গুৱাহাটীঃ চাৰি দিনৰ ভ্ৰমণ সূচী লৈ উত্তৰ-পূৰ্বাঞ্চললৈ অহা দেশৰ চতুৰ্দশ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সোমবাৰে দিনৰ ১ বজাত শিলচৰত উপস্থিত হ’ব৷ শিলচৰত উপস্থিত হৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নমামি বৰাক উৎসৱত অংশ গ্ৰহণ কৰিব৷ ৰাজ্য চৰকাৰৰ উদ্যোগত কেইবা কোটি টকা খৰছেৰে অনুষ্ঠিত হোৱা নমামি বৰাক উৎসৱত অংশ গ্ৰহণ কৰি ৰাজ্যবাসীক উদ্দেশ্যে ভাষণ প্ৰদান কৰিব কোবিন্দে৷ সোমবাৰে লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰত উপস্থিত হৈ নমামি বৰাক উপত্যকালৈ যাব ৰাষ্ট্ৰপতিগৰাকীয়ে৷
ৰাষ্ট্ৰপতিগৰ আগমনকলৈ ৰাজ্য চৰকাৰ ব্যাপক ব্যস্ত হৈ পৰিছে৷ আনহাতে বৰাক উপত্যকাৰ তিনি খন জিলাৰ লোক নমামি বৰাক উৎসৱকলৈ ব্যাপক ব্যস্ত হোৱাৰ লগতে উলহ-মালহেৰে উৎসৱত অংশ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ নমামি বৰাক উৎসৱৰ শীৰ্ষ গীতৰ পৰা আৰম্ভ কৰি বহু ক্ষেত্ৰত বিতৰ্কিৰ মাজ সোমাই পৰিলেও ৰাইজে নমামি বৰাক উৎসৱক আকোৱালি লোৱা পৰিলক্ষিত হৈছে৷ বৰাক উপত্যকাৰ সভ্যতা, সংস্কৃতি, পৰম্পৰা, লোক নৃত্য, সাহিত্য বিশ্বৰ আগত দাঙি ধৰাৰ প্ৰয়াস কৰিব নমামি বৰাক উৎসৱৰ জড়িয়তে৷
নমামি বৰাক উৎসৱত দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে অংশ গ্ৰহণ কৰাত উৎসাহী হৈ পৰিছে৷ ৰাষ্ট্ৰপতিগৰাকীয়ে ইটানগৰৰ পৰা শিলচৰত উপস্থিত হোৱাৰ লগতে সন্ধিয়া গুৱাহাটীত উপস্থিত হ’ব৷ সন্ধিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশেষ অনুষ্ঠানত অংশ গ্ৰহণ কৰিব৷ তাৰ পিছত নিশাটো গুৱাহাটীত কটাব ৰাষ্ট্ৰপতিগৰাকীয়ে৷ মঙলবাৰে পুৱাই পত্নী সহিতে ৰাষ্ট্ৰপতিগৰাকীয়ে কামাখ্যা মন্দিৰ দৰ্শন কৰি পূজা কৰিব৷ ২১ নৱেম্বৰত ৰাষ্ট্ৰপতিগৰাকীয়ে মণিপুৰলৈ যাত্ৰা কৰিব আৰু তাত তেওঁ উত্তৰ-পূব উন্নয়ণ পৰিষদৰ অধিবেশনখন উদ্বোধন কৰিব। আনহাতে ৰাষ্ট্ৰপতিগৰাকীয়ে মণিপুৰৰ সাংগাই উৎসৱত সেইদিনাই অংশ গ্ৰহণ কৰিব।
দিল্লীলৈ ওভতাৰ পূৰ্বে ২২ অক্টোবৰত INA WAR MEMORIAL দৰ্শন কৰিব তেও৷ দেশৰ সৰ্বোচ্চ সাংবিধানিক পদত অধিষ্ঠিত হোৱাৰ পিছতে প্ৰথম বাৰ উত্তৰ পূৰ্বাঞ্চলল ভ্ৰমণ কৰে ৰামনাথ কোবিন্দ। শাসকীয় দল ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণাতান্ত্ৰীক মৰ্চাৰ প্ৰক্ষেপিত প্ৰাৰ্থী কোবিন্দে দেশৰ চতুৰ্দশ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিচত প্ৰথম বাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰে৷ দেওবাৰে ৰামনাথ কোবিন্দ লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰত উপস্থিত হয়৷
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষা-বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল জগদীশ মুখীয়ে লীলাবাৰী বিমান বন্দৰত উষ্ম আদৰণি জনায় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক৷ চাৰিদিনৰ কাৰ্যসূচী লৈ উত্তৰ পূৰ্বাঞ্চলত উপস্থিত হোৱা ৰাষ্ট্ৰপতিগৰাকীয়ে লখিমপুৰৰ পৰা পোনে পোনে চুবুৰীয়া ৰাজ্য অৰুণাচললৈ যায়৷ ইটানগৰৰ বিবেকানন্দ কেন্দ্ৰৰ এক বিশেষ অনুষ্ঠানত ভাগ লোৱাৰ উপৰিও অৰুণাচলৰ নতুন বিধান সভাকক্ষত জনসাধাৰণৰ উদ্দেশ্যে উৎসৰ্গা কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে৷ অৰুণাচল বিধানসভাৰ সদস্যসকলক সম্বোধন কৰি এখন বিশেষ অধিবেশনত ভাষণ আগবঢ়ায় ৰাষ্ট্ৰপতিগৰাকীয়ে৷