ANI
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ সোমবাৰে দেশৰ ১০ টা বিধানসভা সমষ্টি আৰু ৪ টা লোকসভা সমষ্টিত উপ-নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হয়৷ শাসকীয় বিজেপিক পৰাস্ত কৰি অধিকাংশ সমষ্টিতে বিৰোধীয়ে এইবাৰ নিজৰ স্থিতি সবল কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে৷

বিহাৰৰ অন্যতম বিধানসভা সমষ্টি জোকিহাটৰ উপ-নিৰ্বাচনতো বিজেপি-জেডিইউ মিত্ৰ চৰকাৰক নস্যাৎ কৰি লালু প্ৰসাদ যাদৱৰ ৰাষ্ট্ৰীয় জনতা দলে বৃহৎ ভোটত জয়লাভ কৰিবলৈ সক্ষম হয়৷ 

ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰাৰ্থী শ্বাহনৱাজ আলমে নিকটতম প্ৰতিদ্বন্দ্বী জনতা দল ইউনাইটেডৰ মুৰশ্বিদ আলমক প্ৰায় ৩৮ হাজাৰ ভোটত পৰাস্ত কৰে৷ সমষ্টিটোত জেডিইউ প্ৰাৰ্থীয়ে ৩৭,৯১৩ টা ভোট লাভ কৰাৰ বিপৰীতে ৰাষ্ট্ৰীয় জনতা দলে লাভ কৰে ৭৬,০০২ টা ভোট৷ 

উল্লেখ্য যে, জেডিইউৱে লালু প্ৰসাদ যাদৱৰ আৰজেডিৰ সৈতে মিত্ৰতা ভংগ কৰি বিজেপিৰ সৈতে চৰকাৰ গঠন কৰে৷ ৰাজ্যখনত জেডিইউ-বিজেপিয়ে মিত্ৰজোটৰ চৰকাৰ চলাই থকা সময়তে জোকিহাট সমষ্টিত আৰজেডি প্ৰাৰ্থীৰ জয়লাভে চৰকাৰ  চলাই থকা বিজেপি মিত্ৰজোঁটৰ দুৰ্বল কৰি আৰজেডিৰ স্থিতি সবল হোৱা পৰিলক্ষিত হৈছে৷

ইফালে জেডিইউ প্ৰাৰ্থী মুৰশ্বিদ আলমৰ শোচনীয় পৰাজয়ৰ কাৰণে জেডিইউৰ জ্যেষ্ঠ নেতাই মিত্ৰ দল বিজেপিক জগৰীয়া কৰে৷ কেন্দ্ৰৰ বিজেপি চৰকাৰে বিগত প্ৰায় এপষেকত পেট্ৰল-ডিজেলৰ মূল্য অভাৱনীয় বৃদ্ধি কৰি আহিছে৷ যাৰ ফলত সাধাৰণ জনতাই বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰা পৰিলক্ষিত হৈছে৷

পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধিৰ বাবেই জোকিহাট সমষ্টিত জেডিইউয়ে পৰাজয় বৰণ কৰিবলগীয়া হৈছে বুলি মন্তব্য কৰে জেডিইউৰ জ্যেষ্ঠ নেতা কেশী ত্যাগীয়ে৷ ৰাজ্যখনৰ জনতাৰ বিজেপি-জেডিইউ চৰকাৰৰ প্ৰতি আশ্বাস ঘুৰাই আনিবৰ বাবে শীঘ্ৰে পেট্ৰল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰিবলৈ জ্যেষ্ঠ নেতাগৰাকীয়ে বিজেপিক আহ্বান জনায়৷

আনহাতে জোকিহাট সমষ্টিত ৰাষ্ট্ৰীয় জনতা দলৰ বৃহৎ জয়ৰ পিছতেই উৎফুল্লিত হৈ পৰে আৰজেডিৰ নেতা তথা লালু পুত্ৰ তেজস্বী যাদৱে৷ সমষ্টিটোত আৰজেডিৰ বিজয় উৎসৱ পালন কৰি তেজস্বীয়ে কয় যে নীতিশ কুমাৰৰ জেডিইউ দলে জোকিহাট সমষ্টিত এগৰাকী অপৰাধীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল৷ যাৰ ফলত সমষ্টিটোত আৰজেডি প্ৰাৰ্থীয়ে নিশ্চিত সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে৷