The Statesman
The Statesman

ডিজিটেল ডেস্কঃ টিএমচি অৰ্থাৎ তৃণমূল কংগ্ৰছৰ সৈতে জয়া বচ্চনৰ ঘনিষ্ঠতা বৃদ্ধি হোৱা বুলি প্ৰচাৰ ইতিমধ্যে আৰম্ভ হৈছে৷ একালৰ মোহময়ী বলিউডৰ অভিনেত্ৰী জয়া বচ্চনে সমাজবাদী দলৰ সৈতে সুসম্পৰ্ক আছিল যদিও শেহতীয়াকৈ তৃণমূল কংগ্ৰেছৰ পৰা ৰাজ্যসভাৰ সাংসদ হ’বলৈ ওলোৱা বুলি প্ৰচাৰ হোৱা খবৰে তাৎপৰ্যবহন কৰিছে৷

ইণ্ডিয়ান এক্সপ্ৰেছৰ খবৰ মতে, টিএমচিয়ে পশ্চিম বংগৰ পৰা ৰাজ্যসভালৈ প্ৰেৰণ কৰিব জয়াক৷ তৃণমূল কংগ্ৰেছে পশ্চিম বংগৰ পৰা ৰাজ্য সভাৰ সাংসদ হিচাপে প্ৰেৰণ কৰিব জয়াক এই কথাত মোহৰ মাৰিব মমতা বেনাৰ্জীয়ে৷ জয়াই তৃণমূল কংগ্ৰেছৰ সৈতে সম্পৰ্কত থকা বুলিও চৰ্চা হৈছে৷

পশ্চিম বংগত খালি হ’বলগীয়া ৰাজ্য সভাৰ আসনৰ বাবে প্ৰাৰ্থীৰ নাম তৃণমূল কংগ্ৰেছে ১৮ মাৰ্চত ঘোষণা কৰিব বুলি জানিব পৰা গৈছে৷ ৰাজ্যসভাৰ তিনিবাৰকৈ সদস্য হোৱা জয়া বচ্চনৰ ৰাজ্যসভাৰ কাৰ্যকাল ৩ এপ্ৰিলত অন্ত পৰিব৷ এপ্ৰিলত ৰাজ্যসভাৰ ৫৮ সদস্যৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব৷