ডিজিটেল ডেস্কঃ বিলাসপ্ৰিয় আৰু লেহেমীয়া লোকৰ দেশ ভাৰত। দেশৰ চৰকাৰে নাগৰিকক কৰ্মঠ কৰিবলৈ যিমানে আঁচনি ঘোষণা নকৰক কিয় অধিকাংশ জনতাই কিন্তু ধোদ।
দৰাচলতে এতিয়াও পূৰ্বৰ দৰে এচাম লোকক ধৰি নি ধোদৰ আলি বন্ধোৱাৰ দৰে কামত নিয়োগহে দৰকাৰী।মানৱ সম্পদ ব্যৱহাৰৰ বিষয়ে নানা প্ৰচাৰ চলোৱাৰ সময়ত প্ৰকাশ পাইছে ভাৰতীয়ৰ কৰ্মবিমুখ চৰিত্ৰ।
আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ শেহতীয়া সমীক্ষা অনুসৰি পৰিশ্ৰমী দেশৰ তালিকাত ৪৬ ৰাষ্ট্ৰৰ ভিতৰত ভাৰতৰ স্থান হৈছে ৩৯ সংখ্যক।
তথ্যমৰ্মে এজন ভাৰতীয় পুৰুষে প্ৰতিদিনে কাঢ়ে ৪৬০৬ খোজ। এগৰাকী মহিলাই কাঢ়ে মাত্ৰ ৩৬৮৪ খোজ। গড় হিচাপত এই পৰিমাণ ৪২৯৭।
সমীক্ষামতে হংকঙত বাস কৰা লোকসকল অতি ক্ষিপ্ৰ। তেওঁলোকে প্ৰতিদিনে গড় ৬৮৮০ বাৰকৈ ন্যূনতম পদ সঞ্চালন কৰে।
একেদৰে চীন, জাপান, ইউক্ৰেইন আদিৰ লোকে কমেও ৬০০০ বাৰ মাটিত খোজ পেলায়। তালিকাৰ শেষত আছে মুছলমান প্ৰধান দেশ মালয়েছিয়া, ছৌদি আৰৱ আৰু ইণ্ডোনেছিয়া।