আৰএছএছ বিজেপিৰ আলোচনা সভাত অজিত ডোভাল উপস্থিত থাকে৷ নিৰ্বাচনীৰ বাবে আলোচনা কৰা সভাত এনএছএছৰ গুৰুত্বপূৰ্ণ পদত থকা লোক নিৰ্বাচনী সভাত উপস্থিত থকাটো আপত্তিজনক বুলি কয়৷ ক্ষমতাক অপব্যৱহাৰ কৰিছে শাসক দলে৷ প্ৰশাসনক এনেদৰে ব্যৱহাৰ কৰা কাৰ্য গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে ভয়ানক বুলি কয়৷ আলোচনাত বিজেপিৰ উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত থকা ৰাম মাধৱ, আৰএছএছ নেতা কৃষ্ণগোপালো উপস্থিত আছিল৷