চৰাইদেউঃ আজি সোণাৰি আৱৰ্ত ভৱনত চৰাইদেউ জিলা কবি সন্মিলনৰ উদ্যোগত গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱাৰ সোঁৱৰণত শব্দৰ পানচৈ শীৰ্ষক নিৰ্বাচিত কবিৰ কবিতা পাঠ অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷
কবিতা পাঠ অনুষ্ঠানত ত্ৰিমাসিক কাব্য পত্ৰিকা ‘সোণৰ সোলেং’ উন্মোচন কৰিছে সোণাৰি সমষ্টিৰ বিধায়ক তপন কুমাৰ গগৈয়ে।
অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকন, সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈ, প্ৰাক্তন সম্পাদক গংগামোহন মিলি, শিৱসাগৰ জিলা কবি সন্মিলনৰ সম্পাদক হৰেন গগৈ।
জিলাখনৰ অৰ্ধশতাধিক কবিৰ লগতে যথেষ্ট সংখ্যক কাব্যনুৰাগী উপস্থিত থাকে। সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈৰ সঞ্চালনাত অনুষ্ঠিত কবিতা পাঠৰ অনুষ্ঠানত ডেৰকুৰিৰো অধিক কবিয়ে কবিতা পাঠ কৰে বুলি চৰাইদেউ জিলা কবি সন্মিলনৰ সহকাৰী সম্পাদক, সোণৰ সোলেংৰ সহযোগী সম্পাদক আৰু চৰাইদেউ প্ৰহৰী'ৰ সম্পাদক অভিজিৎ ভূঞাই জানিব দিয়ে৷