ডিব্ৰুগড়ঃ ৰাজ্যত ভয়ংকৰ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছ ৰোগে।

ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰা নিতৌ নতুন নতুন অঞ্চলত বৃদ্ধি পাইছে এই ৰোগৰ প্ৰাদুৰ্ভাৱ। তিতাবৰত পুনৰ আক্ৰান্ত এজন। 

আক্ৰান্ত জালকনিবাৰীৰ দুৰ্গেশ্বৰ চেতীয়া বুলি জানিব পৰা গৈছে। চেতিয়া বৰ্তমান চিকিত্সাধীন যোৰহাট মিছন হাস্পতালত। ইতিমধ্যে তিতাবৰত মৃত্যু হৈছে ৬ জন লোকৰ। আনহাতে ১০ জনৰো অধিক লোক চিকিৎসাধীন হৈ আছে৷ 

ইফালে, জাপানীজ এনকেফেলাইটিছ ৰোগত ডিব্ৰুগড়তো এজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। ডিব্ৰুগড় জিলাৰ লাহোৱালৰ হাবিচুক গাঁৱৰ নিৰ্মলা মেছ নামৰ এগৰাকী মহিলা মৃত্যু হৈছে। অসম চিকিত্সা মহাবিদ্যালয়ত চিকিত্সাধীন অৱস্থাত বুধবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত ৭২ বছৰীয়া বৃদ্ধ মহিলাগৰাকী শেষ নিশ্বাস ত্যাগ কৰে৷

এই ৰোগ প্ৰতিৰোধৰ বাবে চূড়ান্তভাৱে ব্যৰ্থ হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। এই ৰোগৰ প্ৰাদুৰ্ভাৱ এলেকাসমূহত স্বাস্থ্য বিভাগে ফগিঙৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আনকি সজাগতাৰ বাবেও কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে।