গুৱাহাটীঃ উজনি-নামণি, বৰাক উপত্যকাৰ থলুৱা ইছলামধৰ্মীৰ অভিনেতা, সাংবাদিক, সাহিত্যিক, শিক্ষাবিদ, বুদ্ধীজিৱী, ব্যৱসায়ী, দল-সংগঠনৰ নেতা দেওবাৰে একত্ৰিত হ’ব গুৱাহাটী মহানগৰীত৷ সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ তৎপৰতাত দেওবাৰে থলুৱা ইছলামধৰ্মীসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনাৰ বাবে হাজী মোছাফিৰ খানাত দিনৰ ১১ বজাত একত্ৰিত হ’ব৷

আলোচনাত অংশ গ্ৰহণ কৰিব পদ্মশ্ৰী এলি আহমেদ, জ্যেষ্ঠ সাংবাদিক চৈয়দ জাৰিৰ হুচেইন, অসম আন্দোলনৰ নেতা, অধিবক্তা নেকিবুৰ জামান, বিজেপি নেতা মমিনুল আৱাল, ডাঃ ইলিয়াছ আলী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ পইনুৰুদ্দিন, জাতীয় সংগঠনৰ নেতা চহিৰ ভূঞা, হাফিজুল ইছলাম, নুৰুল হ’ক আদিয়ে৷ কেৱল নেতাসকলেই নহয় কংগ্ৰেছ, বিজেপি, অগপৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আছু, অসম সাহিত্য সভাৰ সৈতে জড়িত হৈ থকা থলুৱা ইছলামধৰ্মীৰ নেতা-কৰ্মীসকল একত্ৰিত হ’ব বুলি গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ নেতা চহিদ আলি আহমেদে জানিবলৈ দিয়ে৷

প্ৰতিটো ৰাজনৈতিক দলৰ সৈতে জড়িত হৈ থকা খিলঞ্জীয়া ভুমিপুত্ৰ ইছলামধৰ্মী সকল কাইলৈ ওলাই আহিব। আলোচনা সভাত স্পৰ্শকাতৰ বিষয় আৰু গুৰুত্ব বুজিবলৈ সংগঠনটোৱে সকলোকে উপস্থিত থাকিবলৈ আহ্বান জনায়৷ সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ NRCত খিলঞ্জীয়া ভুমিপুত্ৰ গৰিয়া-মৰিয়া-দেশী, মইমাল, জলহা আদি লোকসকলক প্ৰকৃত বাসিন্দা (Original Inhabitant) হিচাবে অন্তৰ্ভুক্ত কৰাৰ বিষয়টোৰ সন্দৰ্ভত আলোচনাৰ বাবেই মূলত একত্ৰিত হ’ব বুলি কয়৷

সংগঠনটোৱে দীৰ্ঘ সময়ৰ পৰা এই বিষয়ত চৰকাৰক অৱগত কৰি আহিছে যদিও গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে৷ খিলঞ্জীয়া ভুমিপুত্ৰ ইছলামধৰ্মীসকলৰ ভৱিষ্যত প্ৰজন্মৰ বাবে আহি থকা দিনবোৰ অভিশাপ হবলৈ ওলাইছে বুলিও ক্ষোভ ব্যক্ত কৰে সংগঠনটোৱে। খিলঞ্জীয়া ভূমিপুত্ৰ ইছলামধৰ্মীসকলৰ ইতিহাসত এয়াই প্ৰথম খন সভা যত সকলোৱে একত্ৰিত হ’ব একেখন মঞ্চত৷

বছৰ বছৰ ধৰি বঞ্চিত অৱহেলিত ৰাজ্যৰ থলুৱা ইছলামধৰ্মী গৰিয়া, মৰিয়া, দেশী, জলহা আদি জনগোষ্ঠীৰ লোক৷ জনগোষ্ঠীয় পৰিচয় বিচাৰি গৰিয়া মৰিয়া দেশী জনগোষ্ঠীৰ লোকসকলে আজিও প্ৰতিবাদ কৰি আহিব লগা হৈছে৷ স্বাধীনতা আন্দোলন, ভাষা আন্দোলন, অসম আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰা ভূমিপুত্ৰ ইছলামধৰ্মী লোকসকলে বিভিন্ন সময়ত হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে বুলি অভিযোগ উত্থাপন হয়৷